MLA Office Bokakhat

MLA Office Bokakhat Official Page of Member of the Legislative Assembly (MLA) Office Bokakhat. Assam

07/08/2026
07/08/2026
07/08/2026
ধনশিৰি বান্ধৰ সিঙাদৰীয়া–কুৰুৱাবাহী অংশত বান আৰু খহনীয়াৰ আশংকা হ্ৰাস কৰাৰ লক্ষ্যৰে সুৰক্ষা ব্যৱস্থা অব্যাহত আছে। বান্ধ শক...
07/08/2026

ধনশিৰি বান্ধৰ সিঙাদৰীয়া–কুৰুৱাবাহী অংশত বান আৰু খহনীয়াৰ আশংকা হ্ৰাস কৰাৰ লক্ষ্যৰে সুৰক্ষা ব্যৱস্থা অব্যাহত আছে। বান্ধ শক্তিশালী কৰাৰ উদ্দেশ্যে জিঅ'বেগ প্ৰস্তুত আৰু স্থাপন, জিঅ'শ্বিট বিছোৱা, স্থান পৰিষ্কাৰ কৰা, লগতে PSC Porcupine স্থাপনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাইজৰ সুৰক্ষাক সৰ্বাধিক গুৰুত্ব দি এই কামসমূহ দ্ৰুতগতিত আগবঢ়াই নিয়া হৈছে।

07/08/2026

আমাক সকলোকে বস্ত্ৰেৰে সজাই তোলা প্ৰতিগৰাকী কষ্টসহিষ্ণু শিপিনী আৰু হস্ততাঁত শিল্পৰ সৈতে জড়িত সদৌটিলৈ "ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস"ত জনাইছোঁ গভীৰ কৃতজ্ঞতা আৰু আন্তৰিক শুভেচ্ছা।

আমাৰ দেশৰ চহকী সংস্কৃতি, ঐতিহ্য আৰু শিপিনীসকলৰ অপূৰ্ব শিল্পকলা উদ্‌যাপন কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে পালন কৰা এই দিৱসে আমাক থলুৱা সামগ্ৰীৰ ব্যৱহাৰ আৰু হস্ততাঁত শিল্পক প্ৰসাৰিত কৰিবলৈ প্ৰেৰণা যোগায়।

আহক, আমি সকলোৱে আমাৰ থলুৱা হস্ততাঁত শিল্পক আদৰি লওঁ আৰু "ভ'কেল ফ'ৰ ল'কেল" ধাৰণাক আগবঢ়াই নিয়াত অৰিহণা যোগাওঁ...

বোকাখাতৰ ধোদাং গাঁও নিৱাসী নোমল শইকীয়া আৰু বাদুলীপাৰ নিৱাসী হিমাদ্ৰী ভট্টাচাৰ্যই কিছুদিন পূৰ্বে বাঢ়নী পানীত আকস্মিকভাৱে...
06/08/2026

বোকাখাতৰ ধোদাং গাঁও নিৱাসী নোমল শইকীয়া আৰু বাদুলীপাৰ নিৱাসী হিমাদ্ৰী ভট্টাচাৰ্যই কিছুদিন পূৰ্বে বাঢ়নী পানীত আকস্মিকভাৱে মৃত্যুমুখত পৰে।

আজি মাননীয় মন্ত্ৰী তথা বোকাখাত সমষ্টি বিধায়ক শ্ৰী অতুল বৰা ডাঙৰীয়াই প্ৰয়াত দুয়োগৰাকী ব্যক্তিৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে আৰু চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা ৪ লাখ টকাৰ এককালীন আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। প্ৰয়াত দুয়োগৰাকী ব্যক্তিৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই।

এই সময়ত মন্ত্ৰী গৰাকী সৈতে বোকাখাত সমজিলাৰ সমজিলা আয়ুক্ত শ্ৰীমতী সুজাতা গগৈ, ৰাজহ চক্ৰ বিষয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

আজি মাননীয় মন্ত্ৰী তথা বোকাখাত সমষ্টি বিধায়ক শ্ৰী অতুল বৰা ডাঙৰীয়াই বোকাখাত সমষ্টি অন্তৰ্গত বোকাখাত নগৰৰ ৪ নং আৰু ৯ নং ৱ...
06/08/2026

আজি মাননীয় মন্ত্ৰী তথা বোকাখাত সমষ্টি বিধায়ক শ্ৰী অতুল বৰা ডাঙৰীয়াই বোকাখাত সমষ্টি অন্তৰ্গত বোকাখাত নগৰৰ ৪ নং আৰু ৯ নং ৱাৰ্ডত কৃত্ৰিম বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি ৪ নং ৱাৰ্ডৰ বিভিন্ন স্থানত মন্ত্ৰী গৰাকীৰে পৰিদৰ্শন কৰে। এই সমস্যাৰ এক দীৰ্ঘম্যাদী সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

শিক্ষাই হৈছে এটা জাতিৰ প্ৰগতি, স্বাৱলম্বিতা আৰু আত্মমৰ্যাদাৰ মূল ভেটি।মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ...
06/08/2026

শিক্ষাই হৈছে এটা জাতিৰ প্ৰগতি, স্বাৱলম্বিতা আৰু আত্মমৰ্যাদাৰ মূল ভেটি।

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত অসম চৰকাৰে গ্ৰহণ কৰা ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি'খনে কন্যা সন্তানৰ শৈক্ষিক উত্তৰণ, আত্মবিশ্বাস বৃদ্ধি আৰু সামাজিক সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে। অকল ‘নিযুত মইনা’ই নহয়, আমাৰ ছাত্ৰসকলকো উচ্চ শিক্ষাৰ প্ৰতি অধিক আগ্ৰহী আৰু উৎসাহিত কৰি তুলিবলৈ ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ সবলীকৰণত গুৰুত্ব আৰোপ কৰা হৈছে।

আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা’ আৰু ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু’ আঁচনিৰ ২০২৬-২৭ শিক্ষাবৰ্ষৰ আবেদন-পত্ৰ বিতৰণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

আজি বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰপৰা এই অনুষ্ঠানত মাননীয় মন্ত্ৰী তথা বোকাখাত সমষ্টি বিধায়ক শ্ৰী অতুল বৰা ডাঙৰীয়া ভাৰ্চুৱেলী সংযুক্ত হয় আৰু মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ বাবে আঁচনি দুখনৰ আবেদন-পত্ৰ বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে।

'মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি'ৰ অধীনত বোকাখাত সমষ্টিৰ মুঠ ১১খন শিক্ষানুষ্ঠানৰ ৩,৪২৪ গৰাকী শিক্ষাৰ্থীয়ে সুবিধা লাভ কৰিব। একেদৰে, 'নিযুত বাবু আঁচনি'ৰ অধীনত ৪খন শিক্ষানুষ্ঠানৰ ১,১০৪ গৰাকী শিক্ষাৰ্থীয়ে সুবিধা লাভ কৰিব।

এই দুয়োখন আঁচনিয়ে শিক্ষাৰ পোহৰ বিলাই আমাৰ যুৱ সমাজক আত্মবিশ্বাসী, দক্ষ আৰু স্বাৱলম্বী ভৱিষ্যতৰ দিশে আগুৱাই নিয়াত নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আমাৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে যাতে আৰ্থিক অসুবিধাৰ বাবে শিক্ষাৰপৰা বঞ্চিত নহয়, সেই লক্ষ্যৰ দিশে এই আঁচনিদ্বয়ে এক শক্তিশালী ভেটি গঢ়ি তুলিছে।

এই সুদূৰপ্ৰসাৰী আৰু জনকল্যাণমুখী পদক্ষেপৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন জনাই ।

মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ অনুষ্ঠানটিত বানপীড়িত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৭৯৩খন বিদ্যালয়লৈ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে ১৫.৮৬ কোটি টকাৰ আৰ্থিক সাহায্য আনুষ্ঠানিকভাৱে মুকলি কৰে। লগতে, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ২১,০২৫ গৰাকী শিক্ষাৰ্থীৰ শিক্ষা সামগ্ৰী ক্ৰয়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৪.২৬ কোটিতকৈ অধিক টকাৰ সাহায্য বিতৰণৰো শুভাৰম্ভ কৰে।

বোকাখাতৰ অনুষ্ঠানটিত বোকাখাত সমজিলাৰ সমজিলা আয়ুক্ত শ্ৰীমতী সুজাতা গগৈ, জে ডি এছ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈ প্ৰমুখ্যে মহাবিদ্যালয়ৰ উপাধ্যক্ষ, অন্যান্য বিশিষ্ট ব্যক্তিসকল, সংশ্লিষ্ট বিভাগৰ বিষয়া, শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে।

Address

Pubjyotipur, Ward 9 , Bokakhat Town, Near Tesco Resort
Bokakhat
785612

Website

Alerts

Be the first to know and let us send you an email when MLA Office Bokakhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category