09/05/2021
যোৱা পাঁচটা বছৰে নজিৰবিহীন কামেৰে এখন নতুন অসম গঢ় দিয়াৰ ক্ষেত্ৰত মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি অৱদান আগবঢ়াই থৈ গ'ল তাৰবাবে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই তেখেতক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ৷
সেয়া স্বচ্ছতাৰ ক্ষেত্ৰতেই হওক, দুৰ্নীতিৰ ক্ষেত্ৰতেই হওক বা সীমান্ত ছীল কৰা ক্ষেত্ৰতেই হওক সকলোতে শূণ্য সহনশীলতাৰে তেখেতে অতি সুন্দৰ ভাৱে শাসন কৰিলে ৷ বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম, জাতি-জনগোষ্ঠী তথা সকলো ধৰ্মাৱলম্বী লোকক সম ভাৱেৰে সম অধিকাৰ প্ৰদান কৰি মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি নেতৃত্ব প্ৰদান কৰিলে তাৰবাবে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি মাননীয় শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই দলৰ ৪২ লাখ কাৰ্যকৰ্তাৰ হৈ তেখেতক অফুৰন্ত কৃতজ্ঞতা জনায় ৷
মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াই আগন্তুক দিনত তেখেতৰ উত্তৰোত্তৰ কামনা কৰাৰ লগতে সদায় দলৰ সকলোকে মাৰ্গদৰ্শন কৰি যাব বুলি আশা ব্যক্ত কৰে ৷
Sarbananda Sonowal
Ranjeet Kumar Dass