30/10/2025
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই লোৱা সিদ্ধান্ত অনুসৰি প্ৰতিমাহে ১০ তাৰিখৰ দিনটোত কংগ্ৰেছ দলে ৰূপায়ণ কৰে বৃহৎ যোগদান কাৰ্যসূচী। এই কাৰ্যসূচীৰ উপৰি যোৱকালি গুৱাহাটীস্থিত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সহঃ তত্ত্বাৱধায়ক বিকাশ উপাধ্যায় ডাঙৰীয়া,সাংসদদ্বয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰাক্তন সাংসদ ৰিপুণ বৰা ডাঙৰীয়াকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ উপস্থিতিত এক বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই কাৰ্যসূচীতে কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি মহানন্দ সৰকাৰ ডাঙৰীয়া, TMPK-ৰ প্ৰতিষ্ঠাপক সদস্য ৰাজু মেদক ডাঙৰীয়াকে ধৰি বহু লোকে কংগ্ৰেছ দলত যোগদান কৰে। নতুনকৈ অন্তৰ্ভুক্ত হোৱা প্ৰতিগৰাকী সদস্যকে জনোৱা হয় উষ্ম আদৰণি।