10/07/2026
✨ বিশেষ লেখা | The জ্ঞানতীৰ্থ Talk
📖 “গুৰু আৰু শিষ্য”
✍️ ভাৱানুবাদ : দেৱজানী বৰদলৈ
জীৱনত আমি কেতিয়াবা ভাবো—গুৰু মানে কেৱল এজন ব্যক্তি। কিন্তু এই লেখাটোৱে দেখুৱাইছে, শিকিবলৈ মন থাকিলে সমগ্ৰ পৃথিৱীখনেই আমাৰ গুৰু হ’ব পাৰে৷ আহকচোন এই লেখাটো পঢ়ি চাওঁ
মহান চুফী সাধক হাচানৰ মৃত্যুশয্যাত কোনোবাই তেওঁক সুধিলে, “হাচান, আপোনাৰ গুৰু কোন আছিল?”
হাচানে মৃদু হাঁহি উত্তৰ দিলে, “মোৰ হাজাৰ হাজাৰ গুৰু আছিল। যদি তেওঁলোকৰ সকলোৰে নাম ক’বলৈ আৰম্ভ কৰো, তেন্তে মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ লাগি যাব। এতিয়া সেই সময়ো নাই। কিন্তু মোৰ জীৱনৰ তিনিজন গুৰুৰ কথা নিশ্চয় ক’ম।
প্ৰথমজন আছিল এজন চোৰ।
এবাৰ মই মৰুভূমিত বাট হেৰুৱাই পেলাইছিলো। বহু কষ্টৰে এখন গাঁৱত উপস্থিত হওঁতে গভীৰ নিশা হৈছিল। সকলো দুৱাৰ খিৰিকী বন্ধ। অৱশেষত দেখিলো, এজন মানুহে এটা ঘৰৰ বেৰ ফুটা কৰি ভিতৰলৈ সোমাবলৈ চেষ্টা কৰি আছে।
মই তেওঁক সুধিলো, “মই আজি ৰাতিটো ক’ত থাকিব পাৰিম?”
তেওঁ হাঁহি ক’লে, “এতিয়া আপোনাৰ বাবে ঠাই বিচাৰি পোৱাটো কঠিন। যদি আপত্তি নাথাকে, মোৰ লগতেই থাকিব পাৰে। অৱশ্যে মই এজন চোৰ।”
মানুহজনৰ ব্যৱহাৰ ইমান আন্তৰিক আৰু হৃদয়স্পৰ্শী আছিল যে মই তেওঁৰ ওচৰত এমাহ থাকিলো।
প্ৰতি নিশাই তেওঁ মোক কয়, “এতিয়া মই মোৰ কামলৈ যাওঁ। আপুনি বিশ্ৰাম লওক, ধ্যান কৰক, প্ৰাৰ্থনা কৰক।”
পুৱা উভতি আহিলে মই সোধো, “আজি কিবা পালানে?”
তেওঁ সদায় হাঁহিমুখে কয় , “আজি নহ’ল। কিন্তু ঈশ্বৰে বিচাৰিলে কাইলৈ নিশ্চয় হ’ব।”
এদিনো তেওঁ নিৰাশ হোৱা নাছিল। ব্যৰ্থতাই তেওঁৰ উৎসাহ কমাব নোৱাৰিছিল। তেওঁ সদায় আশাবাদী আছিল।
পিছত মই বছৰ বছৰ ধৰি ধ্যান কৰিলো। কিন্তু একো বিশেষ উপলব্ধি নহ’ল। বহু সময়ত ইমানেই হতাশ হৈছিলো যে ভাবিছিলো, “এই সকলোবোৰ বাদ দিওঁ।”
ঠিক সেই মুহূৰ্ততে সেই চোৰজনৰ কথা মনত পৰিছিল। তেওঁৰ সেই সহজ অথচ গভীৰ বাক্যটো মোৰ অন্তৰত পুনৰ ধ্বনিত হৈছিল,
“ঈশ্বৰে বিচাৰিলে কাইলৈ নিশ্চয় হ’ব।”
সেই স্মৃতিয়ে মোক পুনৰ সাহস দিছিল, ধৈৰ্য ধৰিবলৈ শিকাইছিল আৰু সাধনাৰ পথত অটল হৈ থাকিবলৈ অনুপ্ৰেৰণা দিছিল।
মোৰ দ্বিতীয়জন গুৰু আছিল এটা কুকুৰ।
এদিন মই তৃষ্ণাতুৰ হৈ নদীৰ পিনে গৈ আছিলো। সেই সময়তে এটা কুকুৰো পানী খাবলৈ আহিল। সিও বৰ তৃষ্ণাৰ্ত আছিল। পানীত চকু পেলাওঁতেই সি নিজৰেই প্ৰতিবিম্ব দেখিলে। সি ভাবিলে, আন এটা কুকুৰ পানীৰ মাজত থিয় হৈ আছে। ভয়তে সি ঘেউ-ঘেউ কৰি আঁতৰি গ’ল।
কিন্তু তৃষ্ণা ইমানেই তীব্ৰ আছিল যে অলপ পাছতেই পুনৰ আহিল। আকৌ প্ৰতিবিম্ব দেখি ভয় খাই উভতি গ’ল। এনেকৈ কেইবাবাৰো হ’ল।
অৱশেষত তৃষ্ণাই ভয়ক জয় কৰিলে। সি সাহস কৰি নদীত জঁপিয়াই পৰিল। মুহূৰ্ততে প্ৰতিবিম্বটো নাইকিয়া হ’ল আৰু সি নিশ্চিন্তমনে পানী খাব পাৰিলে।
সেই মুহূৰ্ততে মই উপলব্ধি কৰিলোঁ যেন ঈশ্বৰে সেই কুকুৰৰ জৰিয়তে মোক এটা অমূল্য শিক্ষা দিলে যে ভয় থাকিলেও আগবাঢ়িব লাগে। সাহসেৰে জঁপিয়াই পৰিলেহে ভয়ৰ ভ্ৰম দূৰ হয়।
মোৰ তৃতীয়জন গুৰু আছিল এজন সৰু শিশু।
এদিন মই এখন নগৰত সোমাওঁতে দেখিলো, এজন সৰু ল’ৰাই হাতত এটা জ্বলি থকা মমবাতি লৈ মছজিদলৈ গৈ আছে।
মই অলপ ধেমালিৰ সুৰত সুধিলো, “এই মমবাতিটো তুমি নিজেই জ্বলাইছানে?”
শিশুটিয়ে ক’লে, “হয়, মহাশয়।”
মই সুধিলোঁ, “এটা মুহূৰ্ত আগলৈকে মমবাতিটো নুমাই আছিল, তাৰ পিছত জ্বলি উঠিল। ক’ব পাৰিবা নেকি, এই পোহৰটো ক’ৰ পৰা আহিল?”
শিশুটিয়ে মিচিকিয়াই হাঁহিলে। তাৰ পিছত ফুঁ মাৰি মমবাতিটো নুমুৱাই দিলে আৰু ক’লে,
“আপুনি দেখিলে, পোহৰটো গ’ল। এতিয়া আপুনিয়েই ক’ব পাৰিব নেকি, ই ক’লৈ গ’ল? যদি আপুনি ক’ব পাৰে যে পোহৰটো ক’লৈ গ’ল, তেন্তে মই ক’ম, ই ক’ৰ পৰা আহিছিল। য’ৰ পৰা আহিছিল, তালৈকে উভতি গ’ল।”
শিশুটিৰ এই সহজ উত্তৰে মোৰ অহংকাৰ মুহূৰ্ততে চূৰ্ণ বিচূৰ্ণ কৰি পেলালে। মোৰ সকলো পাণ্ডিত্য, সকলো জ্ঞানৰ গৰ্ব ভাঙি গ’ল। সেই ক্ষণতে মই নিজৰ অজ্ঞানতাক গভীৰভাৱে উপলব্ধি কৰিলো।
সেই দিনাৰ পৰা মই নিজৰ জ্ঞানৰ অহংকাৰ সম্পূৰ্ণৰূপে ত্যাগ কৰিলো।
প্ৰকৃততে মোৰ কোনো এজন নিৰ্দিষ্ট গুৰু নাছিল। কিন্তু তাৰ অৰ্থ এই নহয় যে মই শিষ্য নাছিলো। বৰং সমগ্ৰ অস্তিত্বকেই মই মোৰ গুৰু হিচাপে গ্ৰহণ কৰিছিলোঁ।
মোৰ শিষ্যত্ব ইমান গভীৰ আছিল যে অস্তিত্বৰ প্ৰতিটো ৰূপৰ পৰা মই শিক্ষা ল’বলৈ সদায় প্ৰস্তুত আছিলো। মই মেঘৰ পৰা শিকিছো, গছ-গছনিৰ পৰা শিকিছো, নদী, জীৱ-জন্তু, মানুহ যেতিয়াই যি যি মোৰ সন্মুখত আহিছে, সকলোৰে পৰাই শিক্ষা গ্ৰহণ কৰিছো। মোৰ এজন গুৰু নাছিল, কাৰণ মোৰ লাখ লাখ গুৰু আছিল।
আধ্যাত্মিক পথত শিষ্য হোৱা অতি প্ৰয়োজনীয়। শিষ্য হোৱাৰ অৰ্থ হৈছে—শিকিবলৈ সক্ষম হোৱা, শিকিবলৈ সদায় মুকলি হৈ থকা, সত্যৰ আগত বিনম্ৰভাৱে সমৰ্পিত হোৱা আৰু সমগ্ৰ অস্তিত্বৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ প্ৰস্তুত থকা।
গুৰুৰ ওচৰত প্ৰথমে শিকিবলৈ শিকা যায়।
গুৰু যেন এটা সাঁতোৰা পুখুৰী। তাত তুমি সাঁতোৰ শিকি লোৱা। এবাৰ সাঁতোৰ শিকি ল’লে, তাৰ পিছত সমগ্ৰ সাগৰেই তোমাৰ বাবে মুকলি হৈ যায়।
— Bordoloi
📌 এই লেখাৰ পৰা কিছুমান অমূল্য শিক্ষা—
📍 চোৰৰ পৰা শিক্ষা
➡️ ব্যৰ্থতা আহিলেও আশা এৰি নিদিবা।
➡️ ধৈৰ্য আৰু অধ্যৱসায়েই সফলতাৰ চাবিকাঠি।
📍 এটা কুকুৰৰ পৰা শিক্ষা
➡️ ভয়ক জয় কৰিবলৈ হ’লে আগবাঢ়িবই লাগিব।
➡️ সাহসেৰে প্ৰথম পদক্ষেপ ল’লেই বহু ভয় নিজেই নাইকিয়া হয়।
📍 এজন সৰু শিশুৰ পৰা শিক্ষা
➡️ অহংকাৰে জ্ঞানৰ দুৱাৰ বন্ধ কৰে।
➡️ বিনম্ৰতাইহে প্ৰকৃত জ্ঞানৰ পথ মুকলি কৰে।
📌 লেখাটোৰ মূল বাৰ্তা
✅ শিকিবলৈ সদায় প্ৰস্তুত থাকক।
✅ সত্যৰ আগত বিনম্ৰ হওক।
✅ জীৱনৰ প্ৰতিটো অভিজ্ঞতাক গুৰু হিচাপে গ্ৰহণ কৰক।
✅ যিজন ভাল শিষ্য, তেওঁহে এদিন প্ৰকৃত গুৰু হ’ব পাৰে।
🌿 “গুৰুৰ ওচৰত প্ৰথমে শিকিবলৈ শিকা যায়। এবাৰ শিকিবলৈ শিকিলে, সমগ্ৰ পৃথিৱীখনেই আপোনাৰ বিদ্যালয় হৈ পৰে।”
💬 আপোনাৰ জীৱনত কোনজন ব্যক্তি বা কোনটো অভিজ্ঞতাই আটাইতকৈ ডাঙৰ শিক্ষা দিছে? মন্তব্যত জনাব।