18/01/2026
বহুতে সুধি আছে -
জাম্বাৰ এনে সাহসৰ উৎস কি ?
বন্ধ কোঠালিত নহয়, খুল্লাম খুল্লাম
তাকো ৫০ হেজাৰ অসমীয়াৰ আগত
হাগ্ৰামাই দেশৰ প্ৰধানমন্ত্ৰীক সোঁৱৰালে বড়ো চুক্তিৰ কথা !
* অসমৰ সংবাদ মাধ্যমে তলকিবই নোৱাৰিলে !
* বাগৰুম্বাৰ নান্দনিক দৃশ্যও ম্লান পৰি গ’ল হাগ্ৰামাৰ ভাষণত !
* দূৰতে বিদুৰ হ’ল মোদী-হিমন্তৰ জনপ্ৰিয়তা !
দেৱানন্দ মেদক (মিৰি)
গুৱাহাটী, ১৮ জানুৱাৰী, ২০২৬
===================
অসমৰ সংবাদ মাধ্যমে কল্পনা কৰিব নোৱাৰা এটা কাম কৰি দিলে জাম্বাই ! একদম তলকিবই নোৱাৰিলে । জাম্বা, মানে আমাৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী !
অসম তথা সমগ্ৰ দেশৰ সংবাদ মাধমে হাতত কলম কেমেৰা লৈ গৈছিল লৈ ষ্টেডিয়ামলৈ গৈছিল বাগৰুম্বা নৃত্যৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ, প্ৰচাৰ-প্ৰসাৰ কৰিবলৈ । কিন্তু প্ৰচাৰ কৰিবলগীয়া হ’ল জাম্বাৰ যাদুকৰী ভাষণ । সকলো হিচাপ খেলিমেলি হ’ল ! মানে সংবাদ মাধ্যমৰ সকলো হিচাপ খেলিমেলি ।
চলিত বৰ্ষৰ প্ৰথম মাহ, অৰ্থাৎ, ১৭ জানুৱাৰীৰ দিনটো সঁচাই সমগ্ৰ ৰাজ্যৰ বাবে ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈ ৰ’ল । বাগৰুম্বা নৃত্য প্ৰদৰ্শনৰ জডিয়তে বড়ো জাতিয়ে স্বকীয়তা প্ৰদৰ্শন কৰিলে যদিও আমি কোনো নতুনত্ব বিচাৰি পোৱা নাই । ইয়াৰ কাৰণ হ’ল, বাগৰুম্বা ইতিমধ্যেই এক প্ৰতিষ্ঠিত, সৰ্বচৰ্চিত আৰু অত্যন্ত জনপ্ৰিয় লোকনৃত্য । এতেকে তাক নতুনকৈ চৰ্চা কৰাৰ সকাম নাই !
তাৎপৰ্য্যপূৰ্ণ দিশটো হ’ল, বাগৰুম্বাৰ প্ৰদৰ্শনি অনুষ্ঠানক ৰাজনৈতিকভাৱে অতি বিচক্ষণ, দূৰদৰ্শী হাগ্ৰামাই বড়ো জাতিৰ স্বাৰ্থ, অধিকাৰ আৰু দাবীক দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মূখত ৰাজহুৱাকৈ উপস্থাপন কৰাৰ সুযোগ হিচাপে সদব্যৱহাৰ কৰিলে । কোনো পাট্টাই নাপালে ।
মনত ৰাখিব, যোৱা কালি হাগ্ৰামাই প্ৰধান মন্ত্ৰী মোদীক চকুত চকু থৈ ৫০ হেজাৰ মানুহৰ আগত খুল্লাম খুল্লাম যিখিনি কথা কলে, এই একেখিনি কথা দিল্লীত গৈ প্ৰধানমন্ত্ৰী কাৰ্যালায়ৰ বন্ধ কোঠালিৰ মাজতো কব পাৰিলেহেঁতেন । কিন্তু হাগ্ৰামাই এইটো কাম নকৰিলে । মোদী-হিমন্ত যিমান চতুৰ, তাতকৈ দহ গুণ বেছি চতুৰ জাম্বা ! তেওঁ ইতিমধ্যেই ৰাজহুৱাকৈ ঘোষণা কৰি থৈছে - “আমি এটকা দি, দহ টকা ঘুৰাই লোৱা মানুহ !” ৰাজনীতি কেনেকৈ কৰিব লাগে তেওঁ জানে ।
আমাক বহুতে সুধি আছে, হাগ্ৰামাৰ সতে আমাৰ ঘনিষ্ঠতা আছে নেকি ? আমি জানো নেকি হাগ্ৰামাৰ এনে সাহসৰ উৎস কি ! প্ৰশ্ন কৰি আছে ।
চমুকৈ কৈ থওঁ -
১) হাগ্ৰামাই ছাত্ৰ ৰাজনীতিৰ জডিয়তে ৰাইজৰ ধন লুটপাত কৰি মন্ত্ৰী-বিধায়ক হবলৈ পুঁজি মজুত কৰা গেঙত নাছিল । তেওঁ বড়ো জাতিৰ কাৰণে হাতত বন্দুক লৈ যুদ্ধ কৰি আহি আজিৰ স্থানত পাইছেহি ! তেওঁ জানে জাতিয়ে বিচাৰে কি !
২) হাগ্ৰামাই বডো জাতিক কোনো দিনেই প্ৰতাৰণা কৰা নাই । কোনো দিনেই কাল্পনিক প্ৰতিশ্ৰুতি এটা দি ক্ষন্তেকীয়া ৰাজভোগ কৰা নাই !
৩) হাগ্ৰামা বন্ধ কোঠালিত বহি কাগজ কলমত চহী কৰি চৈধ্য পুৰুষলৈ খাই শেষ কৰিব নোৱাৰাকৈ সম্পত্তি গোটোৱা প্ৰাক্তন আমোলা বিষযাও নাছিল ।
৪) ১ কোটি টকাৰ ঠিকাৰ কাম ১০ লাখ টকাত কৰি বাকী ৯০ লাখ টকা গিলি শেষত সেই ধনেৰে মন্ত্ৰী-বিধায়ক হোৱা নেতাও নহয় হাগ্ৰামা !
হাগ্ৰামা এগৰাকী সাধাৰাণ, অজলা, সহজ-সৰল বডো যুদ্ধা । চকুৰ সন্মূখত তেওঁ কেৱল বডো জনতাক দেখা পায় । জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে বিটিচিৰ মানুহক দেখা পায় । বিটিচিৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ হাগ্ৰামাই যিকোনে পৰ্যায়লৈ যাব পাৰে । আৰু এইয়াই হাগ্ৰামাৰ সাহসৰ মূল উৎস । আৰু এইজন হাগ্ৰামাকেই বগৰাবলৈ যোৱা বিটিচি নিৰ্বাচনত সমগ্ৰ ৰাজ্যৰ জনজাতীয় বিজেপি নেতা সকলে দিন ৰাতি একাষাৰ কৰিছিল ! Copied fb