05/09/2026
মৰিগাঁও জিলাত তৈল খেজুৰ খেতিৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান–তৈলবীজ ( NMEO–OS)-ৰ অধীনত মৰিগাঁও জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত এক বিশেষ প্ৰশিক্ষণ তথা সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা কৃষি বিষয়া দিলীপ কুমাৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত এই কাৰ্যসূচীত আঁচনি খনৰ ৰাজ্যিক ন'ডেল বিষয়া কল্পনা বৰ্মন উপস্থিত থাকে । এই প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে বিষয়া কৰ্মচাৰী সকলক তৈলখেজুৰ বৈজ্ঞানিক কৃষি পদ্ধতি আৰু আধুনিক কৃষি প্ৰযুক্তিৰ বিষয়ে বিস্তৃতভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত তৈল খেজুৰ খেতিৰ ব্যৱস্থাপনা, উন্নত জাতৰ বীজ নিৰ্বাচন, বীজ সিঁচা তথা ৰোপণৰ উপযুক্ত পদ্ধতি, সুষম সাৰ প্ৰয়োগ, শস্যৰ উপযুক্ত পৰিচৰ্যা আদি বিষয়ত ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা হয়। লগতে তৈলজাত শস্যৰ উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধিৰ ক্ষেত্ৰত বৈজ্ঞানিক কৃষি পদ্ধতি গ্ৰহণৰ গুৰুত্ব, ৰোগ আৰু কীট-পতংগৰ আক্ৰমণ নিয়ন্ত্ৰণৰ বাবে সমন্বিত ৰোগ ব্যৱস্থাপনা (Integrated Disease Management–IDM) আৰু সমন্বিত কীট-পতংগ ব্যৱস্থাপনা (Integrated Pest Management–IPM) সম্পৰ্কে বিষদভাৱে আলোচনা কৰা হয়l
CMO Assam
Pijush Hazarika