Seuji Dhoronee Dhuniya সেউজী ধৰণী ধুনীয়া

  • Home
  • India
  • Dhekiajuli
  • Seuji Dhoronee Dhuniya সেউজী ধৰণী ধুনীয়া

Seuji Dhoronee Dhuniya সেউজী ধৰণী ধুনীয়া Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Seuji Dhoronee Dhuniya সেউজী ধৰণী ধুনীয়া, Social service, Gopinath Bordoloi Road, Dhekiajuli.

পশ্চিম ঢেকিয়াজুলি ৰঙালী বিহু সন্মিলনৰ উদ্যোগত "শুভদিনৰ স্মৃতিত বৃক্ষ ৰোপণ কাৰ্যসূচী"ৰ অধীনত(ঢেকিয়াজুলি অঞ্চলত) ইচ্ছুকব্যক্তিৰ জন্মদিন,বিবাহ বাৰ্ষিকী আদি শুভদিনৰ স্মৃতিত তেখেতৰ নামত এটি গছপুলি ৰোৱা হয় আৰু পুলিটোৰ সংৰক্ষণ আৰু প্ৰতিপালনৰ দায়িত্ব লোৱা হয়।

পশ্চিম ঢেকিয়াজুলি ৰঙালী বিহু সন্মিলনৰ উদ্যোগত "শুভদিনৰ স্মৃতিত বৃক্ষ ৰোপণ কাৰ্যসূচী"ৰ প্ৰথম গৰাকী দাঁতা তথা গছপুলি ৰোপক ...
10/01/2025

পশ্চিম ঢেকিয়াজুলি ৰঙালী বিহু সন্মিলনৰ উদ্যোগত "শুভদিনৰ স্মৃতিত বৃক্ষ ৰোপণ কাৰ্যসূচী"ৰ প্ৰথম গৰাকী দাঁতা তথা গছপুলি ৰোপক বিহু সন্মিলনৰ সন্মানীয় সদস্য শ্ৰীযুত বীৰেন্দ্ৰ ভূঞাই তেওঁৰ সৰুপুত্ৰ শ্ৰী সৌৰভ ভূঞাৰ শুভজন্ম দিন উপলক্ষে এই পুলিটো আগবঢ়াইছিল। এই
সুযোগতে তেওঁলোক দুয়োলৈ অভিনন্দন জনালোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে এতিয়ালৈকে সৰ্বাধিক গছ পুলিৰ দাঁতা হিচাপেও তেখেতক অভিনন্দন জনালোঁ।
আজি(ইং০৭/০১/২৫)তেখেতৰ( বীৰেন্দ্ৰ ভূঞা) নিজৰ আৰু তেখেতৰ বোৱাৰী শ্ৰীমতী প্ৰিয়া ভূঞাৰ শুভ জন্মদিন উপলক্ষে আন দুটা গছপুলি ৰোপণ কৰে। কণমানি জীয়া জুবি শইকীয়াৰ এটি পুলি সহিতে আজি মুঠতে তিনিটা পুলি ৰোৱা হয়। আজি এটি নাহৰৰ পুলি, এটি কৃষ্ণচূ়ৰা আৰু এটি ৰাধাচুৰাৰ পুলি ৰোৱা হল।

14/12/2024

বৰ্দ্ধিত গৰম আৰু পৰিবেশ সংৰক্ষণৰ উদ্দেশ্য আগত ৰাখি "পশ্চিম ঢেকিয়াজুলি ৰঙালী বিহু সন্মিলন"ৰ উদ্যোগত এই বছৰৰ(২০২৪) নৱেম্বৰ মাহৰ ১তাৰিখৰ পৰা "শুভ দিনৰ স্মৃতিত বৃক্ষ ৰোপণ কাৰ্যসূচী" নামেৰে এটি কাৰ্যসূচী আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচী অনুসৰি গছপুলি ৰোপণ, সুৰক্ষা আৰু প্ৰতিপালনৰ ,সম্পূৰ্ণ দায়িত্ব সন্মিলনৰ। জন্মদিন, বিবাহ বাৰ্ষিকী আদি যিকোনো শুভদিনৰ স্মৃতিত আপুনি আমালৈ এটি গছপুলি আগবঢ়াব পাৰে। এইক্ষেত্ৰত দাঁতা গৰাকীয়ে পুলি টো সুৰক্ষিত কৰি ৰাখিবৰ বাবে প্ৰয়োজনীয় ঘেৰা, নেট আদি যোগান ধৰিব লাগিব অথবা তাৰ বাবে প্ৰয়োজনীয় খৰচ বহন কৰিলে পুলিটো ৰোৱাৰ সুব্যৱস্থা কৰা হয়। লগতে দাঁতা তথা ৰোপক গৰাকীৰ নাম ঠিকনাৰ সৈতে এখন নামফলক তাত আঁৰি দিয়া হয়। তাৰ পিছত প্ৰয়োজনীয় পানী যোগান অথবা যিকোনো প্ৰতিপালনৰ দায়িত্ব বিহু সমিলনে পালন কৰিব । এই প্ৰস্তাৱ গ্ৰহণ ৰ পিছতেই আমি ৰাইজৰ সহযোগ তথা সমৰ্থন পাবলৈ সক্ষম হৈছোঁ। আৰম্ভণি মাহতে (নৱেম্বৰ/২৪) আমি মুঠ ৫ টা গছ পুলি ৰুবলৈ সমৰ্থ হৈছোঁ।

Address

Gopinath Bordoloi Road
Dhekiajuli

Website

Alerts

Be the first to know and let us send you an email when Seuji Dhoronee Dhuniya সেউজী ধৰণী ধুনীয়া posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category