The জ্ঞানতীৰ্থ Talk

The জ্ঞানতীৰ্থ Talk ইতিবাচক মন ইতিবাচক চিন্তা: আহক, কিছু সময় নিজলৈ উভতি চাওঁ, কথা পাতোঁ, ভাবোঁ আৰু একেলগে অন্তৰৰ যাত্ৰাত আগবাঢ়োঁ৷

“No” বুলি ক'বলৈ শিকা দিনটোএটা দিন আহিছিল, যিদিনা মই নিজক সঁচাকৈয়ে চিনি পাইছিলোঁ। সেইদিনাই মই প্ৰথমবাৰৰ বাবে বুজি পাইছিল...
17/07/2026

“No” বুলি ক'বলৈ শিকা দিনটো

এটা দিন আহিছিল, যিদিনা মই নিজক সঁচাকৈয়ে চিনি পাইছিলোঁ। সেইদিনাই মই প্ৰথমবাৰৰ বাবে বুজি পাইছিলোঁ যে সকলোকে সুখী কৰি ৰাখিব নোৱাৰি। আনৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ গৈ মই নিজৰ ইচ্ছা, সময় আৰু মানসিক শান্তিক বিসৰ্জন দি আহিছিলোঁ।

সেইদিনাৰ পৰা মই এটা সৰু কিন্তু শক্তিশালী শব্দ শিকিলোঁ—"No"।

এই "No" কোনো অহংকাৰ নাছিল, কোনো বিদ্বেষো নাছিল। এই "No" আছিল নিজৰ সীমাবদ্ধতাক সন্মান জনোৱা, নিজৰ মূল্যবোধক ৰক্ষা কৰা আৰু নিজৰ জীৱনক নিজৰ লক্ষ্যৰ দিশে আগুৱাই নিয়াৰ দৃঢ়তা।

আগতে মই আনৰ মন নাভাঙিবলৈ বহু কাম কৰিছোঁ, যিবোৰ মোৰ কৰিবলগীয়া নাছিল। কিন্তু যিদিনা "No" ক'বলৈ শিকিলোঁ, সেইদিনাৰ পৰা মই কেৱল সেই কামবোৰ কৰিবলৈ আৰম্ভ কৰিলোঁ যিবোৰ মোৰ কৰ্তব্য, মোৰ লক্ষ্য আৰু মোৰ জীৱনৰ উদ্দেশ্যৰ সৈতে খাপ খায়।

আচৰিত কথাটো হ'ল, "No" কোৱাৰ ফলত মই কিবা হেৰুৱা নাছিলোঁ; বৰঞ্চ মই নিজৰ সময়, শক্তি, আত্মসন্মান আৰু মানসিক শান্তি ঘূৰাই পাইছিলোঁ।

জীৱনৰ এটা পৰ্যায়ত "হ’ব" বুলি কোৱাটো যিমান গুৰুত্বপূৰ্ণ, ঠিক তেনেদৰে সঠিক সময়ত "নোৱাৰো" বুলি কোৱাটোও সমানেই প্ৰয়োজনীয়। কাৰণ প্ৰতিটো "নোৱাৰো"ৰ আঁৰত লুকাই থাকে নিজৰ সপোন, নিজৰ মূল্যবোধ আৰু নিজৰ জীৱনক সঠিক পথত আগুৱাই নিয়াৰ এক দৃঢ় সংকল্প।

মই আজিও বিশ্বাস কৰোঁ—যিদিনা মানুহে অপৰাধবোধ নোহোৱাকৈ সন্মানজনকভাৱে "নোৱাৰো" ক'বলৈ শিকে, সেইদিনাই তেওঁ নিজৰ জীৱনৰ প্ৰকৃত স্বাধীনতাৰ পথত খোজ পেলায়।
—ড° Samadrita Yogamaya Goswami

✨ বিশেষ লেখা | The জ্ঞানতীৰ্থ Talk📖 “গুৰু আৰু শিষ্য”✍️ ভাৱানুবাদ : দেৱজানী বৰদলৈজীৱনত আমি কেতিয়াবা ভাবো—গুৰু মানে কেৱল ...
10/07/2026

✨ বিশেষ লেখা | The জ্ঞানতীৰ্থ Talk
📖 “গুৰু আৰু শিষ্য”
✍️ ভাৱানুবাদ : দেৱজানী বৰদলৈ

জীৱনত আমি কেতিয়াবা ভাবো—গুৰু মানে কেৱল এজন ব্যক্তি। কিন্তু এই লেখাটোৱে দেখুৱাইছে, শিকিবলৈ মন থাকিলে সমগ্ৰ পৃথিৱীখনেই আমাৰ গুৰু হ’ব পাৰে৷ আহকচোন এই লেখাটো পঢ়ি চাওঁ

মহান চুফী সাধক হাচানৰ মৃত্যুশয্যাত কোনোবাই তেওঁক সুধিলে, “হাচান, আপোনাৰ গুৰু কোন আছিল?”

হাচানে মৃদু হাঁহি উত্তৰ দিলে, “মোৰ হাজাৰ হাজাৰ গুৰু আছিল। যদি তেওঁলোকৰ সকলোৰে নাম ক’বলৈ আৰম্ভ কৰো, তেন্তে মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ লাগি যাব। এতিয়া সেই সময়ো নাই। কিন্তু মোৰ জীৱনৰ তিনিজন গুৰুৰ কথা নিশ্চয় ক’ম।

প্ৰথমজন আছিল এজন চোৰ।

এবাৰ মই মৰুভূমিত বাট হেৰুৱাই পেলাইছিলো। বহু কষ্টৰে এখন গাঁৱত উপস্থিত হওঁতে গভীৰ নিশা হৈছিল। সকলো দুৱাৰ খিৰিকী বন্ধ। অৱশেষত দেখিলো, এজন মানুহে এটা ঘৰৰ বেৰ ফুটা কৰি ভিতৰলৈ সোমাবলৈ চেষ্টা কৰি আছে।

মই তেওঁক সুধিলো, “মই আজি ৰাতিটো ক’ত থাকিব পাৰিম?”

তেওঁ হাঁহি ক’লে, “এতিয়া আপোনাৰ বাবে ঠাই বিচাৰি পোৱাটো কঠিন। যদি আপত্তি নাথাকে, মোৰ লগতেই থাকিব পাৰে। অৱশ্যে মই এজন চোৰ।”

মানুহজনৰ ব্যৱহাৰ ইমান আন্তৰিক আৰু হৃদয়স্পৰ্শী আছিল যে মই তেওঁৰ ওচৰত এমাহ থাকিলো।

প্ৰতি নিশাই তেওঁ মোক কয়, “এতিয়া মই মোৰ কামলৈ যাওঁ। আপুনি বিশ্ৰাম লওক, ধ্যান কৰক, প্ৰাৰ্থনা কৰক।”

পুৱা উভতি আহিলে মই সোধো, “আজি কিবা পালানে?”

তেওঁ সদায় হাঁহিমুখে কয় , “আজি নহ’ল। কিন্তু ঈশ্বৰে বিচাৰিলে কাইলৈ নিশ্চয় হ’ব।”

এদিনো তেওঁ নিৰাশ হোৱা নাছিল। ব্যৰ্থতাই তেওঁৰ উৎসাহ কমাব নোৱাৰিছিল। তেওঁ সদায় আশাবাদী আছিল।

পিছত মই বছৰ বছৰ ধৰি ধ্যান কৰিলো। কিন্তু একো বিশেষ উপলব্ধি নহ’ল। বহু সময়ত ইমানেই হতাশ হৈছিলো যে ভাবিছিলো, “এই সকলোবোৰ বাদ দিওঁ।”

ঠিক সেই মুহূৰ্ততে সেই চোৰজনৰ কথা মনত পৰিছিল। তেওঁৰ সেই সহজ অথচ গভীৰ বাক্যটো মোৰ অন্তৰত পুনৰ ধ্বনিত হৈছিল,

“ঈশ্বৰে বিচাৰিলে কাইলৈ নিশ্চয় হ’ব।”

সেই স্মৃতিয়ে মোক পুনৰ সাহস দিছিল, ধৈৰ্য ধৰিবলৈ শিকাইছিল আৰু সাধনাৰ পথত অটল হৈ থাকিবলৈ অনুপ্ৰেৰণা দিছিল।

মোৰ দ্বিতীয়জন গুৰু আছিল এটা কুকুৰ।

এদিন মই তৃষ্ণাতুৰ হৈ নদীৰ পিনে গৈ আছিলো। সেই সময়তে এটা কুকুৰো পানী খাবলৈ আহিল। সিও বৰ তৃষ্ণাৰ্ত আছিল। পানীত চকু পেলাওঁতেই সি নিজৰেই প্ৰতিবিম্ব দেখিলে। সি ভাবিলে, আন এটা কুকুৰ পানীৰ মাজত থিয় হৈ আছে। ভয়তে সি ঘেউ-ঘেউ কৰি আঁতৰি গ’ল।

কিন্তু তৃষ্ণা ইমানেই তীব্ৰ আছিল যে অলপ পাছতেই পুনৰ আহিল। আকৌ প্ৰতিবিম্ব দেখি ভয় খাই উভতি গ’ল। এনেকৈ কেইবাবাৰো হ’ল।

অৱশেষত তৃষ্ণাই ভয়ক জয় কৰিলে। সি সাহস কৰি নদীত জঁপিয়াই পৰিল। মুহূৰ্ততে প্ৰতিবিম্বটো নাইকিয়া হ’ল আৰু সি নিশ্চিন্তমনে পানী খাব পাৰিলে।

সেই মুহূৰ্ততে মই উপলব্ধি কৰিলোঁ যেন ঈশ্বৰে সেই কুকুৰৰ জৰিয়তে মোক এটা অমূল্য শিক্ষা দিলে যে ভয় থাকিলেও আগবাঢ়িব লাগে। সাহসেৰে জঁপিয়াই পৰিলেহে ভয়ৰ ভ্ৰম দূৰ হয়।

মোৰ তৃতীয়জন গুৰু আছিল এজন সৰু শিশু।

এদিন মই এখন নগৰত সোমাওঁতে দেখিলো, এজন সৰু ল’ৰাই হাতত এটা জ্বলি থকা মমবাতি লৈ মছজিদলৈ গৈ আছে।

মই অলপ ধেমালিৰ সুৰত সুধিলো, “এই মমবাতিটো তুমি নিজেই জ্বলাইছানে?”

শিশুটিয়ে ক’লে, “হয়, মহাশয়।”

মই সুধিলোঁ, “এটা মুহূৰ্ত আগলৈকে মমবাতিটো নুমাই আছিল, তাৰ পিছত জ্বলি উঠিল। ক’ব পাৰিবা নেকি, এই পোহৰটো ক’ৰ পৰা আহিল?”

শিশুটিয়ে মিচিকিয়াই হাঁহিলে। তাৰ পিছত ফুঁ মাৰি মমবাতিটো নুমুৱাই দিলে আৰু ক’লে,

“আপুনি দেখিলে, পোহৰটো গ’ল। এতিয়া আপুনিয়েই ক’ব পাৰিব নেকি, ই ক’লৈ গ’ল? যদি আপুনি ক’ব পাৰে যে পোহৰটো ক’লৈ গ’ল, তেন্তে মই ক’ম, ই ক’ৰ পৰা আহিছিল। য’ৰ পৰা আহিছিল, তালৈকে উভতি গ’ল।”

শিশুটিৰ এই সহজ উত্তৰে মোৰ অহংকাৰ মুহূৰ্ততে চূৰ্ণ বিচূৰ্ণ কৰি পেলালে। মোৰ সকলো পাণ্ডিত্য, সকলো জ্ঞানৰ গৰ্ব ভাঙি গ’ল। সেই ক্ষণতে মই নিজৰ অজ্ঞানতাক গভীৰভাৱে উপলব্ধি কৰিলো।

সেই দিনাৰ পৰা মই নিজৰ জ্ঞানৰ অহংকাৰ সম্পূৰ্ণৰূপে ত্যাগ কৰিলো।

প্ৰকৃততে মোৰ কোনো এজন নিৰ্দিষ্ট গুৰু নাছিল। কিন্তু তাৰ অৰ্থ এই নহয় যে মই শিষ্য নাছিলো। বৰং সমগ্ৰ অস্তিত্বকেই মই মোৰ গুৰু হিচাপে গ্ৰহণ কৰিছিলোঁ।

মোৰ শিষ্যত্ব ইমান গভীৰ আছিল যে অস্তিত্বৰ প্ৰতিটো ৰূপৰ পৰা মই শিক্ষা ল’বলৈ সদায় প্ৰস্তুত আছিলো। মই মেঘৰ পৰা শিকিছো, গছ-গছনিৰ পৰা শিকিছো, নদী, জীৱ-জন্তু, মানুহ যেতিয়াই যি যি মোৰ সন্মুখত আহিছে, সকলোৰে পৰাই শিক্ষা গ্ৰহণ কৰিছো। মোৰ এজন গুৰু নাছিল, কাৰণ মোৰ লাখ লাখ গুৰু আছিল।

আধ্যাত্মিক পথত শিষ্য হোৱা অতি প্ৰয়োজনীয়। শিষ্য হোৱাৰ অৰ্থ হৈছে—শিকিবলৈ সক্ষম হোৱা, শিকিবলৈ সদায় মুকলি হৈ থকা, সত্যৰ আগত বিনম্ৰভাৱে সমৰ্পিত হোৱা আৰু সমগ্ৰ অস্তিত্বৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ প্ৰস্তুত থকা।

গুৰুৰ ওচৰত প্ৰথমে শিকিবলৈ শিকা যায়।

গুৰু যেন এটা সাঁতোৰা পুখুৰী। তাত তুমি সাঁতোৰ শিকি লোৱা। এবাৰ সাঁতোৰ শিকি ল’লে, তাৰ পিছত সমগ্ৰ সাগৰেই তোমাৰ বাবে মুকলি হৈ যায়।
— Bordoloi

📌 এই লেখাৰ পৰা কিছুমান অমূল্য শিক্ষা—
📍 চোৰৰ পৰা শিক্ষা
➡️ ব্যৰ্থতা আহিলেও আশা এৰি নিদিবা।
➡️ ধৈৰ্য আৰু অধ্যৱসায়েই সফলতাৰ চাবিকাঠি।
📍 এটা কুকুৰৰ পৰা শিক্ষা
➡️ ভয়ক জয় কৰিবলৈ হ’লে আগবাঢ়িবই লাগিব।
➡️ সাহসেৰে প্ৰথম পদক্ষেপ ল’লেই বহু ভয় নিজেই নাইকিয়া হয়।
📍 এজন সৰু শিশুৰ পৰা শিক্ষা
➡️ অহংকাৰে জ্ঞানৰ দুৱাৰ বন্ধ কৰে।
➡️ বিনম্ৰতাইহে প্ৰকৃত জ্ঞানৰ পথ মুকলি কৰে।
📌 লেখাটোৰ মূল বাৰ্তা
✅ শিকিবলৈ সদায় প্ৰস্তুত থাকক।
✅ সত্যৰ আগত বিনম্ৰ হওক।
✅ জীৱনৰ প্ৰতিটো অভিজ্ঞতাক গুৰু হিচাপে গ্ৰহণ কৰক।
✅ যিজন ভাল শিষ্য, তেওঁহে এদিন প্ৰকৃত গুৰু হ’ব পাৰে।
🌿 “গুৰুৰ ওচৰত প্ৰথমে শিকিবলৈ শিকা যায়। এবাৰ শিকিবলৈ শিকিলে, সমগ্ৰ পৃথিৱীখনেই আপোনাৰ বিদ্যালয় হৈ পৰে।”

💬 আপোনাৰ জীৱনত কোনজন ব্যক্তি বা কোনটো অভিজ্ঞতাই আটাইতকৈ ডাঙৰ শিক্ষা দিছে? মন্তব্যত জনাব।

অভিভাৱকে এই ১০ টা কাম কৰেনে? 🌱1️⃣ ত্যাগ 📵সন্তানৰ কাৰণেই আমি নিজে মোবাইল ফোনটো চোৱা কমাব নোৱাৰোনে? অদৰকাৰতে মোবাইল ফোন চো...
03/07/2026

অভিভাৱকে এই ১০ টা কাম কৰেনে? 🌱

1️⃣ ত্যাগ 📵
সন্তানৰ কাৰণেই আমি নিজে মোবাইল ফোনটো চোৱা কমাব নোৱাৰোনে? অদৰকাৰতে মোবাইল ফোন চোৱাৰ লগত আমাৰ ব্যক্তি স্বাধীনতাৰ নিশ্চয়কৈ সম্পৰ্ক নাই? এইকন ত্যাগ যদি কৰোঁ সন্তানেও ফোনটো বিচাৰি নাথাকিব৷

2️⃣ খেলাধূলা ⚽🏸
বাহিৰৰ চোতালত/বাৰান্দাত মুকলি মনেৰে খেলাধূলা কৰিবলৈ আমি সন্তানক কিমান প্ৰেৰণা দিওঁ? আবেলি ক’ৰবাত গৈ ক্ৰিকেট/বেডমিণ্টন/টাইক’ৱানড’ৰ প্ৰশিক্ষণৰ উপৰঞ্চি মুকলিকৈ খেলিবলৈ আমি সন্তানক সুবিধা কৰি দিওঁনে? উৎসাহিত কৰোঁনে?

3️⃣ মাটিৰ সৈতে সম্পৰ্ক 🌱🦶
আমাৰ সন্তানে মাটি চুই পাইছেনে? মাটিৰে আম-আপেল-ৰঙালাও এইবোৰ বনাই পাইছেনে? মাটিত খালি ভৰিৰে খোজ কাঢ়েনে? নে মাটিত খালি ভৰিৰে ঘূৰিলে আপুনি চিঃচিঃ কৰে?

4️⃣ পানীৰ সৈতে সম্পৰ্ক 🌧️⛵
পথাৰত নামি পাইছেনে আমাৰ সন্তান? পথাৰ বাৰু বাদ দিলোঁ, বৰষুণ দিয়াৰ পাচত যে ঘৰৰ বাহিৰখনত পানী জমা হয় বা নলাৰে পানী যায় তাত কাগজৰ নাওখনকে চলাই ফুৰ্তি কৰি পাইছেনে আমাৰ সন্তানে? বৰষুণ দিয়াৰ পাচত যে মাটিৰ গোন্ধ এটা আহে সেয়া চিনি পাইনে আমাৰ সন্তানে?

5️⃣ বেলিৰ সৈতে সম্পৰ্ক ☀️
বাহিৰ ওলালেই লগত ছাতিটো নিশ্চয় দি পঠাই সন্তানক? কেতিয়াবা বেলিৰ পোহৰ গাত পৰাকৈ বাহিৰত সময় কটাই পাইছেনে আমাৰ সন্তানে?

6️⃣ জীৱ-জন্তুৰ সৈতে সম্পৰ্ক 🐄🐕🐦
ৰাস্তাৰ গৰু-ছাগলীবোৰ নাইবা কুকুৰবোৰলৈ চাইনে আপোনাৰ সন্তানে? সিহঁতো যে চাবলগীয়া বস্তু সেয়া আমি সন্তানক শিকাইছোনে? গৰুৱে যে মচক মচককে ঘাঁহ খাই সেয়া মন কৰি পাইছেনে আমাৰ সন্তানে?

7️⃣ কিতাপ পঢ়াৰ অভ্যাস 📚
বাহিৰা কিতাপ কিমান পঢ়ে আমাৰ সন্তানে? আমাকে চাই সন্তানে পঢ়িবলৈ আগ্ৰহী হ’ব পৰাকৈ আমি নিজেনো কিমান পঢ়োঁ কিতাপ?

8️⃣ আনক সহায় 🤝
আমাৰ সন্তানে সৰু-সুৰা কামত আমাক সহায় কৰি দিয়েনে? আমি শিকাইছোঁনে এই কথা? নাইবা আনকো সহায় কৰিবলৈ উৎসাহিত কৰি পাইছোনে? আমি নিজে আনক কিমান সহায় কৰোঁ?

9️⃣ গান গুণগুণোৱা 🎶🎤
গান শুনাওঁনে আমি সন্তানক? আমাৰ সময়ত ৰেডিঅ’ আছিল৷ আজিকালিটো সেয়াও নাই যে ক’ৰবাত ধুনীয়া গান লাগি থাকিব আৰু আজিৰ প্ৰজন্মই শুনিব৷ কিশোৰ হৈ, যুৱক হৈ আমাৰ সন্তানে গান গুণগুণাব পাৰিবনে?

🔟 খোৱা-বোৱা 🥬🍚
মানিমুনি, ঢেকীয়া, ঔটেঙা, ভেদাইলতা, পিঠাগুৰি, সান্দহ এইবোৰ কিমান খুৱাওঁ আমি সন্তানক? মম’ চাউমিন চকলেটটো ঠিকেই খুৱাওঁ আমি? আমি যে মাকবোৰে সন্তানক এইবোৰ খুৱাই “স্ল’ পইজনিং” কৰি আছোঁ তাৰ বোধ আমাৰ আছেনে? আচ্ছা, আমাৰ নিজৰে কিমান লোভ আছে মম’ মেগীলৈ বাৰু? নাম ক’লেই জিভাৰ পানী হাজিৰ নহয়নে? 🍜🍫

🌿 যেতিয়ালৈকে আমি আমাৰ সন্তানক প্ৰকৃতিৰ সৈতে একাত্ম হ’বলৈ নিশিকাওঁ, কিতাপৰ মহত্ত্ব কি সেয়া নুবুজাওঁ, তেতিয়ালৈকে অভিভাৱক হিচাপে আমি ব্যৰ্থ৷ আমি যে প্ৰকৃতিৰে এটি অংশ এই বোধ সন্তানক দিয়াৰ পৰিৱেশ অভিভাৱকেই ৰচনা কৰিব লাগিব৷

❤️ এই ক্ষেত্ৰত মাকবোৰে কৰোঁ বুলিলে বহুত কিবাকিবি কৰিব পাৰে৷ সন্তানক কেৱল পঢ়-পঢ় কৰোঁতেই আজিকালি মাকবোৰৰ সময়বোৰ যায়৷ সন্তানে অকল পঢ়ি থাকিলে নম্বৰ পাব বাৰু, এদিন চাকৰিও পাব কিন্তু আপুনি গঢ়া এই মেচিনটো অনুভূতিহীন হ’ব৷

😔 আচলতে অনুভূতিহীন হৈছেই আজিৰ প্ৰজন্ম৷ মন কৰিবচোন আজিকালিৰ ল’ৰা-ছোৱালীয়ে মানুহৰ চকুলৈ নাচায়৷ ভুলটো ক’ত কৰি আছে অভিভাৱকে সময় থাকোঁতেই ভাবিলে ভাল৷

🌼 নম্বৰৰ নিগনী দৌৰত অধিক মন দি প্ৰত্যেক মাক-দেউতাকে সন্তানক প্ৰত্যেকদিনাই হেৰুৱাই আছে৷ জীৱনৰ মহত্ত্ব কি, আমি যে এটা জীৱন পালোঁ তাৰ লক্ষ্য কি—এইবোৰ চিন্তাই অভিভাৱকৰ মগজুত কেতিয়াবা ঠাই পাবনে? 🤲

—ড° Samadrita Yogamaya Goswami

মানসিক "Trigger" বোৰে আপোনাৰ বিষয়ে কি কয়?বহুসময়ত আমি ভাবোঁ যে মানুহে আমাক আঘাত দিয়ে। আচলতে বহু ক্ষেত্ৰত ঘটনাটোৰ কাৰণে নহ...
30/06/2026

মানসিক "Trigger" বোৰে আপোনাৰ বিষয়ে কি কয়?

বহুসময়ত আমি ভাবোঁ যে মানুহে আমাক আঘাত দিয়ে। আচলতে বহু ক্ষেত্ৰত ঘটনাটোৰ কাৰণে নহয়—আমাৰ ভিতৰত আগৰে পৰা থকা কোনো পুৰণি ক্ষত সক্ৰিয় হৈ উঠে কাৰণেহে আমি আঘাত পাওঁ। এই ট্ৰিগাৰবোৰক বুজি পালে নিজকে সুস্থ কৰাৰ পথো সহজ হয়—

কি এই ট্ৰিগাৰবোৰ?

🌱 ১. যদি আপুনি কাৰোবাক "নোৱাৰো বা No” বুলি ক'বলৈ অসহজ পায়:

হয়তো আপুনি সদায় সকলোকে সুখী ৰাখিবলৈ চেষ্টা কৰে। কাৰণ আপোনাৰ মনত ভয় থাকে—"মই না ক'লে মানুহে মোক বেয়া পাব", "মোক এৰি যাব" বা "মোক ভাল নাপাব।"

👉 নিজৰ কাৰণে সীমা (Boundary) নিৰ্ধাৰণ কৰাটো স্বাৰ্থপৰতা নহয়; ই সুস্থ সম্পৰ্কৰ এটা গুৰুত্বপূৰ্ণ অংশ।

🌱 ২. যদি আনৰ পৰা বাৰে বাৰে আশ্বাস বিচাৰে:

"তুমি মোৰ ওপৰত খং কৰিছা নেকি?", "তুমি মোক এতিয়াও ভাল পোৱা নে?"—এনে ধৰণৰ প্ৰশ্ন যদি সঘনাই মনলৈ আহে, তেন্তে হয়তো অতীতৰ কোনো বিশ্বাসঘাতকতা বা অনিৰাপত্তাই এতিয়াও আপোনাক এৰি যোৱা নাই।

👉 আত্মবিশ্বাস গঢ়ি তোলাটোৱেই হ’ল এই ক্ষতক সুস্থ কৰাৰ প্ৰথম পদক্ষেপ।

🌱 ৩. যদি সৰু ভুলতো নিজৰ ওপৰত অত্যধিক খং উঠে:

এটা সৰু ভুল হ'লেই যদি নিজকে অযোগ্য বা ব্যৰ্থ বুলি অনুভৱ কৰে, তেন্তে হয়তো আপুনি এনে পৰিৱেশত ডাঙৰ হৈছে, য'ত ভুল কৰাৰ অনুমতি নাছিল।

👉 মনত ৰাখিব, ভুল কৰাটো মানুহৰ স্বাভাৱিক বৈশিষ্ট্য। ভুলৰ পৰা শিকিব পাৰিলে মানেই আপুনি সফল৷

🌱 ৪. যদি বিবাদ হ'লেই আপুনি একেবাৰে নীৰৱ হৈ যায়:

কিছুমান মানুহে কাজিয়া নকৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে কষ্ট পোৱা নাই। হয়তো আগতে নিজৰ কথা ক'লে তিৰস্কাৰ, অপমান বা শাস্তি পাইছিল। সেই অভিজ্ঞতাই আজিও তেওঁলোকক নিজৰ অনুভূতি প্ৰকাশ কৰিবলৈ বাধা দিয়ে।

👉 আত্মপক্ষৰ সমৰ্থনত ক’বলগীয়াটো ক’বলৈ কুণ্ঠাবোধ নকৰিব৷ আপুনি ভোকত আছে নে আপোনাৰ পেট পূৰ সেয়া আপুনি নক’লে আনে কেনেকৈ জানিব?

🌱 ৫. যদি আনে সংশোধন কৰিলে বা আনে আপোনাৰ ভুলটো আঙুলিয়াই দিলে লগালগ আপুনি আত্মৰক্ষামূলক বা defensive হৈ পৰে:

কোনোবাই সৰু এটা ভুল দেখুৱাই দিলেই যদি আপুনি নিজকে বচাবলৈ আৰম্ভ কৰে, তেন্তে হয়তো অতীতত সমালোচনাৰ সন্মুখীন বেছি হৈছে, কিন্তু উৎসাহ কম পাইছে।

👉 আনৰ গঠনমূলক পৰামৰ্শ আৰু অপমান—দুয়োটাৰ মাজত পাৰ্থক্য বুজিবলৈ শিকক৷ তেতিয়া আপোনাৰ শুধৰণি হ’ব৷

🌱 ৬. যদি সহজে ঈৰ্ষান্বিত হৈ পৰে:
আনৰ সফলতা দেখি যদি নিজৰ মূল্য কম যেন লাগে, তেন্তে সমস্যাটো আনজনৰ সফলতা নহয়। সমস্যাটো হৈছে নিজৰ মূল্যক আনৰ লগত তুলনা কৰাৰ অভ্যাস।

👉 সৱৰে জীৱনৰ পথ বেলেগ। নিজৰ যাত্ৰাক সন্মান কৰিবলৈ শিকক।

🌱 ৭. যদি কোনোৱে আঁতৰি গ'লে বা কম কথা পাতিলে আপুনি আতংকিত হৈ পৰে
হয়তো লগে লগে মনলৈ আহে—"মই কিবা ভুল কৰিলোঁ নেকি?" বা "তেওঁ মোক এৰি যাব নেকি?"। এই অনুভৱ বহু সময়ত শৈশৱ বা অতীতৰ পৰিত্যাগৰ অভিজ্ঞতাৰ লগত জড়িত হৈ থাকে।

👉 সকলো দূৰত্বই সম্পৰ্ক শেষ হোৱাৰ সংকেত নহয়, সেই কথাটো মনত ৰাখিব। মানুহক স্পেচ দিবলৈ শিকক৷ চেলাপতি জোকৰ দৰে অনবৰতে আনৰ গাত লাগি নাথাকিব৷

🌱 ৮. যদি কোনোবাই আপোনাক অগ্ৰাহ্য কৰিলে বহুত কষ্ট পায়:
উত্তৰ নিদিয়া, গুৰুত্ব নিদিয়া বা উপেক্ষা কৰিলে যদি গভীৰ আঘাত পায়, তেন্তে হয়তো শৈশৱত আপোনাৰ অনুভূতি বা প্ৰয়োজনবোৰে যথেষ্ট গুৰুত্ব পোৱা নাছিল। আজিৰ কষ্টটো কেৱল বৰ্তমানৰ নহয়; ই অতীতৰ স্মৃতিবোৰো জগাই তোলে।

👉 নিজৰ মূল্য বুজক৷ নিজক এনেকৈ গঢ়ক যাতে শাত-শতৰুৱেও আপোনাক দেখি মনত শান্তি অনুভৱ কৰে৷

🌱 ৯. যদি আনৰ মন বেয়া দেখিলেই আপুনি অশান্ত হৈ পৰে:
আনৰ খং, মন বেয়া বা নীৰৱতা দেখিলেই যদি নিজৰ ভিতৰত ভয় জন্মে, তেন্তে হয়তো আপুনি এনে পৰিৱেশত ডাঙৰ হৈছিল য'ত সদায় সাৱধান হৈ থাকিব লাগিছিল।

👉 এতিয়াই বুজি লওক—আনৰ সকলো অনুভূতিৰ দায়িত্ব আপোনাৰ নহয়।

🌼 শেষত এটা কথা—

আপোনাক যিবোৰ কথাই Trigger কৰে সেইবোৰে আপোনাৰ দুৰ্বলতাক প্ৰমাণ নকৰে। ই কেৱল এই কথাটো জনায় যে আপোনাৰ ভিতৰত কিছুমান পুৰণি ক্ষত এতিয়াও সম্পূৰ্ণ সুস্থ হোৱা নাই।

সেই ক্ষতবোৰক অস্বীকাৰ নকৰি, মৰমেৰে গ্ৰহণ কৰক। নিজক ভালপাওক আৰু নিজক অলপ সময় দিয়ক৷

কাৰণ যেতিয়া আপুনি নিজৰ ভিতৰৰ গুপ্ত যন্ত্ৰণাবোৰ বুজিবলৈ আৰম্ভ কৰে, তেতিয়াই সুস্থ হোৱাৰ অৰ্থাৎ হিলিঙৰ প্ৰকৃত যাত্ৰা আৰম্ভ হয়। 💚

—ড° Samadrita Yogamaya Goswami

🤔 আনৰ জীৱনত আপোনাৰ স্থান ক'ত?আপুনি কেতিয়াবা নিজকে এই প্ৰশ্নটো সুধিছেনে? ❓📌 আপোনাৰ জীৱনত সঁচাকৈ কোনো উদ্দেশ্য আছেনে? নে ...
29/06/2026

🤔 আনৰ জীৱনত আপোনাৰ স্থান ক'ত?

আপুনি কেতিয়াবা নিজকে এই প্ৰশ্নটো সুধিছেনে? ❓

📌 আপোনাৰ জীৱনত সঁচাকৈ কোনো উদ্দেশ্য আছেনে? নে কেৱল দিনবোৰ পাৰ কৰিব লাগে বাবেই আপুনি দিন পাৰ কৰি আছে?

🌅 ৰাতিপুৱা শুই উঠাৰ পৰা 🌙 ৰাতি শুৱালৈকে আপুনি এনে কি কাম কৰে, যাৰ ফলত কেৱল আপোনাৰেই নহয়, আন কাৰোবাৰো সামান্য হ'লেও উপকাৰ হয়?

🪞 নিজৰ জীৱনত আপোনাৰ স্থান ক'ত?

💪 আপুনি নিজৰ শৰীৰৰ যত্ন লয়নে? 🧠 নিজৰ মনটোক সময় দিয়ে নে? নে নিজৰ স্বাস্থ্যক অৱহেলা কৰি, মনটোক উদ্বেগ, অস্থিৰতা আৰু বিশৃংখলতাৰে ভৰাই কেৱল দিনবোৰ ঠেলি নিয়েই জীৱনটো পাৰ কৰি আছে?

🤝 আৰু আনৰ জীৱনত?
🚪 যি মানুহে আপোনাক নিবিচাৰে, আপোনাৰ উপস্থিতিত অস্বস্তি অনুভৱ কৰে, তেওঁৰ দুৱাৰত বাৰে বাৰে গৈ টুকুৰীয়াই থকাৰ দৰে মানুহ নেকি আপুনি?

⚠️ আত্মসন্মানহীন মানুহৰ এটা ডাঙৰ লক্ষণ হ'ল—নিজৰ মনত যি আহে, তাৰ ফলাফলৰ কথা নভবাকৈ সেয়াই কৰি ফুৰা। সেই কামে নিজৰ মন-শৰীৰৰ ক্ষতি কৰক, বা আন মানুহৰ জীৱনত অশান্তি কঢ়িয়াই আনক—তেওঁলোকে তাত গুৰুত্ব নিদিয়ে। তেওঁলোকৰ বাবে মন যোৱা কামটো তৎক্ষণাত কৰাটোৱেই হ'ল ১ নং প্ৰাথমিকতা।

🐕 এই আচৰণক এক শক্তিশালী উপমাৰে বুজাব পাৰি। ভাদ মাহত কামনাৰে অস্থিৰ হোৱা মতা কুকুৰে যেনেকৈ য'তেই মাইকী কুকুৰ থাকে, তাতেই বাৰে বাৰে ভিৰ কৰে, ঠিক তেনেকৈয়ে আত্মসন্মানহীন মানুহেও য'ত তেওঁক সন্মান বা আদৰ কৰা নহয়, তাতো নিজৰ ইচ্ছাৰ বশৱৰ্তী হৈ বাৰে বাৰে উপস্থিত হয়।

💭 উপমাটো হয়তো শুনিবলৈ কঠোৰ। কিন্তু কথাটো এবাৰ ভাবি চাওক—
যদি এজন মানুহে নিজৰ আত্মসন্মান, বিবেক আৰু সংযম হেৰুৱাই কেৱল নিজৰ প্ৰবৃত্তিৰ বশৱৰ্তী হৈ জীয়াই থাকে, তেন্তে মানুহ আৰু প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত জন্তুৰ মাজত পাৰ্থক্য ক'ত থাকিল? 🤷‍♂️🤷‍♀️

🌿 আত্মসন্মান মানে অহংকাৰ নহয়।
আত্মসন্মান মানে— ✅ য'ত আপোনাৰ মূল্য নাই, তাত নিজকে সস্তীয়া নকৰা। ✅ য'ত আপোনাৰ উপস্থিতিয়ে আনক অশান্তি দিয়ে, তাৰ পৰা নিজেই আঁতৰি যোৱা।

😔 কিন্তু বহু মানুহে পাহৰি যায় যে তেওঁ মানুহ।

🌟 ইচ্ছা কৰিলে মানুহে নিজকে এনেকৈ গঢ় দিব পাৰে যে তেওঁৰ সৈতে এষাৰ মত বিনিময় কৰিবলৈ, তেওঁৰ উপস্থিতি বিচাৰি মানুহ উদ্বাউল হৈ পৰে।

❌ কিন্তু আত্মসন্মানহীন আৰু বিবেকহীন মানুহৰ বাবে এইবোৰ কথাৰ কোনো মূল্য নাই। তেওঁলোকৰ বাবে মূল্য আছে যদি কেৱল—"মই কি কৰি ভাল পাওঁ"—সেয়াহে।

❤️ নিজৰ মূল্য নিজেই বুজক। য'ত সন্মান নাই, তাত উপস্থিতিৰ বাবে ভিক্ষা নিবিচাৰিব।

—ড° Samadrita Yogamaya Goswami
(পঢ়ি ভালপালে share কৰিব পাৰে)

🌱 জীৱনৰ ১০টা গুৰুত্বপূৰ্ণ শিক্ষা1️⃣ সকলোৱে তোমাৰ যন্ত্ৰণাক উপলব্ধি কৰিব নোৱাৰে।2️⃣ সেউজীয়া পাহাৰটোৰ ধুনীয়াখিনিক দেখি তাত...
28/06/2026

🌱 জীৱনৰ ১০টা গুৰুত্বপূৰ্ণ শিক্ষা

1️⃣ সকলোৱে তোমাৰ যন্ত্ৰণাক উপলব্ধি কৰিব নোৱাৰে।

2️⃣ সেউজীয়া পাহাৰটোৰ ধুনীয়াখিনিক দেখি তাতে মজি যোৱা মানুহেই সৰহ। মানুহে নুবুজে যে পাহাৰৰ মাটিত খামুচি থিয় হ’ব পৰাকৈ এজোপা গছৰ শিপাত কিমান বেছি শক্তি থাকিব লাগিব।

3️⃣ ধুনীয়া গছজোপাৰ যন্ত্ৰণাক বুজিবলৈ তুমি বীজৰ পৰা গছজোপা হোৱালৈকে তাৰ কাষত থাকিব লাগিব, তাক চাব লাগিব আৰু কেতিয়াবা আলফুলে তাক মৰমো কৰিব লাগিব।

4️⃣ যি তোমাৰ কাৰণে একোৱেই নকৰে, সি কেনেকৈ বুজিব তোমাৰ যন্ত্ৰণা?

5️⃣ জীৱনত এটা কথা নিশ্চিত যে যি তোমাৰ সুখত অকনোৱে সুখী হ’ব পৰা নাই, সি যিমানেই মুখেৰে “সদায় তোৰ লগত আছোঁ” নকওক লাগে, সি তোমাৰ দুখৰ সময়ত তোমাৰ লগত কেতিয়াও নাথাকে।

6️⃣ যি তোমাৰ দুখৰ সময়ত আছে, তোমাৰ যন্ত্ৰণাখিনি দেখিছে, কেতিয়াবা কান্ধখন আগবঢ়াই দিছে, কেতিয়াবা আলফুলে তোমাৰ মূৰটো নিজৰ বুকুলৈ চপাই আনিছে আৰু কেতিয়াবা একো নকৈ কেৱল তোমাৰ আবোল-তাবোলবোৰ মাত্ৰ শুনিছে, জানিবা তেওঁ তোমাৰ জীৱনৰ সম্পদ। এনে মানুহক কেতিয়াও underestimate নকৰিবা। আৰু এনে কৰি তোমাক তেওঁ দুৰ্বল কৰি তোলা নাই।

7️⃣ জীৱনটো ভালে-কুশলে পাৰ কৰিবলৈ মানুহক সাহচৰ্যৰ প্ৰয়োজন। সাধাৰণতে জন্তুক এনে সাহচৰ্যৰ প্ৰয়োজন নাই।বাঘ এটাই হাবিৰ ৰজা হৈও অকলেই জীৱন পাৰ কৰিব পাৰে।

8️⃣ সাধাৰণতে মানুহে অকলে জীৱনটো পাৰ কৰিব নোৱাৰে।কোনো মানুহে অকলে জীৱন পাৰ কৰিব পাৰে তেতিয়া যেতিয়া মানুহটোৰ মাজৰ সকলো আবেগ শেষ হৈ তেওঁ এটা যন্ত্ৰ হৈ পৰে নাইবা তেওঁ যেতিয়া জীৱনৰ মায়াক বুজি পায়৷

9️⃣ স্বাৰ্থপৰ আৰু তোমাক ব্যৱহাৰ কৰা মানুহৰ লগত বন্ধুত্ব ৰখাতকৈ অকলে থকাটো বেছি ভাল৷ মানুহ খুব কমেইহে সলনি হয়৷ সেয়ে বাৰে বাৰে ক্ষমা কৰি নিজৰ মানসিক অশান্তি বঢ়োৱাৰ দৰে ভুল কেতিয়াও নকৰিবা৷

🔟 জীৱনৰ প্ৰতি শ্ৰদ্ধাশীল হ’ব লাগে৷ কোনে তোমাৰ লগত ভাল কৰিলে-কোনে বেয়া কৰিলে বা কোন কেনেকুৱা বা মোৰ লগতেহে কিয় এনেকুৱা হ’ল সেইবোৰ বিচাৰ নকৰাই ভাল৷ কাৰণ তোমাৰ জীৱনত যি ঘটিবলগীয়া আছে, সেয়া ঘটিবই৷

—Dr Samadrita Yogamaya Goswami

মৰাৰ আগতে জীয়াই লোৱাৰ মন্ত্ৰএজন বুঢ়া মানুহে কেইজনমান মগনীয়াৰ মাজত কিবা বিলাই আছিল৷ বুঢ়াজনৰ মুখৰ হাঁহিটো দূৰৰ পৰাই জিলিকি...
25/06/2026

মৰাৰ আগতে জীয়াই লোৱাৰ মন্ত্ৰ

এজন বুঢ়া মানুহে কেইজনমান মগনীয়াৰ মাজত কিবা বিলাই আছিল৷ বুঢ়াজনৰ মুখৰ হাঁহিটো দূৰৰ পৰাই জিলিকি আছিল৷ গাড়ীৰ পিচ চিটত বহি যোৱা লাখপতি যুৱ ব্যৱসায়ী এজনে এই দৃশ্য দেখি ড্ৰাইভাৰক গাড়ীৰ গতি কমাবলৈ কয়৷ তেওঁলোকে দেখে মানুহজনে টকাৰ নোট কিছুমান মগনীয়াক বিলাই আছে৷ যুৱকজনে ড্ৰাইভাৰক সোধে

"মানুহজন কোন জানা নেকি?

ড্ৰাইভাৰজনে কয়

"নাজানো ছাৰ৷ কিন্তু বুঢ়াই মাহে মাহে এনেকৈ দুখীয়াক পইচা বিলায়৷ তেওঁক দেখিলেই বুঢ়া বুঢ়া মগনীয়াবোৰে কিৰিলি পাৰি হাঁহে ফুৰ্তিত৷"

যুৱকজনে ভাবে মানুহজন চাগে কোটিপটী৷ নহ’লে এনেকৈ পইচা বিলাইনে?
কিন্তু মানুহজনৰ পোচাক-পাটী আছিল তেনেই সাধাৰণ৷

বুঢ়া মানুহজন জন ঘৰলৈ ওভতে৷ জৰাজীৰ্ণ ঘৰটোৰ চোতালতে মানুহ এজনী ৰৈ থাকে৷ মানুহজনে বজাৰৰ মোনাতো ঘৈনীয়েকৰ হাতলৈ দিয়ে৷ তাত আছিল বাটৰ কাষৰ পৰা বুটলি অনা কেইদালমান কচুশাক, ঢেকীয়া আদি৷ লগতে তেওঁ মানুহজনীৰ হাতত পেঞ্চনৰ থাকি যোৱা টকা খিনি গুজি দিয়ে৷ মানুহজনীয়ে নোটকেইখিলা লিৰিকি বিদাৰি হাঁহি মাৰি সোধে
"কেইজনক দিলে?"
"দহজন মানক"
"মাহটো চলিবলৈ হ’ব?"
"চলাবা আৰু যেনেতেনে"
ফটা আচলেৰে চাহৰ বাটিটো ধৰি মানুহজনীয়ে মানুহজনক দিয়ে৷ বাৰাণ্ডাত বহি দুয়ো কথাৰ মহলা মাৰে৷

মৰাৰ আগতে দুদিন জি থকাৰ মন্ত্ৰটো কি শিকি লৈছিল দুয়োজনে৷ যি আছে তাৰেপৰাই হিয়াউজাৰি সেয়ে আনক দিব পাৰে৷ লোভ যাৰ আছে তাৰ ঘৰত সোণৰ খনি থাকিলেও তাক কোনোদিন নাটে৷ তেওঁলোকে তেনেকৈয়ে ভাবে৷
দুয়োজনেই আছিল অনাথ৷
পেটৰ ভোক পানীৰে পুৰাই জীৱন কটাই অহা মানুহ৷
সেয়ে আনৰ ভোক চিনে৷
কেতিয়াবা আনক দিয়াৰ কোবত তেওঁলোকৰ হাতত ফুটাকড়ি এটাও নাথাকে৷ তথাপি তেওঁলোকৰ মনত কোনো শংকা নাই৷ কাৰণ ঈশ্বৰৰ কৃপাত আজিলৈকে তেওঁলোক ভোকত থাকিবলগীয়া হোৱা নাই৷

মানুহে কোৱাকুই কৰে বুঢ়া-বুঢ়ীৰ ঘৰৰ ভিতৰত সোণৰ খনি আছে৷
মানুহবোৰৰ কথা শুনি বুঢ়া-বুঢ়ীয়ে ইটোৱে সিটোলৈ চাই হাঁহে৷
—ড° সমাদৃতা গোস্বামী


********************

🌿 The জ্ঞানতীৰ্থ Talk 🌿(Coming soon, Stay tuned😊)ইতিবাচক চিন্তা আৰু মননশীল আলাপ-আলোচনাৰ মঞ্চ।ইয়াত আমি কাহিনীৰ মাধ্যমেৰে ...
25/06/2026

🌿 The জ্ঞানতীৰ্থ Talk 🌿

(Coming soon, Stay tuned😊)

ইতিবাচক চিন্তা আৰু মননশীল আলাপ-আলোচনাৰ মঞ্চ।
ইয়াত আমি কাহিনীৰ মাধ্যমেৰে নিজকে নতুনকৈ চাবলৈ, নিজৰ অন্তঃজগতক বুজিবলৈ আৰু জীৱনৰ সৰু সৰু সত্যবোৰ আৱিষ্কাৰ কৰিবলৈ এক আন্তৰিক প্ৰয়াস কৰিম।

📖 হৃদয় চুই যোৱা গল্প, 🎙️ বিশেষ ব্যক্তিত্বৰ সৈতে গভীৰ সাক্ষাৎকাৰ, 💭 জীৱন, সম্পৰ্ক, সুখ, সাফল্য আৰু আত্ম-অন্বেষণক লৈ মননশীল বাৰ্তা—
এই সকলোৰে মাজেৰে The জ্ঞানতীৰ্থ Talk আপোনাক দিব জীৱনক নতুন দৃষ্টিৰে চোৱাৰ অনুপ্ৰেৰণা।

আহক, কিছু সময় নিজলৈ উভতি চাওঁ, কথা পাতোঁ, ভাবোঁ আৰু একেলগে অন্তৰৰ যাত্ৰাত আগবাঢ়োঁ। 🌼

Address

Dibrugarh
785614

Alerts

Be the first to know and let us send you an email when The জ্ঞানতীৰ্থ Talk posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to The জ্ঞানতীৰ্থ Talk:

Shortcuts

Share