04/02/2021
*৩/২/২০২১ তাৰিখ।
বিশ্বনাথ জিলাৰ ছাত্র-ছাত্ৰীৰ ৰাজহুৱা যাতায়াত ব্যৱস্থাৰ সমস্যা দুৰ কৰাৰ সন্দৰ্ভত উপায়ুক্ত লৈ স্মাৰক পত্ৰ প্ৰদান দুই সংগঠনৰ।
বিহালী খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে জিলা উপায়ুক্ত মহোদয়ক দৃষ্টিগোচৰ কৰিব বিচাৰিছে যে বিগত দিনকেইটাত বিশ্বনাথ জিলাৰ মহাবিদ্যালয়, বিহালী মহাবিদ্যালয়, জ্ঞানম একাডেমীকে আদি কৰি বিভিন্ন মহাবিদ্যালয়, স্কুলৰ ছাত্র-ছাত্ৰীসকল যাতায়তৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সমস্যা ৰ সন্মুখীন হৈ থকাৰ পৰিলক্ষিত হৈছে। ইয়াৰ কাৰণ হ'ল যে ৰাজহুৱা বাছ সমূহে ছাত্র-ছাত্ৰীসকলক বাছত উঠাৰ ক্ষেত্ৰত বাধা প্রদান কৰি আহিছে। যাৰ ফলত ৰাতিপুৱা শ্ৰেণী আৰম্ভ হোৱাৰ আগত আৰু আবেলি শ্ৰেণী শেষ হোৱাৰ পিছত বিভিন্ন চেন্টাৰত ছাত্র-ছাত্ৰীসকল বাছৰ কাৰণে বোন্দাপৰ দি থাকিবলগীয়া হয়। বহু ঠাইত বাছ নাপাই ৰাতিলৈও ছাত্র-ছাত্ৰীসকল ৰৈ থকা দেখা যায়। বেদেতি, বৰগাং, নাচবৰ, বিশ্বনাথ চাৰিআলি আদি বাছ চেন্টাৰসমূহত বৰ্তমান এই দৃশ্য সূলভ হৈ পৰিছে। সেয়ে মহোদয়ক ছাত্র-ছাত্ৰীৰ যাতায়াত সুনিশ্চিত কৰিবৰ বাবে আমি দুই সংগঠনে দাবী উত্থাপন কৰিছো যে-১। ৫০% অৰ্থাৎ আধা ভাড়াত ছাত্র-ছাত্ৰীসকলৰ ৰাজহুৱা যাতায়ত ব্যৱস্থা সুনিশ্চিত হ'ব লাগে।
২। কোনো বাছে যাতে ছাত্র-ছাত্ৰীক এৰি থৈ নাযায় সেই বিষয়ে জিলা প্ৰশাসনে উচিত ব্যৱস্থা ল'ৱ লাগে।
দুই সংগঠনে দাবী সন্মিলিত স্মাৰক পত্ৰখনত নিখিল ভাৰত ছাত্র সন্থাৰ উপ-সভাপতি জ্যোতিপ্রকাশ বৰা,বিহালী স্নাতক মহাবিদ্যালয়ৰ একতা সভাৰ সাধাৰণ সম্পাদক মৃদুল চৱৰ আৰু বিপ্লৱী যুৱ সন্থাৰ বিশ্বনাথ জিলাৰ মূখ্য আহ্বায়ক পৰিমল গোঁড়ে স্বাক্ষৰ কৰি উপায়ুক্তলৈ প্ৰেৰণ কৰে।