16/08/2026
আমাৰ সকলোৰে শ্ৰদ্ধাৰ, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, 'ভাৰত ৰত্ন' অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আছিল নৱ ভাৰতৰ নিৰ্মাণৰ এগৰাকী অন্যতম মুখ্য খনিকৰ।
ভাৰতৰ গৌৰৱ, স্বাভিমান আৰু সমৃদ্ধিক বিশ্বদৰবাৰত সুদৃঢ় কৰাৰ দৃঢ় সংকল্পৰে তেখেতে নিজৰ অদম্য ইচ্ছাশক্তি, দূৰদৰ্শী নেতৃত্ব আৰু উচ্চ আদৰ্শৰে অত্যন্ত কঠিন সময়তো দেশক সফলতাৰে পৰিচালনা কৰিছিল। তেখেত কেৱল এজন সফল ৰাজনীতিবিদেই নাছিল, আছিল এজন উদাৰমনা কবি, মহান বক্তা আৰু অগণন ভাৰতীয়ৰ হিয়াৰ আমঠু নেতা।
পোখৰানৰ ঐতিহাসিক পাৰমাণৱিক পৰীক্ষাৰ জৰিয়তে বিশ্বৰ বুকুত ভাৰতৰ শক্তিশালী আত্মপ্ৰকাশ সুনিশ্চিত কৰাৰ পৰা আৰম্ভ কৰি ‘স্বৰ্ণিম চতুৰ্ভুজ’ আঁচনিৰে সমগ্ৰ দেশৰ আন্তঃগাঁথনিৰ অভূতপূৰ্ব বিকাশ আৰু ‘অন্ত্যোদয়’ৰ সংকল্পৰে সমাজৰ শেষৰজন ব্যক্তিৰ কল্যাণলৈকে অটলজীয়ে অৰ্পিত প্ৰতিটো পদক্ষেপেই ভাৰতীয় প্ৰগতিৰ ইতিহাসত স্বৰ্ণাক্ষৰে লিখা ৰ’ব।
আজি এইগৰাকী মহান আত্মাৰ পুণ্যতিথিত তেখেতৰ স্মৃতিৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ মহান আদৰ্শ, দেশপ্ৰেম আৰু সৱল নেতৃত্বই আমাক চিৰকাল সত্য আৰু সেৱাৰ পথত আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰি ৰাখিব।
Dilip Saikia
BJP Assam Pradesh
Ravindra Raju
Himanta Biswa Sarma