23/10/2025
২৩ অক্টোবৰ, ২০২৫
#এবিএমছুৰ পঞ্চদশ বাৰ্ষিক শ্বহীদ দিৱসঃ
বি.টি.চি অঞ্চলৰ সংখ্যালঘু জনগণৰ দুঃসময়ত সময়ক প্ৰশ্ন সুধি জবাবদিহি কৰাৰ অদম্য সাহস বুকুত বান্ধি এজাক দৃঢ়মনা যুৱ-ছাত্ৰৰ নেতৃত্বত ২০০৫ চনৰ ১০ এপ্ৰিল তাৰিখে কোকৰাঝাৰৰ জয়পুৰ এম.ই মাদ্ৰাছা প্ৰাঙ্গণত সংখ্যালঘু জনগণৰ ন্যায়,নিৰাপত্তা আৰু অধিকাৰ সাব্যস্তকৰণ আৰু সামগ্ৰিক বিকাশৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি জন্ম হৈছিল সদৌ বি.টি.চি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ।
২০১০ চনৰ ২২ আৰু ২৩ অক্টোবৰ তাৰিখে তামুলপুৰৰ কুমাৰীকাটাত অনুষ্ঠিত এবিএমছুৰ কেন্দ্ৰীয় অধিৱেশনৰ পৰা উভতি অহা সময়ত ৰঙিয়া তিনিআলিত এক উগ্ৰ সাম্প্ৰদায়িক শক্তিৰ প্ৰৰোচনা আৰু ষড়যন্ত্ৰত সংঘটিত এক ঘটনাৰ আলম লৈ আৰক্ষীয়ে চলোৱা বৰ্বৰ গুলীচালনাত তামুলপুৰৰ খন্দিকৰৰ আব্দুল ফজল, চিৰাঙৰ নাঙলভাঙাৰ আমজাদ আলী আৰু নুৰুল ইছলাম আকন্দে বুকুত বন্দুকৰ গুলী পাতি লৈ প্ৰাণাহুতি দি কেঁচা শোণিতেৰে এবিএমছুৰ সোণোৱালী ইতিহাস লিখিলে। তদানীন্তন এবিএমছুৰ কেন্দ্ৰীয় সমিতিয়ে তিনিওজনকে এবিএমছুৰ জাতীয় শ্বহীদ হিচাপে ঘোষণা কৰিলে আৰু শ্বহীদৰ পৱিত্ৰ স্মৃতিত ২৩ অক্টোবৰ তাৰিখটো এবিএমছুৰ শ্বহীদ দিৱস হিচাপে পালন কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
২০১২ চনত বি.টি.চি এলেকাত সংঘটিত
গোষ্ঠী- সংঘৰ্ষৰ কঠিন সময়ত জাতীয় দায়িত্ব পালন কৰি থকা অৱস্থাত কোকৰাঝাৰৰ ফকিৰাগ্ৰামৰ এবিএমছু কৰ্মী আতোৱাৰ ৰহমান, চালাকাটিৰ এবিএমছু কৰ্মী কাছেম আলী আৰু বিজনীৰ এবিএমছু কৰ্মী হাছেন আলীয়ে দুৰ্বৃত্তৰ হাতত প্ৰাণাহুতি দিয়ে আৰু তেওলোককো জাতীয় শ্বহীদ হিচাপে ঘোষণা কৰা হয়।
ঘাত-প্ৰতিঘাতেৰে ভৰা এবিএমছুৰ সংগ্ৰামী যাত্ৰাত আৰম্ভণিৰে পৰা সন্মুখৰ পৰা অন্যতম নেতৃত্ববহনকাৰী এবিএমছুৰ তদানীন্তন সভাপতি প্ৰতিবাদী সত্ত্বা শ্বহীদ লাফিকুল ইছলাম আহমেদক কোকৰাঝাৰ চহৰৰ মাজমজিয়াত আততায়ীয়ে ১২ টাকৈ তপত গুলীৰে থকা-সৰকা কৰি দিনদুপৰতে হত্যা কৰিলে।
এবিএমছুৰ সংগ্ৰামী গতি ৰূদ্ধ কৰি দিয়াৰ চেষ্টা বহুবাৰ চলিছে। কিন্তু সংগ্ৰামী যাত্ৰাত প্ৰাণাহুতি দিয়া প্ৰতিজন শ্বহীদৰ ওচৰত সংগ্ৰামখন আপোচবিহীনভাৱে আগবঢ়াই নিয়াৰ সংকল্পৰে প্ৰতিজন এবিএমছু কৰ্মী দায়বদ্ধ। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অবিৰতভাৱে সংগ্ৰামখন আপোচবিহীনভাৱে আগবাঢ়িব।
একাদশ বাৰ্ষিক শ্বহীদ দিৱসৰ পবিত্ৰ প্ৰাকক্ষণত প্ৰতিজন শ্বহীদক শ্ৰদ্ধাৰে সুঁৱৰিছো।
এই বলিদান চিৰযুগমীয়া।
জয়তু এবিএমছু।