Kisan Morcha, BJP Biswanath Dist.

Kisan Morcha, BJP Biswanath Dist. political

বিশ্বনাথ জিলা পৰিষদৰ সন্মানীয়া সভানেত্ৰী শ্ৰীমতী সুনিতা তাঁতী ডাঙৰীয়ানীক ভাৰতীয় জনতা পাৰ্টি, চাহ জনগোষ্ঠী মৰ্চা ৰাজ্যি...
16/07/2026

বিশ্বনাথ জিলা পৰিষদৰ সন্মানীয়া সভানেত্ৰী শ্ৰীমতী সুনিতা তাঁতী ডাঙৰীয়ানীক ভাৰতীয় জনতা পাৰ্টি, চাহ জনগোষ্ঠী মৰ্চা ৰাজ্যিক সমিতিৰ উপ-সভানেত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টি, কিষান মৰ্চা বিশ্বনাথ জিলাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।

তেখেতৰ নেতৃত্বত সংগঠন অধিক শক্তিশালী হোৱাৰ লগতে চাহ জনগোষ্ঠীৰ উন্নয়নত নতুন দিশ উন্মোচিত হওক— এয়ে কামনা থাকিল।

 #অভিনন্দন  #আৰু  #শুভকামনাভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ বিভিন্ন মৰ্চাৰ বাবে ৰাজ্যিক তত্ত্বাবধায়ক  নিযুক্তি লাভ কৰা ...
04/07/2026

#অভিনন্দন #আৰু #শুভকামনা
ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ বিভিন্ন মৰ্চাৰ বাবে ৰাজ্যিক তত্ত্বাবধায়ক নিযুক্তি লাভ কৰা সকলো নেতৃবৃন্দলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা । এই নিযুক্তিসমূহে দলীয় সংগঠনক অধিক সুসংগঠিত, শক্তিশালী আৰু জনমুখী কৰি তোলাত নিশ্চয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
বিশেষকৈ কিষান মৰ্চাৰ ৰাজ্যিক তত্ত্বাবধায়ক হিচাপে শ্ৰী যুত দিগন্ত কলিতা ডাঙৰীয়াই এই গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ বাবে কিষান মৰ্চা বিশ্বনাথ জিলাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন । কৃষক সমাজৰ উন্নয়ন, কৃষকৰ অধিকাৰ সুৰক্ষা আৰু কিষান মৰ্চাৰ সাংগঠনিক ভেটি অধিক মজবুত কৰাৰ ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতা, কৰ্মনিষ্ঠা আৰু নেতৃত্বই নিশ্চয় এক নতুন শক্তি যোগাব। অসমৰ প্ৰতিগৰাকী কৃষকৰ আশা-আকাংক্ষা পূৰণৰ লক্ষ্যৰে তেওঁ সফলতাৰে এই দায়িত্ব পালন কৰিব বুলি আশা ৰাখিছোঁ।
BJP Assam Pradesh

🌱 কৃষকসকললৈ সুখবৰ 🌱অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত "কৃষক পঞ্জীয়ন (Farmer Registry)" ৰ অধীনত বিশ্বনাথ জিলাৰ ক্ষুদ্ৰ চাহ খ...
03/07/2026

🌱 কৃষকসকললৈ সুখবৰ 🌱
অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত "কৃষক পঞ্জীয়ন (Farmer Registry)" ৰ অধীনত বিশ্বনাথ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আনুষ্ঠানিক কৃষক পঞ্জীয়ন কাৰ্যসূচী আজি বৰগাং শঙ্কৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে।
এই অনুষ্ঠানত উপস্থিত আছিল মাননীয় কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী যুত পীয়ুষ হাজৰিকা ডাঙৰীয়া। লগতে উপস্থিত আছিল শোণিতপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰী যুত ৰঞ্জিত দত্ত ডাঙৰীয়া, বিহালী সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী যুত মুনীন্দ্ৰ দাস ডাঙৰীয়া, বিশ্বনাথ জিলাৰ সন্মানীয়া উপায়ুক্ত কৰবী শইকীয়া কৰণ ডাঙৰীয়ানী, বিহালী সমষ্টিৰ প্ৰাক্তন বিধায়ক দিগন্ত ঘাটোৱাল প্ৰমুখ্যে সংক্লিষ্ট বিভাগৰ বহু গণ্য মান্য ব্যক্তি সকল।
এই কৃষক পঞ্জীয়নৰ জৰিয়তে কৃষকসকলে চৰকাৰৰ বিভিন্ন আঁচনি, সুবিধা আৰু ভৱিষ্যতৰ কল্যাণমূলক কাৰ্যসূচীৰ সৈতে সহজে সংযুক্ত হোৱাৰ সুযোগ লাভ কৰিব।

01/07/2026

শ্ৰদ্ধাৰ বিহালী সমষ্টিৰ অন্তৰ্গত সকলো কৃষক বন্ধুসকল, ক্ষুদ্ৰ চাহ খেতিয়ক সকল আৰু কৃষি ক্ষেত্ৰৰ সৈতে জড়িত ৰাইজ। অহা ইং ৩ জুলাই তাৰিখে অসমৰ মাননীয় কৃষি মন্ত্ৰী শ্ৰী যুত পীয়ুষ হাজৰিকা মহোদয়ে বিহালী সমষ্টিলৈ উপস্থিত হৈ কৃষকসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ মত-বিনিময় সভাত মিলিত হ'ব।
উক্ত সভাত কৃষকসকলৰ বিভিন্ন সমস্যা, প্ৰয়োজন আৰু পৰামৰ্শৰ বিষয়ে মন্ত্ৰী মহোদয়ে প্ৰতক্ষভাৱে শুনিব আৰু চৰকাৰৰ ফালৰ পৰা গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত কৰিব।
সভাত বিশেষভাৱে কৃষক পঞ্জীয়নৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ জৰিয়তে কৃষকে লাভ কৰিব পৰা চৰকাৰী সুবিধাসমূহ, কৃষক কল্যাণমূলক আঁচনি আৰু কৃষকসকলৰ বাবে উপলব্ধ বিভিন্ন সহায়-সহযোগিতা, বৰ্তমান চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে বিবেচনা কৰি থকা বিভিন্ন চৰকাৰী সুবিধা, সহায় আৰু কল্যাণমূলক ব্যৱস্থাসমূহ, কৃষি খণ্ডৰ উন্নয়ন, উৎপাদন বৃদ্ধি আৰু কৃষকৰ আয় বৃদ্ধিৰ বাবে চৰকাৰৰ ভৱিষ্যৎ পৰিকল্পনা আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হব। সেয়ে বিহালী সমষ্টিৰ সকলো কৃষক বন্ধুসকল, বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলক উক্ত সভাত সময়মতে উপস্থিত থাকি এই মূল্যৱান সুযোগ গ্ৰহণ কৰিবৰ বাবে আন্তৰিকভাৱে আহ্বান জনোৱা হ'ল।

সময় : দিনৰ ১১ বজা।
স্থান : শঙ্কৰদেৱ প্ৰেক্ষাগৃহ, বৰগাং।

ইতি,
শ্ৰদ্ধাৰে
সুমন শৰ্মা
সভাপতি,
বিজেপি, কিষান মৰ্চা, বিশ্বনাথ জিলা।

বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ ১২ বছৰ উপলক্ষে বিশ্বনাথ জিলাত সফলভাৱে সম্পন্ন হল কৃষক প্ৰশিক্ষণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী।আ...
14/06/2026

বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ ১২ বছৰ উপলক্ষে বিশ্বনাথ জিলাত সফলভাৱে সম্পন্ন হল কৃষক প্ৰশিক্ষণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী।
আজি বৰগাংস্থিত শংকৰদেৱ প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টি, বিশ্বনাথ জিলা কৃষক মৰ্চাৰ উদ্যোগত আৰু অসম চৰকাৰৰ কৃষি বিভাগ/কৃষি বিজ্ঞান কেন্দ্ৰ (KVK)-ৰ সহযোগত “প্ৰাকৃতিক আৰু জৈৱিক খেতি” বিষয়ক কৃষক প্ৰশিক্ষণ কৰ্মশালা আৰু প্ৰদৰ্শনী অনুষ্ঠান সফলভাৱে অনুষ্ঠিত হয়।
অনুষ্ঠানৰ আৰম্ভণিতে এক বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত শোণিতপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰী যুত ৰঞ্জিত দত্ত ডাঙৰীয়া, বিহালী বিধান সভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী যুত মুনীন্দ্ৰ দাস ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টি বিশ্বনাথ জিলাৰ সভাপতি শ্ৰী যুত অসীম কুমাৰ দাস, উপ সভাপতি ক্ষীৰোদ দাস, কিষান মৰ্চা বিশ্বনাথ জিলাৰ সভাপতি সুমন শৰ্মা প্ৰমূখ্যে আন বহু কেইগৰাকী গণ্য- মান্য ব্যক্তি সকলে বৃক্ষ ৰোপণ কৰি পৰিৱেশ সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰে।
ইয়াৰ পিছত প্ৰাকৃতিক আৰু জৈৱিক খেতিৰ বিভিন্ন দিশৰ ওপৰত অভিজ্ঞ কৃষি বিজ্ঞানী নিখিলেশ বৰুৱা ডাঙৰীয়া আৰু ৰুপম বৰা ডাঙৰীয়াই কৃষকসকলক বিশদভাৱে প্ৰশিক্ষণ প্ৰদান কৰে। অনুষ্ঠানত বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৭০০ গৰাকী কৃষকে অংশগ্ৰহণ কৰি আধুনিক, প্ৰাকৃতিক আৰু জৈৱিক কৃষি পদ্ধতিৰ বিষয়ে মূল্যৱান জ্ঞান আহৰণ কৰে।
এই অনুষ্ঠানত ৰাজ্যিক কিষান মৰ্চাৰ উপ সভাপতি ভাস্কৰ হাজৰিকা ডাঙৰীয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মহেন্দ্ৰ বস্নেত ডাঙৰীয়া , বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী সুনীতা তাঁতী ডাঙৰীয়ানীৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকি কৃষকসকলক উৎসাহিত কৰে।

11/06/2026
14/04/2026

Address

Biswanath
Biswanath Chariali
784179

Website

Alerts

Be the first to know and let us send you an email when Kisan Morcha, BJP Biswanath Dist. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share