Office of the Dergaon CoDistrict Commissioner

Office of the Dergaon CoDistrict Commissioner Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Office of the Dergaon CoDistrict Commissioner, Government Organization, Dergaon.

দেৰগাঁও সম-জিলাৰ সহকাৰী আয়ুক্ত মহোদয়ায়ে উত্তৰ আৰু দক্ষিণ উন্নয়ন খণ্ডৰ অধীনত চলি থকা MGNREGA আঁচনি সমূহ পৰিদৰ্শন কৰাৰ ...
26/08/2026

দেৰগাঁও সম-জিলাৰ সহকাৰী আয়ুক্ত মহোদয়ায়ে উত্তৰ আৰু দক্ষিণ উন্নয়ন খণ্ডৰ অধীনত চলি থকা MGNREGA আঁচনি সমূহ পৰিদৰ্শন কৰাৰ কিছু দৃশ্য।

25/08/2026

*মিচিং স্বায়ত্বশাসিত পৰিষদ নিৰ্বাচন, ২০২৬: খচৰা ভোটাৰ তালিকা প্ৰকাশ*

গোলাঘাট জিলাৰ অধীনস্থ ২৮-ধনশিৰি, ২৯-দিছৈ আৰু ৪০-বৰনৈ বিলম সমষ্টিৰ খচৰা ভোটাৰ তালিকা আজি ১৯ আগষ্ট, ২০২৬ তাৰিখে প্ৰকাশ কৰা হৈছে।

গুৰুত্বপূৰ্ণ তথ্যসমূহ:

- আবেদন/আপত্তি দাখিলৰ সময়সীমা: ২০ আগষ্টৰ পৰা ৩ ছেপ্টেম্বৰ, ২০২৬ লৈ
- আবেদনৰ নিষ্পত্তিৰ অন্তিম তাৰিখ: ১০ ছেপ্টেম্বৰ, ২০২৬
- চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ: ১১ ছেপ্টেম্বৰ, ২০২৬

এই খচৰা ভোটাৰ তালিকা আৰু আবেদন প্ৰপত্ৰসমূহ জিলা আয়ুক্তৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় তথা ৱেবছাইটত (golaghat.assam.gov.in / sec.assam.gov.in) উপলব্ধ হ'ব।
CMO Assam
Directorate of Information and Public Relations, Assam

25/08/2026
আজি ডন বস্ক' স্কুলত নৱনিৰ্মিত কম্পিউটাৰ লেব আৰু পুথিভঁৰাল সহ বহুমুখী প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন কৰা হয়। দেৰগাঁও সম-জিলাৰ ...
24/08/2026

আজি ডন বস্ক' স্কুলত নৱনিৰ্মিত কম্পিউটাৰ লেব আৰু পুথিভঁৰাল সহ বহুমুখী প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন কৰা হয়। দেৰগাঁও সম-জিলাৰ আয়ুক্ত মহোদয়ায়ে ফিটা কাটি ইয়াৰ শুভ উদ্বোধন কৰে আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে।

আজি দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ন- ভঙা বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বেটি বচাও বেটি পঢ়াও আৰু SANKALP আঁচনিৰ অ...
20/08/2026

আজি দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ন- ভঙা বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বেটি বচাও বেটি পঢ়াও আৰু SANKALP আঁচনিৰ অধীনত এখনি সভা অনুষ্ঠিত হয়। জিলা মহিলা সৱলীকৰণ কেন্দ্ৰই আয়োজিত এই সভাত বাল্য বিবাহ, লিংগ সমতা আৰু চাইবাৰ সুৰক্ষাৰ বিষয়ে আলোচনা কৰা হয়। এই অনুষ্ঠানত দেৰগাঁও সমজিলাৰ সহকাৰী আয়ুক্তা মহোদয়া লগেত অন্যান্য অতিথি সকল উপস্থিত থাকে।

ARRBP আঁচনিৰ অধীনত, বিশ্ব বেংকৰ দ্বাৰা পুঁজিযুক্ত প্ৰস্তাৱিত কুমলীয়া চাপৰিৰ পৰা গৰমৰা লৈ RCC দলং নিৰ্মাণৰ বাবে ভূমি অধি...
19/08/2026

ARRBP আঁচনিৰ অধীনত, বিশ্ব বেংকৰ দ্বাৰা পুঁজিযুক্ত প্ৰস্তাৱিত কুমলীয়া চাপৰিৰ পৰা গৰমৰা লৈ RCC দলং নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ জৰীপ সফলতাৰে সম্পূৰ্ণ কৰা হৈছে।

দেৰগাঁও সমজিলাৰ সহকাৰী আয়ুক্ত শ্ৰী ভাৰ্গৱ কলিতা মহোদয়ে আঠাবাৰীত অৱস্থিত CANTON AQUA PVT LTD পৰিদৰ্শন কৰি খোৱা পানীৰ গু...
19/08/2026

দেৰগাঁও সমজিলাৰ সহকাৰী আয়ুক্ত শ্ৰী ভাৰ্গৱ কলিতা মহোদয়ে আঠাবাৰীত অৱস্থিত CANTON AQUA PVT LTD পৰিদৰ্শন কৰি খোৱা পানীৰ গুণাগুণ তথা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিভিন্ন দিশসমূহ লক্ষ্য কৰে আৰু বিশুদ্ধ খোৱাপানীৰ ক্ষেত্ৰত ল'বলগীয়া প্ৰয়োজনীয় নিয়মসমূহ মানি চলিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

আজি দেৰগাঁও সমজিলাৰ সহকাৰী আয়ুক্তদ্বয়ে দেৰগাঁৱত অৱস্থিত Garodia Aqua Mineral Industry পৰিদৰ্শন কৰি স্বাস্থ্য তথা পৰিষ্...
18/08/2026

আজি দেৰগাঁও সমজিলাৰ সহকাৰী আয়ুক্তদ্বয়ে দেৰগাঁৱত অৱস্থিত Garodia Aqua Mineral Industry পৰিদৰ্শন কৰি স্বাস্থ্য তথা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিভিন্ন দিশসমূহ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

**PUBLIC NOTICE: IMPLEMENTATION OF THE MAINTENANCE AND WELFARE OF PARENTS AND SENIOR CITIZENS ACT, 2007The Office of the...
18/08/2026

**PUBLIC NOTICE: IMPLEMENTATION OF THE MAINTENANCE AND WELFARE OF PARENTS AND SENIOR CITIZENS ACT, 2007

The Office of the Co-District Commissioner, Dergaon Co-district hereby informs the general public of the active implementation of the **Maintenance and Welfare of Parents and Senior Citizens Act, 2007, aimed at protecting the statutory rights, dignity, and security of senior citizens and parents within the jurisdiction.

---

**Key Statutory Provisions**

* Obligation of Maintenance.Children and legal heirs are legally mandated to provide monthly financial maintenance (up to ₹10,000) to parents or senior citizens unable to maintain themselves.
* Protection Against Eviction:*Senior citizens possess the statutory right to reside in their house and cannot be unlawfully evicted or excluded by children or legal heirs.
* Time-Bound Adjudication:*Maintenance applications are required to be disposed of by the Tribunal within a period of 90 days.
* Penalties for Non-Compliance:*Non-compliance with tribunal orders may attract imprisonment for up to one month, a fine up to ₹5,000, or both.

---

*Eligibility & Application Procedure**

* Eligible Applicants:** Senior citizens (aged 60 years and above) and parents (including adoptive or step-parents).
* **Designated Forum:** Maintenance Tribunal, Office of the Co-District Commissioner, Dergaon Co-district.
* Submission Modes:** Applications may be submitted in person, by post, through an authorized representative, or via a recognized NGO.
* **Requisite Documentation:** Proof of age, proof of relationship, proof of residence, and relevant income details.

জিলা আয়ুক্ত, গোলাঘাটৰ দ্বাৰা জাৰি কৰা নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত, দেৰগাঁও সম-জিলাৰ পৰ্যায়ত মহিলাসকলৰ সৈতে জড়িত বিষয়সমূহৰ...
18/08/2026

জিলা আয়ুক্ত, গোলাঘাটৰ দ্বাৰা জাৰি কৰা নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত, দেৰগাঁও সম-জিলাৰ পৰ্যায়ত মহিলাসকলৰ সৈতে জড়িত বিষয়সমূহৰ ফলপ্ৰসূ নিষ্পত্তি আৰু প্ৰয়োজনীয় সহায়-সমৰ্থনৰ ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে দেৰগাঁও সম-জিলা পৰ্যায়ৰ মহিলা কোষ গঠন কৰা হৈছে।
মহিলা কোষৰ মুখ্য কাৰ্যাৱলীঃ

১. লিংগভিত্তিক বৈষম্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণঃ
মহিলাৰ নিয়োগ, চৰকাৰী আঁচনিৰ সুবিধা লাভ আৰু অন্যান্য অধিকাৰ সম্পৰ্কীয় বৈষম্যৰ অভিযোগসমূহ গ্ৰহণ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা।

২. সহায় আৰু অভিযোগ নিষ্পত্তিঃ
ধৰ্ষণ, শ্লীলতাহানি, যৌন অত্যাচাৰ আৰু যিকোনো ধৰণৰ হিংসাৰ সৈতে জড়িত অভিযোগসমূহ গ্ৰহণ কৰি প্ৰয়োজনীয় সহায় আৰু ব্যৱস্থা গ্ৰহণ কৰা। প্ৰযোজ্য আইন আৰু পৰিস্থিতি অনুসৰি সমাধা, মীমাংসা অথবা উপযুক্ত কৰ্তৃপক্ষ/আইনী ব্যৱস্থালৈ অভিযোগ প্ৰেৰণ কৰা।

৩. বিনামূলীয়া আইনী সহায়ঃ
প্ৰয়োজনীয় মহিলাসকলক বিনামূলীয়া আইনী পৰামৰ্শ প্ৰদান কৰা আৰু প্ৰয়োজন অনুসৰি জিলা আইন সেৱা প্ৰাধিকৰণ (District Legal Services Authority)-ৰ সৈতে সংযোগ স্থাপন কৰা।

৪. সজাগতা সৃষ্টিঃ
বিশেষকৈ গ্ৰামাঞ্চলৰ মহিলাসকলৰ মাজত তেওঁলোকৰ সাংবিধানিক অধিকাৰ, আইনী অধিকাৰ আৰু চৰকাৰী সুবিধা তথা অধিকাৰসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু এই ক্ষেত্ৰত বেচৰকাৰী সংস্থা (NGO)-সমূহৰ সৈতে সমন্বয় স্থাপন কৰা।

এই সন্দৰ্ভত, কৰ্মক্ষেত্ৰত যৌন অত্যাচাৰ অথবা মহিলাৰ সৈতে জড়িত এনে ধৰণৰ অভিযোগ দাখিলৰ সুবিধাৰ্থে দেৰগাঁও সম-জিলা আয়ুক্তৰ কাৰ্যালয়ত SHe-Box স্থাপন কৰা হৈছে।

যিকোনো অভিযোগকাৰী মহিলা (Aggrieved Woman)-য়ে SHe-Box-ৰ জৰিয়তে তেওঁৰ অভিযোগ দাখিল কৰিব পাৰিব। প্ৰযোজ্য আইন আৰু পৰিস্থিতি অনুসৰি, অভিযোগকাৰী মহিলাৰ হৈ আন কোনো ব্যক্তিয়েও অভিযোগ দাখিল কৰিব পাৰিব।

SHe-Box-টো নিৰ্দিষ্ট কৰ্তৃপক্ষ/সমিতিৰ দ্বাৰা নিয়মীয়াকৈ খুলি পৰীক্ষা আৰু নিৰীক্ষণ কৰা হ'ব। SHe-Box-ৰ জৰিয়তে লাভ কৰা যিকোনো অভিযোগ গোপনীয়তা বজাই ৰাখি নিৰ্ধাৰিত সমিতিৰ ওচৰত তাৎক্ষণিকভাৱে উপস্থাপন কৰা হ'ব আৰু প্ৰযোজ্য আইন অনুসৰি অভিযোগসমূহ পৰীক্ষা কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

সকলো অভিযোগ ন্যায়সংগত, নিৰপেক্ষ, গোপনীয় আৰু সময়সীমাবদ্ধভাৱে নিষ্পত্তি কৰা হ'ব আৰু এই ক্ষেত্ৰত প্ৰযোজ্য আইন, বিধি-বিধান আৰু নিৰ্ধাৰিত পদ্ধতি কঠোৰভাৱে অনুসৰণ কৰা হ'ব।

Address

Dergaon

Website

Alerts

Be the first to know and let us send you an email when Office of the Dergaon CoDistrict Commissioner posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share