23/06/2025
গোগামুখ আব'তানি লত্তাত TMPK কেন্দ্ৰীয় সমিতিৰ শিক্ষা কোষৰ উদ্যোগত আয়োজিত NIIT, UG , JEE MAIN & ADVANCED, IIT JAM 2025 ত স্থান পাবলৈ সক্ষম হোৱা আৰু National, International Sports ত পদক লাভ কৰা মিচিং যুৱকসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা । TMPKৰ সন্মানীয় সভাপতি তিলক দলেৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডা৹ ৰণোজ পেগু, মিচিং বানে কেবাঙৰ সভাপতি মাননীয় সভাপতি পৰমানন্দ চায়েঙীয়া, মিচিং আগম কেবাঙৰ সন্মানীয় মাননীয় সভাপতি হৰিনাৰায়ণ পেগু, MMKৰ মাননীয় সভাপতি সুনীল পেগু, TMMKৰ সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং , MBKৰ সাধাৰণ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, MAKৰ সাধাৰণ সম্পাদক সোমেশ্বৰ কপ্তাক, TMMKৰ সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং পেগু, গোগামুখ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ দিলীপ ঝা, TMPKৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰমা পাইত বিশেষভাৱে উপস্থিত থাকে । অনুষ্ঠানটিৰ আদৰণী ভাষন প্ৰদান কৰে TMPKৰ সাধাৰণ সম্পাদক চান দঃঞি পাংগিং আৰু অনুষ্ঠানটি আঁত ধৰে TMPKৰ শিক্ষা সম্পাদক আৰু সাহিত্য সম্পাদক ক্ৰমে দীপাঞ্জল দলে আৰু বিদ্যাসাগৰ দলেয়ে।
Mising Re'ngam I'rroi
TMPK I'rroi
চন্দন টায়ে
প্ৰচাৰ সম্পাদক ,TMPK