01/06/2026
কলিকতাত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি অসম, পশ্চিম বংগ আৰু ত্ৰিপুৰা প্ৰদেশৰ 'পণ্ডিত দীনদয়াল প্ৰশিক্ষণ মহাঅভিযান'ৰ এদিনীয়া বৰ্গত অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত দলৰ কাৰ্যকৰ্তাসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
এই গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ বৰ্গটিত মাননীয় ৰাষ্ট্ৰীয় সহ সাংগঠনিক সম্পাদক শ্ৰীযুত শিৱ প্ৰকাশ ডাঙৰীয়া আৰু মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰীযুত সুনীল বানচাল ডাঙৰীয়া উপস্থিত থাকি দলীয় কাৰ্যকৰ্তাসকলক বিশেষভাৱে মাৰ্গদৰ্শন কৰে।
উল্লেখ্য যে, দলীয় সংগঠনৰ ভেটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে অহা মাহৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক স্তৰৰ পৰা আৰম্ভ কৰি মণ্ডল তথা বুথ স্তৰলৈকে ব্যাপক ৰূপত 'নিৱাসী প্ৰশিক্ষণ বৰ্গ' অনুষ্ঠিত কৰা হ’ব।
BJP Assam Pradesh
Narendra Modi
Dilip Saikia
Himanta Biswa Sarma