Dhekiajuli Co-district administration

Directions

Dhekiajuli Co-district administration Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dhekiajuli Co-district administration, Government Organization, Dhekiajuli.

14/10/2026

💧 A few glimpses from the concluding day of Swachh Jal Utsav in Dhekiajuli Co-District!

With the completion of Day 2, the two-day initiative comes to an end, marked by the convergence of various departments and Inspection Officials in an intensive awareness campaign across the LAC, alongside inspections of various Public Water Supply Scheme (PWSS) sites.

At locations where schools served as public venues, the Inspection Officials also verified the Mid-Day Meal arrangements, ensuring that the initiative covered other important aspects of community well-being.

Sharing a few moments from the concluding day, reflecting the collective efforts towards safe drinking water, public awareness, and effective interdepartmental coordination.

Ashok Singhal
CMO Assam
District Commissioner, Sonitpur

ঢেকিয়াজুলি সম-জিলা প্ৰশাসনৰ উদ্যোগত আজি (১৩/১০/২০২৬), তাৰিখে ১০ বজাত বন অধিকাৰ আইন, ২০০৬ৰ অধীনস্থ  ১০ খন গাঁও—১নং বাটাব...
13/10/2026

ঢেকিয়াজুলি সম-জিলা প্ৰশাসনৰ উদ্যোগত আজি (১৩/১০/২০২৬), তাৰিখে ১০ বজাত বন অধিকাৰ আইন, ২০০৬ৰ অধীনস্থ ১০ খন গাঁও—১নং বাটাবাৰী, উৰাহিলগা, বৰবিল মৰিয়নি, চৰাইবাহী , ৩ নং গেৰগাজুলি , ৪ নং গেৰগাজুলি , গণেশপুৰ , গাওজেংবিল , দুৰ্গাপুৰ , মাইনাওপাৰা আৰু ২ বজাত ১০ খন গাঁও -- ঠাইগিৰিগুৰি, কৌবাৰী,পশ্চিম মানশ্ৰী , সোণাজুলি, নিজমপুৰী, কাৰ্দৈগুৰি, অঞ্জলীপাৰা, কেৰিমেৰী, স্বৰংজুলি, পূব মানশ্ৰী .গাঁৱৰ ৰাইজৰ অংশগ্ৰহণত দুখন বিশেষ গাঁও সভা অনুষ্ঠিত হয়।
১৩টা বিভাগ যেনে
১. সমাজ কল্যাণ আৰু মহিলা-শিশু উন্নয়ন বিভাগ
2. খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ
৩. সমাজ কল্যাণ আৰু মহিলা-শিশু উন্নয়ন বিভাগ
8.শিক্ষা বিভাগ
৫. শক্তি বিভাগ / টেলিযোগাযোগ সংশ্লিষ্ট বিভাগ
৬. পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ
৭. জনস্বাস্থ্য কাৰিকৰী বিভাগ (PHE)
৮. জলসিঞ্চন বিভাগ
৯. দক্ষতা, নিয়োগ আৰু উদ্যোগিতা বিভাগ
১০. লোক নিৰ্মাণ (পথ) বিভাগ (PWD Roads)
১১. পশুপালন আৰু পশু চিকিৎসা বিভাগ
১২. মীন বিভাগ
১৩. কৃষি বিভাগৰ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই গাঁও সভাৰ জৰিয়তে চৰকাৰী আঁচনিসমূহৰ ৰূপায়ণ আৰু স্থানীয় উন্নয়নৰ বিভিন্ন অগ্ৰাধিকাৰমূলক বিষয় সন্দৰ্ভত আলোচনা কৰা হয়।
সভাখনে স্থানীয় ৰাইজৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰাৰ লগতে তেওঁলোকৰ আশা-আকাংক্ষা, সমস্যা আৰু প্ৰয়োজনীয়তাসমূহ শুনি উন্নয়নৰ ক্ষেত্ৰত অগ্ৰাধিকাৰভিত্তিক পদক্ষেপ গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Ashok Singhal
Biswajit Daimary
District Commissioner, Sonitpur

12/10/2026

স্বচ্ছ জল উৎসৱ, ঢেকিয়াজুলি সম-জিলা প্ৰশাসন

স্বচ্ছ, নিৰাপদ আৰু বিশুদ্ধ খোৱাপানীৰ গুৰুত্ব সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ঢেকিয়াজুলি সম-জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত ‘স্বচ্ছ জল উৎসৱ’ৰ কিছু দৃশ্যাংশ।

বিশুদ্ধ পানী, সুস্থ জীৱন। আহক, পানীৰ সঠিক ব্যৱহাৰ আৰু সংৰক্ষণৰ জৰিয়তে এখন সুস্থ আৰু স্বচ্ছ সমাজ গঢ়ি তোলোঁ।
CMO Assam
Ashok Singhal
District Commissioner, Sonitpur

12/10/2026
Cheque and Appreciation Letter Distribution Programme under Sewa Sankalp AbhiyanA cheque and appreciation letter distrib...
11/10/2026

Cheque and Appreciation Letter Distribution Programme under Sewa Sankalp Abhiyan

A cheque and appreciation letter distribution programme under the Sewa Sankalp Abhiyan was held on 11 October 2026 at the Auditorium of Dhekiajuli Higher Secondary School. The programme was organised for CCHs under Dhekiajuli Education Block, with the cheques and appreciation letters from the Hon’ble Chief Minister of Assam distributed by Shri Ashok Singhal, Hon’ble Minister, Health & Family Welfare and Medical Education & Research.

The programme was attended by Smt. Sristi Kalita, Assistant Commissioner, Dhekiajuli Co-district; Shri Ratul Nath, Social Worker, Dhekiajuli; Shri Hemanta Deka, Chairman, Dhekiajuli Anchalik Panchayat; and Smt. Nazima Sultana, Block Elementary Education Officer (BEEO), Dhekiajuli.

Ashok Singhal
Biswajit Daimary
District Commissioner, Sonitpur

আশা কৰ্মী আৰু আশা চুপাৰভাইজাৰসকলক প্ৰেৰণা ভাট্টা আৰু প্ৰশংসা-পত্ৰ প্ৰদান ‘সেৱা সংকল্প অভিযান’ৰ অধীনত আজি ঢেকিয়াজুলিৰ শ্...
11/10/2026

আশা কৰ্মী আৰু আশা চুপাৰভাইজাৰসকলক প্ৰেৰণা ভাট্টা আৰু প্ৰশংসা-পত্ৰ প্ৰদান

‘সেৱা সংকল্প অভিযান’ৰ অধীনত আজি ঢেকিয়াজুলিৰ শ্বহীদ স্মাৰক উদ্যানত আশা কৰ্মী আৰু আশা চুপাৰভাইজাৰসকলক এককালীন প্ৰেৰণা ভাট্টাৰ চেক আৰু প্ৰশংসা-পত্ৰ প্ৰদান কৰা হয়।

এই কাৰ্যসূচীত অসমৰ মাননীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা বিভাগৰ মন্ত্ৰী আৰু ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত অশোক সিংঘলে চেকসমূহ বিতৰণ কৰে। অনুষ্ঠানত ঢেকিয়াজুলি সম-জিলা আয়ুক্ত শ্ৰীমতী দ্যোতিভা বৰা আৰু ঢেকিয়াজুলি আঞ্চলিক পঞ্চায়তৰ সভাপতি শ্ৰীযুত হেমন্ত ডেকা উপস্থিত থাকে।

তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱা প্ৰদান, মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰা তথা জনসাধাৰণৰ মাজত স্বাস্থ্য সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত আশা কৰ্মী আৰু আশা চুপাৰভাইজাৰসকলৰ অৱদান অতুলনীয়। তেওঁলোকৰ নিষ্ঠা, দায়িত্ববোধ আৰু অক্লান্ত সেৱাৰ স্বীকৃতিস্বৰূপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Ashok Singhal
Biswajit Daimary
District Commissioner, Sonitpur

‘অংগন মিলন সেৱা’ কাৰ্যসূচী, ঢেকিয়াজুলি আজি মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনস্থ ঢেকিয়াজুলি সংহত শিশু উন্নয়ন সেৱা প্ৰকল...
11/10/2026

‘অংগন মিলন সেৱা’ কাৰ্যসূচী, ঢেকিয়াজুলি

আজি মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনস্থ ঢেকিয়াজুলি সংহত শিশু উন্নয়ন সেৱা প্ৰকল্পৰ (ICDS) অন্তৰ্গত সকলো অংগনৱাড়ী কেন্দ্ৰতে ‘অংগন মিলন সেৱা’ কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত হয়।

এই উপলক্ষে নাৰায়ণপুৰ টি.ই. আদৰ্শ অংগনৱাড়ী কেন্দ্ৰত অনুষ্ঠিত কাৰ্যসূচীত ঢেকিয়াজুলিৰ মাননীয়া সম-জিলা আয়ুক্ত শ্ৰীমতী দ্যোতিভা বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই পদক্ষেপৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে।

অনুষ্ঠানত নিষ্ঠা আৰু একাগ্ৰতাৰে সেৱা আগবঢ়াই অহা অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলক চেক আৰু প্ৰশংসা-পত্ৰ প্ৰদান কৰি সম্বৰ্দ্ধনা জনোৱা হয়। লগতে বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে শিশু আৰু অন্যান্য অংশগ্ৰহণকাৰীসকলৰ মাজত ফল-মূল বিতৰণ কৰা হয়।

শিশুৰ পুষ্টি, স্বাস্থ্য আৰু সৰ্বাঙ্গীণ বিকাশৰ দিশত এই পদক্ষেপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
Ashok Singhal
Biswajit Daimary
District Commissioner, Sonitpur

ৰাক্ষসমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানআজি, ৯ অক্টোবৰ ২০২৬ তাৰিখে, অসম চৰকাৰৰ RIDF-###I আঁচনিৰ অধ...
09/10/2026

ৰাক্ষসমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠান

আজি, ৯ অক্টোবৰ ২০২৬ তাৰিখে, অসম চৰকাৰৰ RIDF-###I আঁচনিৰ অধীনত ৰাক্ষসমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়।

এই অনুষ্ঠানত ঢেকিয়াজুলি সম জিলাৰ সহকাৰী আয়ুক্ত শ্ৰীমতী সৃষ্টি কলিতা, অমিয়পূৰ জিলা পৰিষদৰ সদস্যা শ্ৰীমতী কুসুম কুমাৰী, সমাজকৰ্মী শ্ৰীযুত কাজুদীপ আৰু সমাজকৰ্মী শ্ৰী ৰূপজ্যোতি পাটংগীয়া, উপস্থিত থাকে।

এই পদক্ষেপে অঞ্চলটোৰ শৈক্ষিক আন্তঃগাঁথনিৰ উন্নয়নৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উন্নত শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

Ashok Singhal
Biswajit Daimary
District Commissioner, Sonitpur

Address

Dhekiajuli
784110

Website

Alerts

Be the first to know and let us send you an email when Dhekiajuli Co-district administration posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share