15/10/2020
তোমাৰ মৰমে মোৰ,
দেহত তুলিলে ঢৌ,
বুকুত দিলে যে মৌ,
কিযে মিঠা মিঠা,
কেনেকৈ কিযে হৈ গ'ল,
কলিটি কুসুমে হল,
সুৰভি উপচি গ'ল ,
কিযে ভাল লগা,
তোমাৰ মৰমে মোৰ,
গোপনে ফাগূনে যেন
লুকাই হাঁহিছে সৌ,
খুলি গোপনতা,
তোমাৰ মৰমে মোৰ,
ফুলে বতাহ লাহেকৈ,
এই কি কৰিলা,
বতাহেও সুধিছে ফুলকেই,
এই কি কৰিলা।।
সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক তথা অসমৰ এগৰাকী চিৰযুগমীয়া শিল্পী জয়ন্ত হাজৰিকা দেৱৰ স্মৃতি দিৱসত সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা শ্ৰদ্ধাৰে সুঁৱৰিছো ।