01/09/2026
🎓 মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি:
আজি বঙাইগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত মাননীয় মুখ্যমন্ত্ৰী ডা° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 'মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা' আঁচনিৰ ডি.বি.টি. সম্পৰ্কীয় ভি.চি. অনুষ্ঠিত হয়।
এই আঁচনিৰ জৰিয়তে ২০২৫ চনত স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি আৰু দক্ষতা বিকাশৰ বাবে প্ৰতি মাহে ২,৫০০ টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে। এই সাহায্য লাভ কৰাৰ পাছতো উচ্চ শিক্ষা অব্যাহত ৰখাত কোনো বাধা নাথাকিব। কাৰ্যসূচীত জিলা প্ৰশাসনৰ বিষয়া আৰু ১০০ গৰাকী ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।