District Administration Dibrugarh

District Administration Dibrugarh This is an interface between the District Administration and the people of Dibrugarh. An attempt to bring the administration near to the people.

Apprenticeship Training Programme 2026Air Force Station Mohanbari, Dibrugarh is conducting an Apprenticeship Training Pr...
07/09/2026

Apprenticeship Training Programme 2026

Air Force Station Mohanbari, Dibrugarh is conducting an Apprenticeship Training Programme (ATP) in Communication and Information Technology trades, commencing from 1st October 2026.

Eligible candidates are invited to register through the Apprenticeship India portal. The last date for registration is 7th September 2026.
District Employment Exchange, Dibrugarh
Directorate of Information and Public Relations, Assam

07/09/2026
*District-Level Audit Committee Meeting on Solid Waste Management*A meeting of the District-Level Audit Committee on Sol...
05/09/2026

*District-Level Audit Committee Meeting on Solid Waste Management*

A meeting of the District-Level Audit Committee on Solid Waste Management (SWM), 2026 was held today at the Video Conference Hall, Office of the District Commissioner, Dibrugarh, under the chairmanship of Additional District Commissioner (Urban), Shri Deba Narayan Hazarika,ACS.

The meeting was attended by the District Transport Officer, Joint Director of Health Services, Executive Engineer, PWD (Building), Executive Engineer, PWD (Roads),Executive Engineer, PWD Electrical Division, Regional Executive Engineer, Pollution Control Board, Executive Engineer Upper Assam Division DoHUA, Financial & Accounts Officer, General Manager District Industries & Commerce Centre, and Senior Station Officer Fire & Emergency Services, Dibrugarh.

The meeting focused on the preparation of reporting formats and monitoring parameters for periodic assessment of Solid Waste Management activities. Emphasis was laid on coordinated efforts and effective monitoring to strengthen SWM practices across Dibrugarh district.
CMO Assam
MyGov Assam
Directorate of Information and Public Relations, Assam

ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি সকলো মৌজাদাৰৰ সৈতে এখনি বৈঠক অনুষ্ঠিত কৰা হয় যত ভূমি ৰাজহ সংগ্ৰহৰ সৈতে জ...
05/09/2026

ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি সকলো মৌজাদাৰৰ সৈতে এখনি বৈঠক অনুষ্ঠিত কৰা হয় যত ভূমি ৰাজহ সংগ্ৰহৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়।

অতিৰিক্ত জিলা আয়ুক্ত (ৰাজহ) শ্ৰীমতী শ্ৰৱণা সোণোৱালে সভাপতিত্ব কৰি ৰাজহ সম্পৰ্কীয় বিষয় আৰু নিজ নিজ ৰাজহ বছৰৰ বাবে ভূমি ৰাজহ সংগ্ৰহৰ পৰ্যালোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
CMO Assam
MyGov Assam
Directorate of Information and Public Relations, Assam

*ডিব্ৰুগড়ত ৬৫ সংখ্যক শিক্ষক দিৱসৰ জিলা পৰ্যায়ৰ কেন্দ্ৰীয় অনুষ্ঠান সম্পন্ন*ডিব্ৰুগড় জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্য...
05/09/2026

*ডিব্ৰুগড়ত ৬৫ সংখ্যক শিক্ষক দিৱসৰ জিলা পৰ্যায়ৰ কেন্দ্ৰীয় অনুষ্ঠান সম্পন্ন*

ডিব্ৰুগড় জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত আজি ডিব্ৰুগড় জিলা গ্ৰামোন্নয়ন অভিকৰণৰ জাগৃতি প্ৰেক্ষাগৃহত ৬৫ সংখ্যক শিক্ষক দিৱসৰ জিলা পৰ্যায়ৰ কেন্দ্ৰীয় অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত শিক্ষকসকলৰ অৱদান, ত্যাগ আৰু সমাজ গঠনত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাক সশ্ৰদ্ধে স্মৰণ কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে মহকুমাধিপতি সদৰ (শিক্ষা) শ্ৰী সমুজ্জ্বল বৰাই ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ কৰে।

অনুষ্ঠানত বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰীমতী কবিতা ডেকাই আদৰণী ভাষণ প্ৰদান কৰে। নিৰ্দিষ্ট বক্তা হিচাপে ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° খনীন্দ্ৰ মিশ্ৰ ভাগৱতীয়ে শিক্ষক দিৱসৰ তাৎপৰ্য আৰু শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলৰ দায়িত্ব সম্পৰ্কে বক্তব্য আগবঢ়ায়।

ইয়াৰ উপৰি অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰী পৰিমল মুখাৰ্জী, ডিব্ৰুগড় জিলা অধিবিদ্যা পৰিষদৰ উপ-সভাপতি ড° নি য়ট ৱেংকেন আৰু মহকুমাধিপতি সদৰ (শিক্ষা) শ্ৰী সমুজ্জ্বল বৰাই অনুষ্ঠানত বক্তব্য প্ৰদান কৰে। বক্তাসকলে শিক্ষাৰ গুণগত মান উন্নয়ন, নৈতিক মূল্যবোধৰ বিকাশ আৰু নতুন প্ৰজন্মৰ ভৱিষ্যৎ গঢ়াত শিক্ষকসকলৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে।

অনুষ্ঠানৰ অন্যতম উল্লেখযোগ্য কাৰ্যসূচী হিচাপে বিশিষ্ট শিক্ষকসকলক সন্মানিত কৰা হয়। ৰাজ্যপালৰ বয়োজ্যেষ্ঠ শিক্ষক সন্মান লাভ কৰে ৰংচঙী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীমতী গুণমা ৰাজকোঁৱৰে।

জিলা কৃতী শিক্ষকৰ বঁটাৰে সন্মানিত কৰা হয়—
১. শ্ৰী মানস জ্যোতি হাজৰিকা, সহকাৰী শিক্ষক, পি এম শ্ৰী বকুল উচ্চ মাধ্যমিক বিদ্যালয়।
২. শ্ৰী ৰিজু কুমাৰ চুতীয়া, স্নাতকোত্তৰ শিক্ষক, পি এম শ্ৰী ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়।
৩. শ্ৰী মণ্টু গগৈ, সহকাৰী শিক্ষক, ভৰলুৱা প্ৰাথমিক বিদ্যালয়।

অনুষ্ঠানটোৰ আঁত ধৰে শ্ৰী নীলাভ নয়ন বৰদলৈয়ে। শিক্ষক দিৱসৰ এই জিলা পৰ্যায়ৰ কেন্দ্ৰীয় অনুষ্ঠানে শিক্ষক সমাজৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে শিক্ষা ক্ষেত্ৰখনক অধিক শক্তিশালী আৰু গতিশীল কৰি তোলাৰ সংকল্পকো পুনৰ দৃঢ় কৰে।
CMO Assam
MyGov Assam
Samagra Shiksha Dibrugarh
Directorate of Information and Public Relations, Assam

ডিব্ৰুগড়ত অনুষ্ঠিত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ বৈঠক।  ডিব্ৰুগড় জিলাৰ জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সম...
05/09/2026

ডিব্ৰুগড়ত অনুষ্ঠিত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ বৈঠক।

ডিব্ৰুগড় জিলাৰ জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ ( District Development Co-ordination and Monitoring Committee) (DISHA) বৈঠক আজি ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয়।

সভাত ৰাজ্যসভাৰ সন্মানীয় সাংসদ শ্ৰী তেৰেচ গোৱালা,ৰূপান্তৰ আৰু উন্নয়ন আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, জিলা আয়ুক্ত শ্ৰী বিক্ৰম কৈৰী, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী প্ৰশান্ত ফুকন, খোৱাং বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী চক্ৰধৰ গগৈ , জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ডিপু কুমাৰ ডেকা আৰু জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীমতী পুষ্পাঞ্জলী সোণোৱাল, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ, উপ-মেয়ৰ শ্ৰী উজ্জ্বল ফুকন আৰু ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত শ্ৰীমতী শিৱণী জেৰংগল, জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী অসীম হাজৰিকা, জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী নন্দিতা বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত , সহকাৰী আয়ুক্ত আৰু সকলো বিভাগৰ মুৰব্বী বিষয়া উপস্থিত থাকে।

সভাত জিলাখনৰ ৬টা বিধানসভাতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কার্যসূচী ৰূপায়ণ আৰু অগ্রগতিৰ পর্যালোচনা, ফলপ্ৰসূ সমন্বয় আৰু ৰাইজক সময়মতে সুবিধা প্রদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷
CMO Assam
MyGov Assam
Directorate of Information and Public Relations, Assam

05/09/2026
05/09/2026
05/09/2026

♂ ডিব্ৰুগড় জিলাৰ মৰাণ, ৰাজগড়, পানীতোলা আৰু চেচুঘাট কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত ভিন্ন স্থানত জিলা কৃষি বিভাগৰ ফালৰ পৰা কৰি থকা কৃষক পঞ্জীয়নৰ কেইটামান দৃশ্য।

Himanta Biswa Sarma Pijush Hazarika CMO Assam Department of Agriculture, Assam District Administration Dibrugarh Directorate of Information and Public Relations, Assam Prasanta Phukan Akashvani Dibrugarh

ডিব্ৰুগড় জিলাৰ অন্তৰ্গত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ১৩টা সমষ্টিৰ আটাইকেইটা সমষ্টিৰ চূড়ান্ত ফটো নিৰ্বাচনী তালি...
03/09/2026

ডিব্ৰুগড় জিলাৰ অন্তৰ্গত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ১৩টা সমষ্টিৰ আটাইকেইটা সমষ্টিৰ চূড়ান্ত ফটো নিৰ্বাচনী তালিকা ২ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত সভা অনুষ্ঠিত কৰি প্ৰকাশ কৰা হয়।

প্ৰকাশন প্ৰক্ৰিয়াত সকলো স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ লগতে সংশ্লিষ্ট নিৰ্বাচনী বিষয়া আৰু জিলা প্ৰশাসনৰ বিষয়া উপস্থিত থাকে।

চূড়ান্ত নিৰ্বাচনী তালিকাত মুঠ ভোটাৰ ৭৫,৩৮৪ জন , য’ত ৩৬,২৪৬ জন পুৰুষ, ৩৯,১৩৬ জন মহিলা আৰু ২ জন অন্যান্য শ্ৰেণীৰ অন্তৰ্গত ভোটাৰ ।

চূড়ান্ত নিৰ্বাচনী তালিকা জিলা আয়ুক্ত কাৰ্যালয়ৰ উন্নয়ন শাখা, ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় আৰু OERMS পৰ্টেল আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে উপলব্ধ হব।
Chief Electoral Officer, Assam
Directorate of Information and Public Relations, Assam

Address

Mancotta Road, Chowkidinghee
Dibrugarh
786001

Alerts

Be the first to know and let us send you an email when District Administration Dibrugarh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to District Administration Dibrugarh:

Shortcuts

Share