02/03/2026
আজি ভাৰতীয় জনতা পাৰ্টি, বিশ্বনাথ জিলা সংখ্যালঘু মৰ্চাৰ অন্তৰ্গত সাকোমঠা মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা সফলভাৱে অনুষ্ঠিত হয়। উক্ত সভাখনত সাকোমঠা মণ্ডল সংখ্যালঘু মৰ্চাৰ সভাপতি মুৰ্তুজা শেখ ডাঙৰীয়াই সভাপতিত্ব কৰে।
উক্ত সভাখনত অসম প্ৰদেশ সংখ্যালঘু মৰ্চাৰ উপ-সভাপতি ইচাক মহানন্দ ডাঙৰীয়া, বিশ্বনাথ জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰাতুল নাথ ডাঙৰীয়া, সাকোমঠা মণ্ডলৰ সভাপতি ৰঞ্জন ৰায় ডাঙৰীয়া ,বিশ্বনাথ জিলা সংখ্যালঘু মৰ্চাৰ সন্মানীয় সভাপতি মজিবুৰ ৰহমান ডাঙৰীয়া, সাধাৰণ সম্পাদক গহুৰ আলি ডাঙৰীয়া, সম্পাদক দিলোৱাৰ হুছেইন ডাঙৰীয়া, তথ্য আৰু প্ৰযুক্তি কোষৰ আহ্বায়ক মঃ আশ্বিক আলম ডাঙৰীয়াসহ জিলা আৰু মণ্ডল পৰ্যায়ৰ বহুতো কাৰ্যকৰ্তা উপস্থিত থাকে।
সভাখনত সংগঠনৰ ভৱিষ্যৎ কাৰ্যপন্থা, সংগঠন অধিক শক্তিশালীকৰণ আৰু জনসেৱামূলক কাৰ্যসূচীসমূহ ৰূপায়ণ সন্দৰ্ভত বিস্তৃত আৰু গঠনমূলক আলোচনা কৰা হয়। আগন্তুক দিনসমূহত সংখ্যালঘু সমাজৰ কল্যাণৰ বাবে একযোগে, সুসংগঠিতভাৱে কাম কৰাৰ সংকল্প পুনৰ দৃঢ় কৰা হয়।
BJP Assam PradeshBJP Minority Morcha Assam PradeshBJP Biswanath DistrictBiswanath Mandal Minority Morcha BJPHimanta Biswa SarmaDilip Saikia