Wariors Dibrugarh Branch

Wariors Dibrugarh Branch A district unit of Dibrugarh for women,senior citizen & children safety under Wariors state committee

08/03/2026

আইতাসকলৰ মাজত চকীখেল প্ৰতিযোগিতাত জয়ী হোৱা সকলক পুৰস্কাৰ বিতৰণ কৰাৰ সময়ত. . .

08/03/2026

আইতাসকলৰ মাজত চকীখেল প্ৰতিযোগিতা

প্ৰতিবেদন Wariors মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোতিৰ্ময় সমাজ বিষয় - আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আশ...
08/03/2026

প্ৰতিবেদন
Wariors মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোতিৰ্ময় সমাজ
বিষয় - আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আশা বৃদ্ধাশ্ৰমত আইতাসকলৰ সৈতে
স্থান: হাতীমূৰা গাওঁ মানকটা,ডিব্ৰুগড় ।
তাৰিখ: [০৮/০৩/২০২৬]
Wariors ডিব্ৰুগড় জিলাৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ডিব্ৰুগড় জিলাৰ হাতীমূৰা গাওঁৰ মানকটা ৰোডৰ আশা বৃদ্ধাশ্ৰমত আইতাসকলৰ সৈতে সুন্দৰকৈ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় । যি সময়ত নাতি নাতিনীৰ সৈতে আনন্দৰে থাকিব লাগিছিল সেই সময়ছোৱাত আজি পুত্ৰ জীয়ৰীৰ পৰা অৱহেলিত হৈও যে সুন্দৰকৈ জীৱন কটাব পাৰি তাৰ নিদৰ্শন এই আশা বৃদ্ধাশ্ৰম । এই সুযোগতে মঞ্জু বৰুৱা বাইদেউক ধন্যবাদ জনালোঁ ইমান ধুনীয়াকৈ আইতাসকলক আলপৈচান ধৰি আশ্ৰমখন নিয়াৰিকৈ চলাই যোৱাৰ বাবে 🙏
আজি আইতাসকলৰ সৈতে নাছ,গান,খেল ধেমালি কৰি পুৰস্কাৰও বিতৰণ কৰা হয় আৰু নতুন বস্ত্ৰও প্ৰদান কৰা হয় ডিব্ৰুগড় জিলাৰ Wariors ৰ ফালৰ পৰা । আইতা সকলৰ মৰমৰ মাজত দিনটো অতিবাহিত কৰিবলৈ পাই নিজকে ধন্য মানিছো। শেষত সকলোৱে লগে ভাগে এসাঁজ খোৱা হয়‌।
আজিৰ অনুষ্ঠানটোত উপস্থিত থাকে সভানেত্ৰী ইলুমণি দত্ত ,সম্পাদিকা নিবেদিতা কোঁৱৰ,
সহকাৰী সম্পাদিকা কল্পনা চাংমাই ,ৰক্ত প্ৰশাসিকা জিণুমণি ভূঞা আৰু সদস্যা তৃষ্ণা শৰ্মা

ধন্যবাদেৰে
প্ৰতিবেদক
সভানেত্ৰী/সম্পাদিকা
ডিব্ৰুগড় জিলা

প্ৰতিবেদন Wariors মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোতিৰ্ময় সমাজ বিষয় - মুকলি সভা আৰু সতীৰ্থৰ সৈতে প্ৰীতিভোজ...
29/01/2026

প্ৰতিবেদন
Wariors মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোতিৰ্ময় সমাজ
বিষয় - মুকলি সভা আৰু সতীৰ্থৰ সৈতে প্ৰীতিভোজ
স্থান: মাইজান, ডিব্ৰুগড় ।
তাৰিখ: [২৫/০১/২০২৬]
Wariors ডিব্ৰুগড় জিলাৰ উদ্যোগত এখনি মুকলি সভা আৰু প্ৰীতিভোজৰ আয়োজন কৰা হয় ।
সভাত আগন্তুক দিনত হ'বলগীয়া মহিলা ড্ৰাইভিং প্ৰশিক্ষণৰ বিষয় সামৰি কেনেদৰে কামবোৰ আগবাঢ়িছে সেই বিষয়ত আলোচনা কৰা হয়। তাৰ পিছতে আগন্তুক দিনত ডিব্ৰুগড় জিলাখন আগুৱাই নিবলৈ কেনেধৰণৰ পদক্ষেপ লব লাগে সেই বিষয়েও আলোচনাত স্থান পায় আৰু অহা ২৬জানুৱাৰী ২০২৬ তাৰিখে গণৰাজ্য দিৱসৰ উপলক্ষ্যে এখন চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।
শেষত উপস্থিত সকলো সতীৰ্থক আগন্তুক দিনবোৰত তেওঁলোকৰ উপস্থিতি কামনা কৰি একেলগে আনন্দ মনেৰে এসাঁজ ভাত খোৱা হয়।

প্ৰতিবেদক -
নিবেদিতা কোঁৱৰ (সম্পাদিকা)
ডিব্ৰুগড় জিলা।

আজি উপস্থিত থকা সতীৰ্থসকল
১/শক্তি ভট্টাচাৰ্য
২/ইলুমণি দত্ত
৩/ নিবেদিতা কোঁৱৰ
৪/বুবু কোঁচ
৫/দিগন্ত গগৈ
৬/ বাসন্তী ফুকন
৭/ভাৰতী শৰ্মা
৮/ জিণুমণি ভুঞা
৯/ কল্পনা চাংমাই
১০/ মৌচুমী বৰগোহাঁই গগৈ
১১/ ভাগ্যশ্ৰী দিহিঙীয়া
১২/ ৰেখা চেতিয়া
১৩/ পল্লৱী বৰুৱা
১৪/ ৰেণুমাই চেতিয়া
১৫/তৃষ্ণা শৰ্মা
১৬/মঞ্জুলা বৰুৱা
১৭/ পাপুমণি গগৈ

22/12/2025

উম কাৰ্যসূচী

WARIORSমহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোতিৰ্ময় সমাজ । ডিব্ৰুগড় জিলাৰ বিষয়--শিশু দিৱস  উদযাপনস্হান--- হাত ...
15/11/2025

WARIORS
মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোতিৰ্ময় সমাজ ।
ডিব্ৰুগড় জিলাৰ

বিষয়--শিশু দিৱস উদযাপন

স্হান--- হাত খুলা বঙালীগাওঁ অংগনবড়ী কেন্দ্ৰ ।

আজি ইংৰাজী ১৪/১১/২০২৫ তাৰিখ শুক্ৰবাৰে ডিব্ৰুগড় জিলাৰ উদ্যোগত আঞ্চলিকৰ সহযোগত পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম দিনৰ উপলক্ষে তেখেতৰ জন্ম দিনটোত প্ৰতিবছৰে শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে।
সেয়েহে আজি শিশু দিৱসৰ লগত সংগতি ৰাখি কণ কণ শিশু সকলৰ মাজত ডিব্ৰুগড় জিলাৰ আৰু চাবুৱা আঞ্চলিকৰ তৰফৰ পৰা এটি কেক্ কাতি শিশু সকলৰ বিভিন্ন প্ৰতিভাৰ উমান লোৱা হয় ।
শিশু দিৱস উপলক্ষে শিশু সকলক উৎসাহিত আৰু প্ৰেৰণা দিয়াৰ উদ্দেশ্যৰে প্ৰত্যেক জন শিশুকে একোটাকৈ চকলেট দিয়া হয়। অংগনবড়ী কেন্দ্ৰৰ শিক্ষয়িত্ৰী তথা সহায়িকা গৰাকীয়ে আমাক যথেষ্ঠ সহায় আগবঢ়োৱাৰ বাবে ডিব্ৰুগড় জিলাৰ চাবুৱা আঞ্চলিকৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।
আজিৰ কাৰ্য্যসূচীত উপস্থিত থকা সতীৰ্থ সকল হ'ল--
১/ইলুমণি দত্ত
২/ৰেনুমাই চেতিয়া
৩/মঞ্জুলা বৰুৱা
ডিব্ৰুগড় জিলা চাবুৱা আঞ্চলিক । ১৪/১১/২০২৫
ধন্যবাদেৰে
সভানেত্ৰী/সম্পাদিকা
**********************

Address

Dibrugarh
786003

Website

Alerts

Be the first to know and let us send you an email when Wariors Dibrugarh Branch posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category