Sonowal Kachari Autonomous Council

Sonowal Kachari Autonomous Council Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sonowal Kachari Autonomous Council, Government Organization, Dibrugarh.

যুৱ প্ৰজন্মক প্ৰশাসনিক সেৱাৰ দিশত আগুৱাই নিয়াৰ লক্ষ্যৰে ২০২৬–২৭ বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ APSC Coachingৰ বাবে মৌখিক সাক্ষ...
29/08/2026

যুৱ প্ৰজন্মক প্ৰশাসনিক সেৱাৰ দিশত আগুৱাই নিয়াৰ লক্ষ্যৰে ২০২৬–২৭ বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ APSC Coachingৰ বাবে মৌখিক সাক্ষাৎকাৰ আজি পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হয়।

এই পৰ্যায়ত ১২ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে সাক্ষাৎকাৰত অংশগ্ৰহণ কৰে। সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ। তোমালোকৰ অধ্যৱসায় আৰু মেধাৰ জৰিয়তে সপোন পূৰণ হওক—এয়াই পৰিষদৰ আন্তৰিক কামনা। 💐

আজি ইংৰাজী ২৭.০৮.২০২৬ তাৰিখে সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ  মুখ্য কাৰ্য্যালয়ত শিক্ষা বিভাগৰ উদ্যোগত ২০২৬–২৭ শিক্ষ...
27/08/2026

আজি ইংৰাজী ২৭.০৮.২০২৬ তাৰিখে সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যালয়ত শিক্ষা বিভাগৰ উদ্যোগত ২০২৬–২৭ শিক্ষাবৰ্ষৰ বিভিন্ন বৃত্তিমূলক, কাৰিকৰী, পেছাদাৰী আৰু উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নিৰ্বাচিত শিক্ষাৰ্থীসকলৰ সৈতে চুক্তি স্বাক্ষৰ অনুষ্ঠান অনুষ্ঠিত হয়।

এই চুক্তিৰ জৰিয়তে General Nursing & Midwifery (GNM), D.Pharm, বিভিন্ন Paramedical পাঠ্যক্ৰম, Engineering, Computer Application, Design, Forensic Science, Business Administration, Hotel Management, Social Work, Physical Education & Sports, MBA, MCA আদি কৰি মুঠ ২৪টা বিভিন্ন পাঠ্যক্ৰম সামৰি লোৱা হৈছে।

শিক্ষাৰ্থীসকলৰ প্ৰতিভা, দক্ষতা আৰু সম্ভাৱনাক সঠিক দিশত আগুৱাই নিয়াৰ লগতে উচ্চ শিক্ষা গ্ৰহণৰ সুযোগ অধিক সুগম কৰি তোলাৰ লক্ষ্যৰে শিক্ষা বিভাগে গ্ৰহণ কৰা এই পদক্ষেপ নিঃসন্দেহে এক প্ৰশংসনীয় আৰু সময়োপযোগী উদ্যোগ।
Tankeswar Sonowal
CMO Assam
Himanta Biswa Sarma

25/08/2026
সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত শিক্ষা বিভাগৰ উদ্যোগত ২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে আৰম্ভ হ'বলগীয়া নাৰ্...
24/08/2026

সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত শিক্ষা বিভাগৰ উদ্যোগত ২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে আৰম্ভ হ'বলগীয়া নাৰ্চিং, ফাৰ্মাচিউটিকেল ছায়েন্স, পেৰা-মেডিকেল, বাণিজ্য, মেনেজমেণ্ট, ইঞ্জিনিয়াৰিং, কম্পিউটাৰকে ধৰি বিভিন্ন বৃত্তিমূলক পাঠ্যক্ৰমসমূহৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মৌখিক সাক্ষাৎকাৰ আজি অনুষ্ঠিত কৰা হয়।

এই সাক্ষাৎকাৰৰ জৰিয়তে যোগ্য ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষাৰ সুযোগ প্ৰদান কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ গঢ়াৰ দিশত পৰিষদে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

সাক্ষাৎকাৰত অংশগ্ৰহণ কৰা সকলো শিক্ষাৰ্থীলৈ পৰিষদৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু উজ্জ্বল ভৱিষ্যতৰ কামনা জনোৱা হ'ল।
CMO Assam
Tankeswar Sonowal
Himanta Biswa Sarma

23/08/2026
আজি বাটঘৰীয়া পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বিষ্ণু-জ্যোতি যুৱ সংঘৰ প্ৰেক্ষাগৃহত ‘আই-ন ভনী ২০২৬ আঁচনি’ৰ জৰিয়তে ১০০টা আত্মসহা...
21/08/2026

আজি বাটঘৰীয়া পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বিষ্ণু-জ্যোতি যুৱ সংঘৰ প্ৰেক্ষাগৃহত ‘আই-ন ভনী ২০২৬ আঁচনি’ৰ জৰিয়তে ১০০টা আত্মসহায়ক গোটক প্ৰথম পৰ্যায়ত ১০,০০০ টকাকৈ এককালীন আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰা হয়।
এই পদক্ষেপে আমাৰ সোণোৱাল মাতৃসকলক অধিক স্বাৱলম্বী কৰি তোলাৰ লগতে মহিলা সবলীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ পথত এক নতুন খোজ আগবঢ়াব বুলি আমি আশাবাদী।

অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত থাকে—
লখিমপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰীযুত প্ৰদান বৰুৱা ডাঙৰীয়া, সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় শ্ৰীযুত টংকেশ্বৰ সোনোৱাল ডাঙৰীয়া,
পৰিষদীয় শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য শ্ৰীযুত খনীন্দ্ৰ সোনোৱাল ডাঙৰীয়া,
বাটঘৰীয়া পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্যা ড°নন্দিনী ডেকা ডাঙৰীয়ানী,
সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক শ্ৰীযুত পৰীক্ষিত সোনোৱাল ডাঙৰীয়া,
সোণোৱাল কছাৰী সাহিত্য সভাৰ বিষয়ববীয়া, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ জিলা ও আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল আৰু বহু বিশিষ্ট ব্যক্তি আৰু শিক্ষাবিদ সকল।
Tankeswar Sonowal
Himanta Biswa Sarma
CMO Assam

আজি সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা সোনোৱাল কছাৰী কালচাৰেল চ’চাইটিক কৰ্পাছ নিধিৰ অধীনত তিনিকোটি টকা প্ৰদান ...
20/08/2026

আজি সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা সোনোৱাল কছাৰী কালচাৰেল চ’চাইটিক কৰ্পাছ নিধিৰ অধীনত তিনিকোটি টকা প্ৰদান কৰা হয়।

এই ধন স্থায়ী নিধি হিচাপে সংৰক্ষিত থাকিব। উক্ত নিধিৰ পৰা প্ৰাপ্ত সুতৰ জৰিয়তে সোনোৱাল কছাৰী কালচাৰেল চ’চাইটিয়ে জনগোষ্ঠীটোৰ ভাষা-সাহিত্য, কলা-সংস্কৃতিৰ উন্নয়ন আৰু সংৰক্ষণৰ কাম সুচাৰুৰূপে অব্যাহত ৰাখিব পাৰিব।

এই ঐতিহাসিক অৰিহণাই সংগঠনটোৰ সাংস্কৃতিক কৰ্মকাণ্ডত নতুন গতি আৰু শক্তি প্ৰদান কৰিব বুলি আমি আশাবাদী।
Tankeswar Sonowal
Sonowal Kachari Youth & Cultural Festival 2023
All Assam Sonowal Kachari Students' Union

আজি সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সৰ্বভাৰতীয় লোকপিয়ল সন্দৰ্ভত এখন ...
20/08/2026

আজি সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সৰ্বভাৰতীয় লোকপিয়ল সন্দৰ্ভত এখন যৌথ ৰাজহুৱা সভা সফলতাৰে অনুষ্ঠিত হয়।

সভাখন সঞ্চালনা কৰে সোনোৱাল কছাৰী ৰাও মেলৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত শান্তনু দাস বৰহাজোৱাল ডাঙৰীয়াই।

উক্ত সভাত সোনোৱাল কছাৰী জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰি নিজ বক্তব্য আগবঢ়ায়। সভাত উপস্থিত থকা সংগঠনসমূহ হ’ল—
*সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থা*
*সোনোৱাল কছাৰী জাতীয় পৰিষদ*
*সদৌ অসম সোনোৱাল কছাৰী কল্যাণ সংঘ*
*খ্ৰীং খ্ৰীং বাইথ’ সংস্কৃতি সমাজ*
*সোনোৱাল কছাৰী সৰ্ববংশাৱলী সভা*
*সোনোৱাল কছাৰী নাৰী সন্থা*
*সোনোৱাল কছাৰী যুৱ পৰিষদ*
*সোনোৱাল কছাৰী ৰাও মেল*
*সোনোৱাল কছাৰী কালচাৰেল চ’চাইটি*
*সোনোৱাল কছাৰী সাহিত্য সভা*
*সোনোৱাল কছাৰী সমাজ*

সভাত সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া,
সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সন্মানীয় শ্ৰীযুত বিদিত দাস ডাঙৰীয়া,
ৰাজা গুৰু তপন সোনোৱাল দেৱ, লগতে পৰিষদৰ কাৰ্য্যবাহী সদস্যসকল উপস্থিত থাকে।

সভাত সকলো সংগঠনৰ প্ৰতিনিধিয়ে সৰ্বভাৰতীয় লোকপিয়লত সোনোৱাল কছাৰী জনগোষ্ঠীৰ সঠিক আৰু নিৰ্ভুল তথ্য অন্তৰ্ভুক্তি, জনগোষ্ঠীটোৰ স্বকীয় পৰিচয় সংৰক্ষণ আৰু সাংবিধানিক অধিকাৰ সাব্যস্তকৰণৰ ওপৰত বিস্তৃত আলোচনা কৰে।

এই যৌথ ৰাজহুৱা সভা আৰু ঐক্যবদ্ধ উদ্যোগে সৰ্বভাৰতীয় লোকপিয়লৰ ক্ষেত্ৰত সোনোৱাল কছাৰী জনগোষ্ঠীৰ স্বকীয় অস্তিত্ব আৰু তথ্য সংৰক্ষণৰ বিষয়ত এক শক্তিশালী আৰু সুস্পষ্ট বাৰ্তা প্ৰেৰণ কৰিব বুলি আমি দৃঢ়ভাবে আশা কৰা হয় ।
Tankeswar Sonowal

20/08/2026

আজি সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদীয় উদ্যোগত
সৰ্বভাৰতীয় লোকপিয়ল সন্দৰ্ভত সোনেৱাল কছাৰী জাতীয় সংগঠনৰ- অনুষ্ঠানৰ সৈতে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্রেক্ষাগৃহ
পৰিষদৰ যৌথ ৰাজহুৱা সভাৰ পোনপটীয়া সম্প্ৰচাৰ

Address

Dibrugarh
786003

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9:30am - 5pm
Saturday 9:30am - 5pm

Alerts

Be the first to know and let us send you an email when Sonowal Kachari Autonomous Council posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Sonowal Kachari Autonomous Council:

Shortcuts

Share