Office of the BEEO & BMC, Golaghat West Block , Bokakhat

Office of the BEEO & BMC, Golaghat West Block , Bokakhat DEPARTMENT OF SCHOOL EDUCATION
Govt. of Assam

05/09/2026
01/09/2026
আজি পৱিত্ৰ ৰক্ষাবন্ধন উৎসৱ উপলক্ষে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়,বোকাখাতৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীসকলে শিক্ষয়িত্ৰী সহ আমাৰ ক...
28/08/2026

আজি পৱিত্ৰ ৰক্ষাবন্ধন উৎসৱ উপলক্ষে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়,বোকাখাতৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীসকলে শিক্ষয়িত্ৰী সহ আমাৰ কাৰ্যালয়লৈ আহি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ লগতে সকলো কৰ্মচাৰীক ৰাখী পিন্ধাই মৰম, সন্মান আৰু ভাতৃত্ববোধৰ সুন্দৰ নিদৰ্শন দাঙি ধৰে। ছাত্ৰীসকলৰ এই আন্তৰিক প্ৰচেষ্টাই ৰক্ষাবন্ধনৰ পৱিত্ৰ তাৎপৰ্যক অধিক অৰ্থৱহ কৰি তোলে।

এই সুন্দৰ উদ্যোগৰ বাবে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী, শিক্ষক - শিক্ষয়িত্ৰী তথা সমূহ কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদ আৰু লগতে সকলোলৈকে ৰক্ষাবন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰা হ'ল।

আজি ইংৰাজী ১৬ আগষ্ট ২০২৬ তাৰিখ দেওবাৰে   অসম চৰকাৰৰ সন্মানীয়  #শিক্ষামন্ত্ৰী  শ্ৰদ্ধাৰ ডা° ৰণোজ পেগু ছাৰ গোলাঘাট জিলাত উ...
16/08/2026

আজি ইংৰাজী ১৬ আগষ্ট ২০২৬ তাৰিখ দেওবাৰে অসম চৰকাৰৰ সন্মানীয় #শিক্ষামন্ত্ৰী শ্ৰদ্ধাৰ ডা° ৰণোজ পেগু ছাৰ গোলাঘাট জিলাত উপস্থিত হৈ বোকাখাত সমষ্টিৰ বানাক্ৰান্ত নিম্নোক্ত বিদ্যালয়সমূহ পৰিদৰ্শন কৰে৷
✅ গোলাঘাট পশ্চিম খণ্ড বোকাখাতৰ —
▪️মহুৰামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়
▪️বংকুৱাল হাইস্কুল
▪️গৰৈমাৰী হাইস্কুল
▪️বংকুৱাল চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়
▪️নিকৰি বৰতল প্ৰাথমিক বিদ্যালয়

বিদ্যালয়সমূহৰ আন্তঃগাঁথনি, শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ্থীসকলৰ ওপৰত বানপানীৰ প্ৰভাৱ সন্দৰ্ভত সংশ্লিষ্ট শিক্ষক-কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ স্বাভাৱিক শৈক্ষিক পৰিৱেশ শীঘ্ৰে পুনৰ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়ে। এই কাৰ্যত বোকাখাত সমজিলা আয়ুক্ত সন্মানীয় সুজাতা গগৈ(ACS) বাইদেউ, সহকাৰী আয়ুক্ত তথা দণ্ডাধীশদ্বয় অভিলাষ দাস(ACS)ছাৰ আৰু অংকিতা বৰুৱা (ACS)বাইদেউ ইত্যাদি প্ৰশাসনিক বিষয়া সকলৰ উপৰিও শিক্ষা বিভাগৰ হৈ গোলাঘাট জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক(Inspector of Schools) তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া(DEEO) শ্ৰদ্ধাৰ মদন পেগু(AES) ছাৰ আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়া (BEEO)গোলাঘাট পশ্চিম খণ্ড,বোকাখাতৰ বিজুমণি নেওগ বাইদেৱে সহযোগিতা আগবঢ়ায়৷

বোকাখাত সমজিলা প্ৰশাসনৰ উদ্যোগত উদযাপিত দেশৰ  #৮০ সংখ্যক স্বাধীনতা দিৱস ২০২৬ ৰ কাৰ্যসূচী অনুসৰি বিয়লি ৫:৩০ বজাত চৰকাৰী ক...
15/08/2026

বোকাখাত সমজিলা প্ৰশাসনৰ উদ্যোগত উদযাপিত দেশৰ #৮০ সংখ্যক স্বাধীনতা দিৱস ২০২৬ ৰ কাৰ্যসূচী অনুসৰি বিয়লি ৫:৩০ বজাত চৰকাৰী কাৰ্যালয়,শিক্ষানুষ্ঠান, ৰাজহুৱা প্ৰতিষ্ঠান আদিত বন্তি প্ৰজ্বলন।
এই কাৰ্যসূচী মৰ্মে কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দই মিলি আমাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়,গোলাঘাট পশ্চিম খণ্ড, বোকাখাত ত বন্তি প্ৰজ্বলন কৰে৷

🇮🇳সকলোলৈকে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো 🇮🇳 সমগ্ৰ দেশৰ লগতে  খণ্ড প্ৰাথমিক শিক্ষা বিষয়া তথা খণ্ড মিছন সম...
15/08/2026

🇮🇳সকলোলৈকে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো 🇮🇳
সমগ্ৰ দেশৰ লগতে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া তথা খণ্ড মিছন সমন্বয়কৰ কাৰ্যালয়, গোলাঘাট পশ্চিম খণ্ড, বোকাখাতত দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়৷
দেশপ্ৰেম, ঐক্য আৰু ৰাষ্ট্ৰীয় চেতনাৰে উদ্ভাসিত এই পৱিত্ৰ দিনটোত দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া অগণন বীৰ-বীৰাংগনাক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।
🇮🇳 জয় হিন্দ!
🇮🇳 বন্দে মাতৰম!

Address

Ward No. 4
Bokakhat

Website

Alerts

Be the first to know and let us send you an email when Office of the BEEO & BMC, Golaghat West Block , Bokakhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share