22/09/2023
পোষণ মাহ ২০২৩
তাৰিখ-২২ছেপ্টেম্বৰ,২০২৩
বঙাইগাঁৱত পোষণ মাহৰ জিলা পৰ্যায়ৰ প্ৰদৰ্শনী
বঙাইগাঁও,২২ছেপ্টেম্বৰ: সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বঙাইগাঁও জিলাতো মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত ষষ্ঠ ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰি থকা হৈছে।যোৱা ৭ছেপ্টেম্বৰ তাৰিখে জিলাখনত আনুষ্ঠানিকভাৱে পোষণ মাহ শুভাৰম্ভ কৰা হৈছিল।জিলাখনৰ পাঁচটা সংহত শিশু বিকাশ কেন্দ্ৰ ক্ৰমে ডাংতল,মাণিকপুৰ,সৃজনগ্ৰাম,টাপাট্টাৰী আৰু বইটামাৰী কেন্দ্ৰত ইতিমধ্যে পোষণ মাহ উপলক্ষ্যে ঘৰতে সহজে পাব পৰা খাদ্য সামগ্ৰীৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰি মহিলাসকল আৰু শিশুসকলৰ পৰিপুষ্টিৰ ব্যৱস্থা কৰিব পাৰি বুলি গাঁৱৰ মহিলাসকলক বুজোৱা হৈছে।আমি আমাৰ চাৰিওফালৰ পৰিৱেশত পোৱা খাদ্য সামগ্ৰীৰে আমাৰ পৰিপুষ্টি সাধন কৰিব পাৰো-এই কথাই বুজাই দিয়া হৈছে গাঁৱৰ মহিলাসকলক।আজি জিলা পৰ্যায়ত বঙাইগাঁও গান্ধী ময়দানত এনেকুৱা এখন প্ৰদৰ্শনী উদ্বোধন কৰে অতিৰিক্ত জিলা আয়ুক্ত(সমাজ কল্যাণ)নিৰ্মালি বৰুৱাই।তেওঁ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰি কয় যে আমি বজাৰত পোৱা ব্যয়বহুল সামগ্ৰী কিনিব নোৱাৰিলেও চাৰিওফালৰ প্ৰকৃতিৰ পৰা পুষ্টিকৰ উপাদানসমূহ আহৰণ কৰিব পাৰো।মানিমুনি,ভেদাইলতা,নৰসিংহ,কলফুল,ঢেকীয়া আদিৰ পৰাও খাদ্যপ্ৰাণ,ভিটামিন আদি পাব পাৰো।কিন্তু আমি এইবোৰ সহজতে পোৱা বাবে গুৰুত্ব দিব নোখোজো।এনেধৰনৰ উপাদানৰ প্ৰতি সজাগ কৰাটোৱেই আজিৰ প্ৰদৰ্শনীৰ মুখ্য উদ্দেশ্য। সম্প্ৰতি চৰ্চা হোৱা মিলেটৰ খাদ্যগুণ সম্পৰ্কতো এই প্ৰদৰ্শনীত উপস্থাপন কৰা হয় যিটোৰ খাদ্যগুণ উল্লেখনীয়।
আজিৰ এই প্ৰদৰ্শনীখন মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত তথা কৃষি বিভাগ, অসম মিলেট মিছন, বঙাইগাঁও তথা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত কৰা হয়।
এই বছৰৰ পোষণ মাহৰ বিষয় হৈছে "সুপোষিত ভাৰত,সাক্ষৰ ভাৰত,সশক্ত ভাৰত"।
আজিৰ জিলা পৰ্যায়ৰ প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত জিলা সমাজ কল্যাণ বিষয়া জয়ন্ত দাস,জিলা সমন্বয়ক জিতেন্দ্ৰ দাস, খণ্ড সমন্বয়কসকল ,মাণিকপুৰ , দাংতল, সৃজনগ্ৰাম সংহত শিশু বিকাশ কেন্দ্ৰৰ বিষয়া, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়া ,মহিলা আৰু শিশু বিকাশ বিভাগৰ মহিলা সবলীকৰণ কেন্দ্ৰৰ সমন্বয়ক বৰ্ষা ৰায়, কৌশিকা লহকৰ, দীতি মনি দাস, চুপাৰভাইজাৰসকল আৰু অংগনৱাডী কৰ্মীসকল উপস্থিত থাকে।
ইয়াৰ লগতে, বঙাইগাঁও জিলাৰ টাপাট্টাৰী সংহত শিশু বিকাশ প্ৰকল্পৰ অধীনৰ ১১৬ নং অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীয়ে ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৩ৰ লগত সংগতি ৰাখি অসম চৰকাৰ আৰু মহিলা আৰু শিশু বিকাশ বিভাগৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত নিৰ্মাণ হৈ থকা মডেল অংগনবাড়ী কেন্দ্ৰ জনসাধাৰণৰ মাজত প্ৰচাৰৰ বাবে থলুৱা আৰু পেলনীয়া সামগ্ৰীৰ সহায়ত মডেল অংগনবাড়ী কেন্দ্ৰৰ এক আৰ্হি প্ৰস্তুত কৰি আজি অনুষ্ঠিত হোৱা জিলা পৰ্যায়ৰ পোষণ মাহৰ বিষয়বস্তু সমূহৰ প্ৰদৰ্শনী অনুষ্ঠানত প্ৰদৰ্শন কৰে।
উক্ত আৰ্হি কেন্দ্রটোত অংগনবাড়ী কেন্দ্ৰৰ দৈনন্দিন কাৰ্যকলাপ, বিভাগীয় সকলো আঁচনিৰ সজাগতা, পোষণ বাটিকা, যোগাসন লগতে শেহতীয়াকৈ হৈ যোৱা এক কৌটি গছপুলি ৰোপণ (অমৃত বৃক্ষ) ৰ নমুনা ধুনীয়াকৈ প্ৰতিফলিত কৰে।
অনুষ্ঠানৰ শেষত মডেল অংগনবাড়ী কেন্দ্ৰৰ আৰ্হিটো মহিলা আৰু শিশু বিকাশ বিভাগৰ ফালৰ পৰা বঙাইগাঁও জিলাৰ মাননীয় জিলা আয়ুক্ত মহোদয়ৰ হাতত অৰ্পণ কৰা হয়।