05/04/2026
আমি বাৰু মনত ৰাখিছোনে ? ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে প্ৰাকৃতিক জলাশয়ৰ মাছ ধৰাটো আইন মতে নিষিদ্ধ বুলি ৷ কাৰণ বাৰিষাৰ আৰম্ভনিৰ এই সময়তে মাছে তৰাং পানীলৈ উজান উঠি কণী পাৰি বংশ বৃদ্ধি কৰাৰ সময় ৷ এই সময়ত কণীযুক্ত মাছবোৰ ধৰিবলৈ হলে মাছবোৰৰ বংশ নিঃশেষ হৈ থলুৱা প্ৰজাতিৰ মাছবোৰ নোহোৱা হৈ পৰিব !! মাছবোৰ কেৱল আমি খাবৰ বাবেইনে ? ........সৰু সৰু মাছবোৰে মহৰ বংশ বৃদ্ধি ৰোধ কৰি মেলেৰিয়া, এনকেফেলাইটিছ আদি ৰোধ কৰে । বহুতো বনৰীয়া পক্ষীৰ মাছহে একমাত্ৰ আহাৰ । তদুপৰি জলাশয়ৰ পৰিছন্নতা আৰু প্ৰাচুৰ্য বৃদ্ধিত মাছৰ আছে সৰ্বোচ্চ পৰিৱেশগত ভূমিকা । আহকছোন, আমি সকলোৱে প্ৰাকৃতিক জলাশয়ত থলুৱা মাছৰ বংশবৃদ্ধিৰ প্ৰতি যত্নবান হওঁ ।