04/09/2026
ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সন্মানীয় সাংগঠনিক সম্পাদক মাননীয় শ্ৰীযুত ৰবীন্দ্ৰ জি আৰ ৰাজুজী ডাঙৰীয়ালৈ ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰপৰা ওপজা দিনৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। 🙏🌷
আপোনাৰ সুদক্ষ সাংগঠনিক নেতৃত্ব, নিষ্ঠা, কৰ্মদক্ষতা আৰু দলৰ প্ৰতি থকা একনিষ্ঠ সেৱাই অসংখ্য কাৰ্যকৰ্তাক সদায় অনুপ্ৰাণিত কৰি আহিছে। আপোনাৰ অভিজ্ঞতা আৰু মাৰ্গদৰ্শনে ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
এই পৱিত্ৰ জন্মদিনৰ শুভক্ষণত ভগৱানৰ ওচৰত আপোনাৰ সুস্বাস্থ্য, দীৰ্ঘায়ু, সুখ-শান্তি আৰু সফলতাৰে পৰিপূৰ্ণ এক আনন্দময় জীৱন কামনা কৰিছোঁ।
আগন্তুক দিনবোৰত আপোনাৰ প্ৰতিটো পদক্ষেপ সফল হওক, আপোনাৰ নেতৃত্বত সংগঠন অধিক শক্তিশালী আৰু সুদৃঢ় হওক—তাৰেই আন্তৰিক প্ৰাৰ্থনা। 🙏