04/05/2026
নাহৰকটীয়া সমষ্টিবাসী ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা🙏
নাহৰকটীয়া সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ সপোন বুকুত লৈ আৰম্ভ কৰা মোৰ ৰাজনৈতিক যাত্ৰাত দ্বিতীয়বাৰলৈ সমষ্টিবাসী ৰাইজে অগাধ আস্থা, আশিস আৰু আশীৰ্বাদ প্ৰদান কৰি বিপুল ভোটত জয়যুক্ত কৰোৱা বাবে ৰাইজলৈ নতশিৰে প্ৰণাম জনালোঁ।
সমষ্টিৰ উন্নয়ন, জনসেৱাৰ পথত সদায় আগবাঢ়ি গৈ সমূহ ৰাইজৰ সৈতে একত্ৰিতভাবে কাম কৰি নাহৰকটীয়া সমষ্টিক জাকত জিলিকা সমষ্টিৰূপে গঢ়ি তোলাৰ বাবে সৰ্বোচ্চ উজাৰি কাম কৰি যাবলৈ মই সংকল্পবদ্ধ।
এই বৃহৎ জয়ৰ বাবে দিন-ৰাতি একাকাৰ কৰি কাম কৰা বিজেপি তথা মিত্ৰজোঁটৰ সমূহ কাৰ্যকৰ্তা, শুভাকাংক্ষীসহ প্ৰতিগৰাকী ব্যক্তিলৈ পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ভাৰত মাতা কী জয়।। 🇮🇳
ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ।। 🪷