26/06/2026
#চিলাপথাৰ মহাবিদ্যালয়ত পথ সুৰক্ষা সজাগতা কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত
চিলাপথাৰ, ২৬ জুনঃ চিলাপথাৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট (NSS), Transport Management Committeeৰ উদ্যোগত আৰু Assam Sociological Association আৰু চিলাপথাৰ আৰক্ষী থানাৰ সহযোগত আজি পুৱা ১১ বজাত মহাবিদ্যালয় চৌহদত এক পথ সুৰক্ষা সজাগতা কাৰ্যসূচী (Road Safety Awareness Programme) সফলভাৱে অনুষ্ঠিত হয়। চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ তৰুণ চন্দ্ৰ টাইডদেৱে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীযুত সুধাকৰ সিং। তেখেতে নিজৰ ভাষণত দায়িত্বশীলভাৱে যান-বাহন চলোৱা, যান-বাহন আইন কঠোৰভাৱে মানি চলা আৰু পথ দুৰ্ঘটনা প্ৰতিৰোধত প্ৰতিজন নাগৰিকৰ সমূহীয়া দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেখেতে কয় যে, সচেতনতা, শৃংখলাবদ্ধতা আৰু আইনৰ প্ৰতি সন্মানেই নিৰাপদ পথ ব্যৱস্থাৰ মূল ভেটি।
কাৰ্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ধেমাজি জিলাৰ Enforcement Inspector সত্য নাৰায়ণ ভূইহাৰ। তেখেতে পথ সুৰক্ষাৰ বিভিন্ন আইন-কানুন, হেলমেট আৰু ছিটবেল্ট ব্যৱহাৰৰ প্ৰয়োজনীয়তা, নিৰাপদ গতিৰে যান-বাহন চলোৱাৰ নিয়ম আৰু পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বিভিন্ন দিশ সন্দৰ্ভত এক তথ্যসমৃদ্ধ বক্তব্য আগবঢ়ায়। তেখেতে বিশেষভাৱে উল্লেখ কৰে যে, পথ সুৰক্ষাৰ ক্ষেত্ৰত সৰু-সুৰা অসাৱধানতাই ডাঙৰ দুৰ্ঘটনাৰ সৃষ্টি কৰিব পাৰে।
চিলাপথাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি নবীন চন্দ্ৰ কাৰ্দংদেৱে পথ সুৰক্ষাৰ ক্ষেত্ৰত জনসচেতনতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেখেতে কয় যে পুৱা মৰ্ণিং ৱাক কৰিবলৈ ওলাই যোৱা লোকসকলে ক'লা ৰঙৰ কাপোৰ পিন্ধাৰ পৰা বিৰত থাকিব লাগে, কিয়নো এনে ৰঙৰ পোছাক পিন্ধিলে কম পোহৰত চালকসকলে সহজে দেখা নাপায়, ফলত দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পায়।
ইয়াৰ লগতে তেখেতে কয় যে প্ৰতিখন বাইক অথবা গাড়ীত পিছফালৰ বেক লাইট সঠিকভাৱে কাৰ্যক্ষম অৱস্থাত থকাটো অত্যন্ত জৰুৰী। বেক লাইট নাথাকিলে বা বিকল হৈ থাকিলে পিছফালৰ পৰা অহা বাহনচালকে আগৰ বাহনখন সময়মতে লক্ষ্য কৰিব নোৱাৰে, যাৰ ফলত পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়ে সকলো বাহনৰ বেক লাইট নিয়মিতভাৱে পৰীক্ষা কৰি সঠিক অৱস্থাত ৰখাৰ বাবে তেওঁ সকলোকে আহ্বান জনায়।
অনুষ্ঠানত চিলাপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমাকান্ত বৰাদেৱ, মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, NSS স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকা, ছাত্ৰ-ছাত্ৰী আৰু পৰিবহণ ব্যৱস্থাপনা সমিতিৰ সদস্যসকল উপস্থিত থাকে।
অনুষ্ঠানটো চিলাপথাৰ মহাবিদ্যালয়ৰ NSS গোটৰ সমন্বয়ক ড০ আব্দুল মুতালিব, ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ মধুস্মিতা দেৱীয়ে সুন্দৰভাৱে পৰিচালনা কৰে।
পথ সুৰক্ষা সজাগতা অভিযানৰ অংশ হিচাপে অনুষ্ঠানত মোটৰচাইকেল আৰোহীসকলৰ মাজত ২০টা হেলমেট বিনামূলীয়াকৈ বিতৰণ কৰা হয়। এই পদক্ষেপৰ জৰিয়তে নিয়মীয়াকৈ হেলমেট ব্যৱহাৰ কৰাৰ অভ্যাস গঢ়ি তোলা আৰু অধিক নিৰাপদ যাতায়াত নিশ্চিত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হয়।
অনুষ্ঠানৰ সামৰণিত উপস্থিত সকলো অংশগ্ৰহণকাৰীয়ে যান-বাহন আইন মানি চলা, পথ সুৰক্ষাৰ সজাগতা সমাজৰ প্ৰতিটো স্তৰলৈ বিস্তাৰ কৰা আৰু পথ দুৰ্ঘটনামুক্ত সমাজ গঢ়ি তোলাৰ বাবে একেলগে কাম কৰাৰ সংকল্প গ্ৰহণ কৰে। এই সজাগতা কাৰ্যসূচীয়ে পথ সুৰক্ষাৰ প্ৰতি সমাজত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে দায়িত্বশীল নাগৰিক গঢ়ি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰে।