07/07/2026
আজি দুলীয়াজান সম-জিলা আয়ুক্ত কাৰ্যালয়ৰ ফালৰ পৰা সম-জিলা আয়ুক্ত শ্ৰী অংকুৰ দাস, IAS মহোদয়ক এখনি ফুলাম গামোচা আৰু শৰাই আগবঢ়াই আন্তৰিক বিদায় সম্ভাষণ জনোৱা হয়।
তেওঁৰ কৰ্মকালত সুদক্ষ নেতৃত্ব, দায়িত্বশীলতা, কৰ্মনিষ্ঠা আৰু মানৱীয় দৃষ্টিভংগীৰে কাৰ্যালয়ৰ লগতে সমগ্ৰ দুলীয়াজানৰ সামগ্ৰিক কাৰ্যকলাপক অধিক গতিশীল আৰু ফলপ্ৰসূ কৰি তোলাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।
এই উপলক্ষে কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে মহোদয়ৰ সৈতে অতিবাহিত কৰা স্মৃতিমধুৰ মুহূৰ্তসমূহ সশ্ৰদ্ধে সোঁৱৰি তেওঁৰ আগন্তুক কৰ্মজীৱনৰ সৰ্বাংগীন সফলতা, সুস্বাস্থ্য আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে আন্তৰিক শুভকামনা জ্ঞাপন কৰে।