দৰং জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন “আমছু”

  • Home
  • India
  • Darrang
  • দৰং জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন “আমছু”

দৰং জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন “আমছু” ঘৰে ঘৰে শিক্ষা
তেতিয়া হে ৰক্ষা- আমছু

শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।শিক্ষকসকলেই সমাজৰ পথপ্ৰদৰ্শক, জ্ঞানৰ পোহৰ বিলোৱা মহান ব্যক্তিত্ব। তেওঁলোকৰ অক...
04/09/2026

শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।

শিক্ষকসকলেই সমাজৰ পথপ্ৰদৰ্শক, জ্ঞানৰ পোহৰ বিলোৱা মহান ব্যক্তিত্ব। তেওঁলোকৰ অক্লান্ত পৰিশ্ৰম, ত্যাগ আৰু নিষ্ঠাৰ বাবেই আমাৰ জীৱন গঢ় লৈ উঠে আৰু ভৱিষ্যৎ উজ্জ্বল হয়।

আজি শিক্ষক দিৱসৰ এই পৱিত্ৰ ক্ষণত সকলো শিক্ষক-শিক্ষয়িত্ৰীলৈ জনাইছোঁ গভীৰ শ্ৰদ্ধা, কৃতজ্ঞতা আৰু শুভকামনা।

🌹 Happy Teachers' Day 🌹

সকলো শিক্ষক-শিক্ষয়িত্ৰীলৈ আন্তৰিক শুভেচ্ছা।

🚩 কোনাকাটাপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষক আছাদুল্লাহ ফাৰুকীক বদলি কৰাৰ দাবীত আমছুৰ প্ৰতিবাদসদৌ অসম সংখ্যালঘু...
25/08/2026

🚩 কোনাকাটাপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষক আছাদুল্লাহ ফাৰুকীক বদলি কৰাৰ দাবীত আমছুৰ প্ৰতিবাদ

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা (আমছু)-এ কোনাকাটাপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষক আছাদুল্লাহ ফাৰুকীৰ তাৎক্ষণিক বদলিৰ দাবী জনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

অভিযোগ অনুসৰি প্রধান শিক্ষকজনে অভিভাৱক, ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় জনসাধাৰণৰ সৈতে অসৌজন্যমূলক আচৰণ কৰি আহিছে। বিদ্যালয় পৰিচালনা সমিতি (SMC) গঠন প্ৰক্ৰিয়াতো চৰকাৰী নিৰ্দেশনা আৰু নিয়ম-নীতি উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

আমছুৰ মতে, বিদ্যালয়খনত সুস্থ শৈক্ষিক পৰিবেশ পুনৰ প্ৰতিষ্ঠা কৰিবলৈ আৰু ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ প্রধান শিক্ষকজনক অতিশীঘ্ৰে অন্য স্থানলৈ বদলি কৰা অতি প্ৰয়োজন।

উক্ত বিষয়ত শিক্ষা বিভাগক অবিলম্বে তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমছুৱে জোৰ দাবী জনাইছে।

25/08/2026

কোনাকাটাপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান M.M আছাদুল্লাহ ফাৰুকীৰ পদত্যাগ আৰু বদলি কৰণৰ দাবীত আমছু আৰু কোনাকাটাপাৰা ৰাইজৰ সহযোগত প্রতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰা হয় |

Darrang District Administration দৰং জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন “আমছু”
19/08/2026

Darrang District Administration দৰং জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন “আমছু”

আজিৰ কাকত |
18/08/2026

আজিৰ কাকত |

16/08/2026
গাঁৱে গাঁৱে চোৰৰ উপদ্ৰৱ বৃদ্ধিগাঁৱে গাঁৱে চুৰিৰ ঘটনা বৃদ্ধি পোৱাত ৰাইজৰ মাজত নিৰাপত্তাহীনতাৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত...
16/08/2026

গাঁৱে গাঁৱে চোৰৰ উপদ্ৰৱ বৃদ্ধি

গাঁৱে গাঁৱে চুৰিৰ ঘটনা বৃদ্ধি পোৱাত ৰাইজৰ মাজত নিৰাপত্তাহীনতাৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত গাঁওৰক্ষী বাহিনী আৰু আৰক্ষী প্ৰশাসনক তৎকালীনভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি চুৰিৰ ঘটনা ৰোধ কৰাৰ লগতে ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনাইছোঁ।

ৰাইজৰ সুৰক্ষা আৰু সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি গ্ৰহণযোগ্য নহয়।

🌹 আন্তৰিক অভিনন্দন ডাঃ নিৰ্জুমা নাছৰিন 🌹আজিৰ এই গৌৰৱময় ক্ষণত আমাৰ দলগাঁও তথা সমগ্ৰ দৰং জিলাৰ বাবে এক আনন্দৰ বিষয় যে ডা...
19/06/2026

🌹 আন্তৰিক অভিনন্দন ডাঃ নিৰ্জুমা নাছৰিন 🌹

আজিৰ এই গৌৰৱময় ক্ষণত আমাৰ দলগাঁও তথা সমগ্ৰ দৰং জিলাৰ বাবে এক আনন্দৰ বিষয় যে ডাঃ নিৰ্জুমা নাছৰিনে সফলতাৰে নিজৰ চিকিৎসা শিক্ষাৰ এক গুৰুত্বপূৰ্ণ অধ্যায় সম্পূৰ্ণ কৰি পৰিয়াল, সমাজ আৰু অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।

ডাঃ নিৰ্জুমা নাছৰিন, আমছু দৰং জিলা সমিতিৰ প্ৰাক্তন উপ-সভাপতি জনাব নাছিম উদ্দিন আহমেদৰ কন্যা। সামাজিকভাৱে সক্ৰিয় আৰু শিক্ষানুৰাগী পৰিয়ালৰ সন্তান হিচাপে তেওঁ সদায় অধ্যৱসায়, শৃংখলা আৰু নিষ্ঠাৰ পৰিচয় দি আহিছে।

বিশেষভাৱে গৌৰৱৰ বিষয় যে তেওঁ দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী। বিদ্যালয়খনৰ অধ্যক্ষ জনাব বাছিৰ উদ্দিন আহমেদৰ স্নেহ, ত্যাগ আৰু শিক্ষামূল্যৰ পৰিৱেশত তেওঁ নিজৰ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিছিল। আজিৰ এই সফলতা কেৱল তেওঁৰ ব্যক্তিগত কৃতিত্ব নহয়, ই তেওঁৰ পৰিয়াল, শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয় আৰু সমগ্ৰ দলগাঁওবাসীৰ গৌৰৱৰ বিষয়।

ডাঃ নিৰ্জুমা নাছৰিনৰ উজ্জ্বল ভৱিষ্যৎ, সুস্বাস্থ্য আৰু চিকিৎসা সেৱাৰ জৰিয়তে সমাজলৈ অধিক অৱদান আগবঢ়োৱাৰ কামনা জনালোঁ।

আকৌ এবাৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আমছু, দৰং জিলা সমিতি

২৬ মে' অসমৰ সংখ্যালঘুৰ জাতীয় শ্বহীদ দিৱস। ২৬ মে’ক কিয় আমছুৱে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে সেই কথা হয়তো বহুতেই জ্ঞাত...
25/05/2026

২৬ মে' অসমৰ সংখ্যালঘুৰ জাতীয় শ্বহীদ দিৱস।
২৬ মে’ক কিয় আমছুৱে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে সেই কথা হয়তো বহুতেই জ্ঞাত নহয়৷ অতি সংক্ষিপ্ত ভাবে ইয়াৰ এটা আভাস দাঙি ধৰিবলৈ যত্ন কৰিছোঁ।

অবিভক্ত গোৱালপাৰা জিলাৰ জলেশ্বৰৰ বালিৰ ময়দানত ১৯৮০ চনৰ ২৯, ৩০ আৰু ৩১ মার্চ তাৰিখে অনুষ্ঠিত অধিবেশনত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ জন্ম হৈছিল। নৱগঠিত আমছুৰ নেতৃত্বত ১৯৮০ চনৰ ২৬ মে’ত যি প্রতিবাদী আন্দোলন হৈছিল, সেয়া আছিল এক অভূতপূর্ব আৰু স্বতস্ফুর্ত গণ বিপ্লৱ।

১৯৮০ চনৰ ২৩ এপ্রিলত হাউলী ৰবীন্দ্র সংঘৰ কার্যালয়ত অনুষ্ঠিত আমছুৰ কর্ণধাৰ সমিতিৰ সভাত মে’ মাহৰ ৫ তাৰিখে "দাবী দিৱস" পালনৰ সিদ্বান্ত লোৱা হৈছিল। এই সিদ্বান্ত অনুযায়ী সেইদিনা সংখ্যালঘু নাগৰিকসকলে প্রতিবাদী শোভাযাত্রাত অংশ ল’ব আৰু নিজ নিজ এলেকাৰ খণ্ড উন্নয়ন বিষয়া, চক্র বিষয়া, মহকুমাধিপতি আৰু উপায়ুক্তৰ জৰিয়তে প্রধানমন্ত্রীলৈ স্মাৰকপত্র প্রেৰণ কৰিব। ইয়াৰ উপৰিও দাবী দিৱসৰ দিনা উপবাসে থাকি আহাৰৰ খৰচখিনি আমছুৰ তহবিলত জমা দিবলৈ কর্ণাধাৰ সমিতিয়ে ৰাইজলৈ আহ্বান জনাইছিল। উক্ত দাবী দিৱসৰ কথা প্রচাৰ হোৱাৰ পাছতেই জাঙুৰ খাই উঠিছিল বিভিন্ন সংবাদ মাধ্যম, উগ্ৰ জাতীয়তাবাদী সংগঠন আৰু বুদ্ধিজীৱীসকল। কিছুমানে আমছুক বাংলাদেশীৰ সংগঠন বুলি কৈছিল। আন কিছুমানে বাংলাদেশী সংগঠন(আমছু)য়ে অসম আন্দোলনৰ বিৰুদ্ধে প্রতিবাদী আন্দোলন কৰিলে তাৰ পৰিণতি ভয়াবহ হ’ব বুলি মুকলি ভাবুকি দিছিল।

প্রচাৰকার্য কম হোৱাৰ বাবে কর্ণধাৰ সমিতিয়ে "দাবী দিৱস"ৰ কার্যসুচী ৫ মে'ৰ পৰা ২৬ মে'লৈ পিছুৱাই নিবলৈ চুড়ান্ত সিদ্বান্ত গ্রহন কৰিছিল আৰু পুনৰাই ব্যাপকভাবে প্রচাৰৰ ব্যৱস্থা কৰিছিল। এনেকৈয়ে আহিল ১৯৮০ চনৰ সেই ঐতিহাসিক দিন ২৬ মে'।

গ্রীস্মকালৰ তীব্র ৰ’দ। এই তীব্র ৰ’দ উপেক্ষা কৰি ২৬ মে' ৰাতিপুৱাৰ পৰাই সমগ্ৰ অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ বাট-পথ লোকে লোকাৰণ্য হ’বলৈ ধৰিলে। স্বতঃস্ফূর্তভাবে ওলাই অহা হাজাৰ হাজাৰ, লাখ লাখ ছাত্র, যুৱক, কৃষক, শ্রমিক, শিক্ষিত, অশিক্ষিত লোকেৰে পৰিপূর্ণ বিশাল বিশাল গণ মিছিল। সকলোয়ে শান্তিপূর্ণ ভাৱে শোভাযাত্রা কৰি গৈ স্মাৰকপত্র প্রদান কৰি আন্দোলনৰ কার্য্যসূচী সমাপ্ত কৰাৰ কথা আছিল যদিও বহু ঠাইত এই কার্য্যসূচী বাধাগ্রস্থ হ’ল। বহু ঠাইত শান্তিপূর্ণ শোভাযাত্রাকাৰীৰ ওপৰত জপিয়াই পৰিল উগ্র জাতীয়তাবাদীৰ সৈতে এচাম হিংস্র পুলিচ। নির্মম অত্যাচাৰৰ ফলত তেজেৰে ৰাজপথ ৰাঙলী হৈ পৰিছিল। পুলিচৰ প্রৰোচিত গুলিচালনাৰ ফলত প্রাণাহুতি দিছিল বহু কেইজনে।

২৬ মে'ৰ দিনা লেংটিছিঙাত প্রতিবাদকাৰী জনতাক আগভেটা দি পুলিচে নির্বিচাৰে গুলি চলোৱাৰ ফলত স্কুলীয়া ছাত্র মিজানুৰ ৰহমান আৰু আব্দুছ ছাত্তাৰ নিহত হৈছিল। ইয়াৰ উপৰিও বহুলোক গুৰুতৰ ভাবে আহত হৈছিল আৰু তাৰ ভিতৰত মাজম আলীৰ সোঁ বাহুত গুলী লগাৰ ফলত কাষলতিৰ পৰাই সোঁ হাতখন কাটি পেলোৱা হৈছিল আৰু ইয়াৰ বাবেই তেঁও আজিও এক কর্মহীন পংগুত্বৰ জীৱন নিৰ্বাহ কৰি আছে।

২৬ মে'ৰ আটাইতকৈ শোকাবহ ঘটনা ঘটিছিল নামনি অসমৰ বিজনীত। উত্তৰাঞ্চলৰ পৰা হাজাৰ হাজাৰ প্রতিবাদকাৰী ৰাইজ শোভাযাত্রা কৰি দেউকুৰা দলঙৰ ওপৰেৰে আগবাঢ়ি অহাৰ সময়তে দলঙৰ দুই মূৰৰ প্ৰৱেশ পথত সশস্ত্র পুলিচে আগুৰি ধৰি দলঙৰ ওপৰত থকা জনতাৰ ওপৰত যধে-মধে গুলিয়াবলৈ ধৰে। ফলত অনিল নমদাস, গোপাল সাহা, নির্মল সৰকাৰ, বজল উদ্দিন শেখ, বিশ্বজিত কুন্ডু, মনিৰুদ্দিন শেখ, ৰমেন সৰকাৰ, শ্রীমন্ত বর্মন, সুবল বাঢ়ৈ আৰু হৰিপদ সাহা নিহত হয়। ইয়াৰ উপৰিও বুকুত গুলী লৈ আৰু তীব্র আতংকত দলঙৰ পৰা তলৰ মেটেকা ভৰা পানীত জপিয়াই পৰি আহত হয় শতাধিক প্রতিবাদকাৰী।

অকল বিজনী আৰু লেংটিছিঙাতেই নহয়, প্রায় গোটেই অসমতে ২৬ মে’ৰ প্রতিবাদকাৰীৰ ওপৰত নির্বিচাৰ অত্যাচাৰ চলিছিল। ইয়াৰ ভিতৰত বিশেষ ভাবে উল্লেখ কৰিব পাৰি নগাওঁ জিলাৰ ৰুপহী, জুৰীয়া, কামপুৰ আদিৰ কথা। জুৰীয়াত আবেলি পথাৰৰ পৰা ছাগলী আনিবলৈ যোৱা বুঢ়ী এজনী আৰু মকছুদুৰ ৰহমান নামৰ ছাত্র এজনক পুলিছে গুলীয়াই হত্যা কৰিছিল।

ঐতিহাসিক ২৬ মে'ৰ গণ আন্দোলনত বহুকেইজন শ্বহীদ হ’ল আৰু আহত হ’ল। সেইদিনাখন বি বি চি লন্ডনৰ পৰা ৰেডিঅ' যোগে প্রচাৰ হ’ল যে অসমত বিদেশীৰ নামত চলা নির্য্যাতনৰ কবলৰ পৰা ৰক্ষা পাবলৈ সংখ্যালঘুসকলে প্রতিবাদী আন্দোলনত জপিয়াই পৰিছে। এইদৰে ১৯৮০ চনৰ ২৬ মে'ৰ জৰিয়তে সংখ্যালঘু আন্দোলনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত প্রাসংগিকতা লাভ কৰিবলৈ সক্ষম হৈছিল৷

১৯৮০ চনৰ পৰা বৰ্তমানলৈকে আমছুৰ জাতীয় আন্দোলনত শ্বহীদ হোৱা ব্যক্তি সকল -

মিজানুৰ ৰহমান, লেংটিছিঙা
আব্দুছ ছাত্তাৰ, লেংটিছিঙা
অনিল নমদাস, বিজনী
গোপাল সাহা, বিজনী
নিৰ্মল সৰকাৰ, বিজনী
বজল উদ্দিন সেখ, বিজনী
বিশ্বজিত কুণ্ডু, বিজনী
মনিৰুদ্দিন সেখ, বিজনী
ৰমেন চৰকাৰ, বিজনী
শ্ৰীমন্ত বৰ্মন, বিজনী
সুবল বাৰৈ, বিজনী
হৰিপদ বৰ্মন, বিজনী
সুনীল চন্দ্ৰ মণ্ডল, বিজনী
কামাল উদ্দিন, সোনাৰীবালী
আব্দুল আলী, সোনাৰীবালী
চামচুল হক, সোনাৰীবালী
আব্দুল আলী(দ্বিতীয়), সোনাৰীবালী
শ্বাহ আলম, খাৰুপেটীয়া
মাজম আলী, বৰপেটা
খণ্ডকাৰ মোতালেব আলী, বৰপেটা
চিৰাজুল হক, বৰপেটা
মইদুল ইছলাম, বৰপেটা।

শেষত আজিৰ এই সংখ্যালঘুৰ জাতীয় শ্বহীদ দিৱসৰ দিনা জাতীয় স্বাৰ্থত নিজৰ জীৱন বলিদান দিয়া বীৰ শ্বহীদ সকলক শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।

✍️ দৰং জিলা সমিতি, আমছু।

Address

784115, Dalgaon
Darrang
784115

Website

Alerts

Be the first to know and let us send you an email when দৰং জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন “আমছু” posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category