_hiranya_jyoti_

_hiranya_jyoti_ social services

15/02/2020

বিশ্ব স্বাস্থ্য সংস্থা ( WHO )ই বিশ্বজুৰি ক'ৰ'ণা ভাইৰাছৰ ওপৰত বিশ্ববাসীক সতৰ্ক হ'বলৈ আহ্বান জনোৱাৰে পৰা নিজ নিজ দেশ সমূহে বিভিন্ন পদক্ষেপ অৱলম্বন কৰা দেখা গৈছে। এই ভাইৰাছৰ ওপৰত ইতিমধ্যে আমাৰ দেশখনে NHM প্ৰকল্পৰ জড়িয়তে ছাত্ৰ-ছাত্ৰী আৰু সাধাৰন জনগণক ইয়াৰ প্ৰতিকাৰ আৰু সাৱধানতাৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰি আহিছে। তাৰেই আধাৰ হিচাপে আমাৰ ৰাজ্যখনতো ইয়াৰ ব্যাপক প্ৰস্তুতি আৰু সজাগতা সৃষ্টি কৰা দেখা গৈছে। উল্লেখ্য যে ,NHM প্ৰকল্পটোৰ মাজুলী টিমে এই ক্ষেত্ৰত বহুত আগভাগ লোৱা পৰিলক্ষিত হৈছে। আজি মাজুলীস্থিত খাৰজানপাৰ ট্ৰাইবেল হাই স্কুলত NHM প্ৰকল্পৰ উদ্যোগত ক'ৰ'না ভাইৰাছৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত হয়। সভাখনত উপস্থিত থাকে NHM প্ৰকল্পটোৰ বিষয়া MPW ভগৱান দাস, ANM নিলিমা কলিতা¸ বাব্লী দাস CHO শান্তুনু ভূঞা¸ Asha Supervisor ৰিংকি পায়েংক Asha পঞ্চমী ভূঞা লগতে স্কুলখনৰ প্ৰধান শিক্ষক প্ৰবীণ সৰকাৰৰ লগতে শিক্ষক কৰ্মচাৰী সকল উপস্থিত থাকে । উল্লেখ্য যে , ইতিমধ্যে অসম ৰাজ্যখনত ইমুৰৰ পৰা সিমুৰলৈ নাৰীৰ স্বাস্থ্যৰ ওপৰত সজাগতা সৃষ্টি কৰা "আশা হেল্থ এণ্ড ইডুকেশ্বন ছাৰ্ভিচ" (ট্ৰাষ্ট)য়ে উক্ত সজাগতা সভাখনত সহযোগিতা কৰা পৰিলক্ষিত হয়। ট্ৰাষ্টৰ বিষয়া হিচাপে উপস্থিত থাকে লক্ষীপ্ৰিয়া ( DPM ) ,চুমকি ডেকা আৰু মিনাক্ষী দত্ত (FO)

তলত দিয়া ধৰনে কৰোনা ভাইৰাচৰ বিষয়ে সমূহ বিষয়া সৱে তলত দিয়া ধৰনে আলোকপাত কৰে ।

কৰোনা ভাইৰাচনো কি ?

পোনপ্ৰথম ১৯৩৭চনত এই ভাইৰাচ চিনাক্ত হৈছিল এজনী ব্ৰংকাইটিচত আক্ৰান্ত পোহনীয়া চৰাইৰ দেহত,যাৰ দ্বাৰা মূৰ্গী ফাৰ্মখনৰ বৃহৎ ক্ষতি হৈছিল৷ তাৰ পিছত বিগত ৮টা দশকত বিজ্ঞানীসকল অৱগত হ'ল যে কৰোনা ভাইৰাচে আক্ৰান্ত কৰিব পৰা আন আন প্ৰাণীসমূহ হ'ল- এন্দুৰ,নিগনি,কুকুৰ,মেকুৰী,গৰু, গাহৰি,উট,ঘোঁৰা,গাধ,টাৰ্কী,বাদুলি,সৰীসৃপ আদি৷ কৰোনা নামৰ উৎপত্তি হয় লেটিন শব্দ Crownৰ পৰা৷ ইলেকট্ৰন মাইক্ৰস্কোপত ভাইৰাচৰ আকৃতি মুকুটৰ দৰে দেখাৰ বাবেই এই নামাকৰণ৷ গতিকে কৰোনা ভাইৰাচ হ'ল মূলতে এবিধ পশুৰ ৰোগ (Zoonotic disease)৷ পশুৰ পৰা মানৱ দেহলৈ ৰোগ বিয়পে আৰু ৰোগাক্ৰান্ত লোকৰ পৰা আন মানুহলৈ জীৱাণু যায়৷

২০০২চনৰ নভেম্বৰ মাহত দক্ষিণ চীনৰ গুৱাংডং (Guangdong) প্ৰদেশত কৰোনা ভাইৰাচে মহামাৰী সৃষ্টি কৰে৷ তাৰ পৰা হংকং আৰু বিশ্বৰ ৩৭খন দেশলৈ এই জীৱন সংকটকাৰী নিউমোনিয়া (SARS-CoV) বিয়পি পৰে৷ এইবিধ কৰোনা ভাইৰাচে শ্বাসতন্ত্ৰৰ ওপৰিও পাক প্ৰণালী,লিভাৰ,কিডনি, হৃদযন্ত্ৰ আদি অংগৰ ক্ষতিসাধন কৰিছিল৷ জুলাই ২০০৩চনলৈকে বিশ্বজুৰি চলা এই মহামাৰীত ৮০৯৮জন ৰোগাক্ৰান্তৰ বিপৰীতে ৭৭৪জনৰ প্ৰাণহানি ঘটিছিল৷

আকৌ ২০১৫ চনত মধ্যপ্ৰাচ্য ভ্ৰমণ কৰি অহা এজন যাত্ৰীয়ে কঢ়িয়াই অনা কৰোনা ভাইৰাচৰ সংক্ৰমণৰ ফলত দক্ষিণ কোৰিয়াত ১৮৬জন লোক ৰোগাক্ৰান্ত হয় আৰু তাৰে ৩৬জন মৃত্যুমুখত পৰে৷

মানুহক আক্ৰান্ত কৰা কৰোনা ভাইৰাচৰ প্ৰকাৰ

৬প্ৰকাৰৰ কৰোনা ভাইৰাচে মানুহক আক্ৰান্ত কৰিব পাৰে৷ সেই কেইবিধৰ নাম হ'ল- 229E (alpha corona virus), NL63 (alpha corona virus), OC43 (beta corona virus), HKU1 (beta corona virus), MERS-CoV(Middle East Respiratory Syndrome), (SARS-CoV) Severe Acute Respiratory Syndrome . এই ভাইৰাচসমূহৰ বিশেষত্ব হ'ল যে ইহঁতক লেবৰেটৰীত উৎপন্ন কৰিব নোৱাৰি,সঘনে ইহঁতে স্বভাৱ সলনি কৰিব পাৰে (Mutation), এন্টিবডিৰে ভেকচিন বনোৱা নাযায় ৷

কেনেকৈ ৰোগ মানুহলৈ বিয়পে ? - চীনদেশত বৰ্তমান আৰম্ভ হোৱা কৰোনা ভাইৰাচৰ মহামাৰী ৱুহান চহৰৰ (Wuhan হ'ল Hubei প্ৰদেশৰ ৰাজধানী) মাংসৰ বজাৰখনৰ (Non-veg market পৰাই বিয়পিব ধৰে বুলি সেই দেশৰ বিজ্ঞানী সকলে মত পোষন কৰিছে৷ সেইখন বজাৰত সাপ,বেং,বাদুলি,সাগৰীয় মাছ, কুকুৰ,মেকুৰি,এন্দুৰ,নিগনি, পোক পতংগ সকলো বিক্ৰী হয়৷ ৱুহান বজাৰৰ ৰেষ্টৰেন্টত বাদুলীৰ চুপ,সাপৰ মাংস আদি সহজলব্ধ জনপ্ৰিয় খাদ্য৷ এনে দূষিত খাদ্য গ্ৰহণ কৰাৰ ফলতেই মানৱ দেহলৈ কৰোনা ভাইৰাচৰ আগমন ঘটিল৷ বিগত বছৰৰ ৩১ডিচেম্বৰত ৱুহানত ধৰা পৰে এই অসুখত আক্ৰান্ত প্ৰথমজন ৰোগী৷ বিশ্ব স্বাস্থ্য সংস্থাই নামাকৰণ কৰে নৱেল কৰোনা ভাইৰাচ(“2019-nCoV.” ) বুলি৷

ইয়াৰ ওপৰিও আৰু মন কৰিবলগীয়া কথা কেইটিমান হ'ল : -

- ড্ৰপলেট ইনফেকচন- অৰ্থাৎ ভাইৰাচৰ কণিকা প্ৰদূষিত বায়ুমণ্ডলৰ মাধ্যমেৰে৷ ৰোগীয়ে কাহ মাৰিলে,হাঁচিয়ালে,হামিয়ালে, জোৰেৰে হাঁহিলে ওচৰৰ পৰিবেশ ভাইৰাচেৰে দূষিত হয়৷

- হাতেৰে ৰোগীক স্পৰ্শ কৰিলে,কৰমৰ্দন,চুম্বন আদিৰ যোগেদি৷

- ৰোগীৰ সংস্পৰ্শত অহা যি কোনো সামগ্ৰী (যেনে টাৱেল,ৰুমাল,অন্যান্য কাপোৰ,চচমা,কলম,বাচন আদি)ৰোগীৰ নাক মুখৰ জুলীয়া পদাৰ্থৰ দ্বাৰা দূষিতহৈ থাকিব পাৰে৷ তেনে সামগ্ৰীয়ে অসুখ বিয়পাব পাৰে৷ গতিকে তেনে সামগ্ৰী স্পৰ্শ কৰি কেতিয়াও নিজৰ চকু,মুখ,নাক নুচুব৷

- ৰোগীৰ মল-মূত্ৰয়ো ৰোগ বিয়পাব পাৰে৷

ৰোগৰ লক্ষণসমূহ কি কি ? - শৰীৰত ৰোগৰ জীৱাণু প্ৰবেশৰ পৰা অসুখৰ লক্ষণ ফুটি উঠালৈকে এই সময় চোৱাক Incubation period বুলে৷ কৰোনা ভাইৰাচৰ Incubation period ৫ৰ পৰা ১৫দিনলৈকে হব পাৰে৷ সন্দেহজনক ৰোগীক ২৮দিনলৈ পৃথকে ৰখাৰ(quarantine) পৰামৰ্শ দিয়া হয়৷

সাধাৰণ পানীলগা,জ্বৰ-চৰ্দিৰ দৰে নাইবা কাহ,গাৰ বিষ, বুকুৰ বিষ, ভাগৰ লগা, হাপানীৰ দৰে উশাহত কষ্ট হোৱা অৰ্থাৎ নিউমোনিয়া সদৃশ ৰোগৰ লক্ষণ সমূহ ৷ কেতিয়াবা ডায়েৰিয়াও হব পাৰে৷ আন অসুখত ভোগী থকা লোকসকল আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা সকলৰ ভাইৰাচত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক থাকে৷

ৰোগৰ চিনাক্তকৰণ - উপযুক্ত লেবৰটৰীত ভাইৰাচ চিনাক্তকৰণ, পিচিআৰ চেইন ৰিয়েকচন, এন্টিবডি চিনাক্তকৰণৰ দ্বাৰা ৰোগ নিশ্চিত কৰা হয়৷ ভাইৰাচ চিনাক্ত কৰা ভাইৰোলজী লেবৰেটৰী আছে ভাৰতৰ পুণে চহৰত৷ ৪সপ্তাহলৈকে তেজত এন্টিবডি দেখা নাপালে ব্যক্তিজন ৰোগমুক্ত বুলি গণ্য কৰা হয়৷ ৰোগ চিনাক্ত কৰিবলৈ লওতে ৰোগীৰ 'ভ্ৰমণৰ হিষ্ট্ৰী' লোৱাটো চিকিৎসকৰ বাবে এক অনিবাৰ্য্য বিষয়৷

সতৰ্কতামূলক ব্যৱস্থা – চাবুনৰে ভালদৰে ঘঁহি পিহি হাত ধুব৷ কাহ জ্বৰ আদিত ভোগালোকক পৰিচৰ্য্যা কৰোতে বিশেষ সতৰ্কতা লব৷ সঠিক মাস্ক ব্যৱহাৰ কৰিব৷ কেঁচা বা আধা সিজা মাংস,সাগৰীয় খাদ্য সমূলি পৰিহাৰ কৰিব৷ পৰাপক্ষত নিৰামিষ খাদ্য গ্ৰহণ কৰিব৷ পানী বেচিকৈ খাব৷ ডিঙি শুকাই থাকিলে ভাইৰাচ সহজে বিয়পিব পাৰে বুলি অনুমান কৰা হৈছে ৷ আইচক্ৰিম আৰু শীতল পানীয় গ্ৰহণ নকৰিব৷ এনে শীতল বাতাবৰণত ভাইৰাচে সহজে আক্ৰমণ কৰিব পাৰে৷ উপযুক্ত বিশ্ৰাম লব আৰু টোপনি ক্ষতি নকৰিব৷ উটৰ মাংস আৰু উটৰ গাখীৰত কৰোনা ভাইৰাচ থাকিব পাৰে৷ গতিকে তাৰ প্ৰতি সতৰ্ক হব৷ টেঙা ফল আৰু ভিটামিন-চিয়ে ভাইৰাচৰ পৰা কিছু সুৰক্ষা দিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ চৰ্দি জাতীয় অসুখত আক্ৰান্ত হলেও নিয়মীয়া অসুখৰ দৰব (যেনে ডায়েবেটিজ,উচ্চ ৰক্তচাপ, হৃদৰোগ আদিৰ ) বন্ধ নকৰিব৷ ৰোগাক্ৰান্ত অঞ্চললৈ ভ্ৰমণৰ আঁচনি নলব৷ ৰোগাক্ৰান্ত দেশ ভ্ৰমণ কৰি অহা লোকৰ লগত ততালিকে মিলমিচা নকৰিব৷ আনৰ সৈতে হাতমিলাই কৰমৰ্দন কৰাৰ সলনি হাতযোৰ কৰি সম্ভাষণ জনোৱাটো সৰ্বথা নিৰাপদজনক৷ ভীৰ হোৱা ঠাই যেনে চিনেমাহল,বজাৰ পৰাপক্ষত এৰাই চলিব৷

13/02/2020

Our Ashar Rengoni Project beneficiary has described her feelings to our Field Officer of Majuli District Miss Sapna Saikia Mudoi about the hidden health issues of women and also about the prevention services of ours .

Awerness provided to the school student at Golaghat and kamrup (M).
12/02/2020

Awerness provided to the school student at Golaghat and kamrup (M).

Awerness program on Women health & hygiene practice at kamrup metro, Majuli & Golaghat Dristrict.
08/02/2020

Awerness program on Women health & hygiene practice at kamrup metro, Majuli & Golaghat Dristrict.

Address

Dispur

Website

Alerts

Be the first to know and let us send you an email when _hiranya_jyoti_ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to _hiranya_jyoti_:

Share

Category