10/08/2026
#প্ৰসংগ: এন.আৰ.চি সম্পৰ্কীয় গোচৰৰ ১০.০৮.২০২৬ তাৰিখ (সোমবাৰ) ৰ শুনানি। পৰৱৰ্ত্তী শুনানিৰ তাৰিখ ২৮.০৯.২০২৬-
অসমত প্ৰকাশিত এন.আৰ.চি ত নাম অন্তৰ্ভুক্ত হোৱা সকলৰ বাবে ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান আৰু বাদ পৰা সকলৰ আপিল প্ৰক্ৰিয়াৰ বাবে উচ্চতম ন্যায়ালয়ত তিনিটা গোচৰ অৰ্থাৎ WP (C) No.1030/2025 [আমছু], WP (C) No.1026/2025 [সৰ্ব ভাৰতীয় জমিয়ত] আৰু WP (C) No.839/2026 [অসম ৰাজ্যিক জমিয়ত] ৰ শুনানি ১০.০৮.২০২৬ তাৰিখে গ্ৰহণ কৰে;
উচ্চতম ন্যায়ালয়ে দুটা গোচৰ অৰ্থাৎ WP (C) No.1030/2025 [আমছু] আৰু WP (C) No.1026/2025 [সৰ্ব ভাৰতীয় জমিয়ত] ত ১০.১১.২০২৫ তাৰিখে আৰু এটা গোচৰ অৰ্থাৎ WP (C) No.839/2026 [অসম ৰাজ্যিক জমিয়ত] ত ২১.০৭.২০২৬ তাৰিখে কতৃপক্ষলৈ জাননী জাৰি কৰিছিল;
ভাৰতৰ মহাপঞ্চীয়কে WP (C) No.1026/2025 [সৰ্ব ভাৰতীয় জমিয়ত] গোচৰত ০৭.০৫.২০২৬ তাৰিখে শপতনামা দাখিল কৰে। WP (C) No.839/2026 [অসম ৰাজ্যিক জমিয়ত] গোচৰত প্ৰতিপক্ষ হিচাপে অন্তৰ্ভুক্ত হবলৈ হিতেশ দেৱ শৰ্মাই ০৫.০৮.২০২৬ তাৰিখে IA No.228941/2026 দাখিল কৰে;
অসমত প্ৰকাশিত এন.আৰ.চি ৰ পুনৰীক্ষণৰ বাবে দাখিল হোৱা গোচৰ অৰ্থাৎ WP (C) No.740/2025 [হিতেশ দেৱ শৰ্মা] ত উচ্চতম ন্যায়ালয়ে ২২.০৮.২০২৫ তাৰিখে কতৃপক্ষলৈ জাননী জাৰি কৰিছিল;
WP (C) No.740/2025 [হিতেশ দেৱ শৰ্মা] গোচৰত প্ৰয়োজনীয় প্ৰতিপক্ষ হিচাপে অন্তৰ্ভুক্ত হবলৈ আমছুৱে ০৯.০৯.২০২৫ তাৰিখে IA No.225655/2025, সৰ্ব ভাৰতীয় জমিয়তে ০৯.০৯.২০২৫ তাৰিখে IA No.226223/2025 আৰু অসম ৰাজ্যিক জমিয়ত উলামাই ১১.০৯.২০২৫ তাৰিখে IA No.228766/2025 দাখিল কৰে;
১০.০৮.২০২৬ তাৰিখ (সোমবাৰ) ৰ শুনানি:
উচ্চতম ন্যায়ালয়ে ১০.০৮.২০২৬ তাৰিখে তিনিটা গোচৰ অৰ্থাৎ WP (C) No.1030/2025 [আমছু], WP (C) No.1026/2025 [সৰ্ব ভাৰতীয় জমিয়ত] আৰু WP (C) No.839/2026 [অসম ৰাজ্যিক জমিয়ত] ৰ শুনানি গ্ৰহণ কৰি, ভাৰতৰ মহাপঞ্চীয়কে ০৭.০৫.২০২৬ তাৰিখে দাখিল কৰা শপতনামাৰ প্ৰত্যুত্তৰ শপতনামা দাখিল কৰাৰ অনুমতি প্ৰদান কৰাৰ লগতে WP (C) No.740/2025 [হিতেশ দেৱ শৰ্মা] গোচৰ তিনিটা গোচৰৰ লগত টেগ কৰি দিয়ে;
উচ্চতম ন্যায়ালয়ে চাৰিওটা গোচৰৰ পৰৱৰ্ত্তী শুনানি ২৮.০৯.২০২৬ তাৰিখ সোমবাৰে গ্ৰহণ কৰিব।
বিদ্ৰঃ- লিখনিটো মোস্তফা খাদ্দাম হুচেইন ডাঙৰীয়াৰ পৰা কপি কৰা হৈছে।