25/03/2026
আমি কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলৰ অন্ধ সমৰ্থক নহয়, বৰঞ্চ দুলীয়াজানৰ উন্নয়ন আৰু প্ৰকৃত পৰিবৰ্তনৰ স্বাৰ্থতহে ধ্ৰুৱজ্যোতি গগৈৰ নিঃস্বাৰ্থ সমৰ্থক। সমাজৰ প্ৰতি তেওঁ আগবঢ়োৱা অৱদান কোনেও নুই কৰিব নোৱাৰে— বিপদৰ সময়ত ৰক্তদান কৰাই হওক বা আৰ্তজনৰ শিক্ষাৰ বাবে নামভৰ্তিৰ খৰচ আৰু কিতাপ-পত্ৰ যোগান ধৰাই হওক, তেওঁ সদায় সহায়ৰ হাত আগবঢ়াই আহিছে। দুখীয়া পৰিয়ালক আৰ্থিক সকাহ দিয়াৰ পৰা আৰম্ভ কৰি বানপানীৰ দৰে দুৰ্যোগৰ সময়ত ৰাইজৰ মাজত উপস্থিত থাকি খাদ্য-সামগ্ৰী বিতৰণ কৰালৈকে তেওঁ যি সেৱা আগবঢ়াইছে, তাক দুলীয়াজানবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে। ইমান বছৰে একেটা আদৰ্শতে থাকি ৰাইজৰ মাজত নিৰন্তৰ সেৱা আগবঢ়াই থকাটো সহজ কথা নহয়। সেয়েহে, দুলীয়াজানৰ সৰ্বাংগীণ উন্নতিৰ স্বাৰ্থত আমি সকলোকে আহ্বান জনাওঁ যে তেওঁক এবাৰ ৫ বছৰৰ বাবে সুযোগ দি চাওঁক; যদিহে তেওঁ আশা কৰা মতে কাম কৰিব নোৱাৰে, তেন্তে গণতন্ত্ৰত ৰাইজেই ৰজা আৰু আগন্তুক দিনত ৰাইজেই পুনৰ ইয়াৰ সঠিক বিচাৰ কৰিব।🙏
"আহক, ৯০ নং দুলীয়াজান সমষ্টিৰ উন্নতিৰ স্বাৰ্থত সকলো জাতি-জনগোষ্ঠী একত্ৰিত হওঁ। এইবাৰ 'হাত' চিনত ধ্ৰুৱজ্যোতি গগৈক বিপুল ভোটত জয়ী কৰি, সমষ্টিটোত এক সুস্থ ৰাজনৈতিক বাতাবৰণ আৰু প্ৰগতিৰ নতুন ধাৰা বোৱাবলৈ তেওঁক এবাৰ সেৱাৰ সুযোগ দিওঁ। আপোনাৰ এটা ভোটেই হওক দুলীয়াজানৰ পৰিবৰ্তনৰ সাৰথি।"
Dhruba Jyoti Gogoi ❤️✊
゚viralシfypシ゚viralシal