All India United Democratic Front - AIUDF

All India United Democratic Front - AIUDF Official page of All India United Democratic Front - (AIUDF), a registered Political Party in Assam.

16/08/2026

আজি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা (AIUDF)-ৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত হয়।

সংবাদমেলখন সম্বোধন কৰে AIUDFৰ সাংগঠনিক সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক ড০ হাফিজ ৰফিকুল ইছলাম আৰু যুৱ মৰ্চাৰ সভাপতি তথা প্ৰাক্তন বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়াই।

সংবাদমেলত উপস্থিত থাকে দলৰ সাধাৰণ সম্পাদক ছিদ্দিক আলী ঠাকুৰীয়া আৰু হাইদৰ হুছেইন বৰা।

16/08/2026
16/08/2026

Press Meet.

15/08/2026
আমাৰ নেতা এআইইউডিএফ প্ৰধান তথা বিধায়ক মাননীয় মৌলানা বদৰুদ্দিন আজমল চাহাব ধুবুৰীলৈ যাত্ৰা পথত বৰপেটা ৰোডত ৰে'ল যোগে আহি...
04/08/2026

আমাৰ নেতা এআইইউডিএফ প্ৰধান তথা বিধায়ক মাননীয় মৌলানা বদৰুদ্দিন আজমল চাহাব ধুবুৰীলৈ যাত্ৰা পথত বৰপেটা ৰোডত ৰে'ল যোগে আহি পদাৰ্পন কৰে।

28/07/2026

উজনি অসমৰ ভয়াবহ বান পৰিস্থিতিক লৈ অসম বিধানসভাত এ আই ইউ ডি এফৰ বিধায়ক মজিবুৰ ৰহমানে আগবঢ়োৱা এক গুৰুত্বপূৰ্ণ বক্তব্যৰ কিয়দংশ।

নিজৰ বক্তব্যত বিধায়ক মজিবুৰ ৰহমানে উজনি অসমৰ বানাক্ৰান্ত জনতাৰ দুৰ্দশা, ক্ষতি আৰু দৈনন্দিন জীৱনত সৃষ্টি হোৱা চূড়ান্ত সংকটৰ বিষয়সমূহ সদনত সবিস্তাৰে উত্থাপন কৰে। লগতে বান পৰিস্থিতি মোকাবিলাত চৰকাৰৰ ব্যৰ্থতাৰ কথাও স্পষ্টভাৱে উল্লেখ কৰি প্ৰয়োজনীয় আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

এই দুৰ্যোগৰ সময়ত বানাক্ৰান্ত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি অহা সকলো ব্যক্তি, স্বেচ্ছাসেৱী সংগঠন আৰু সামাজিক প্ৰতিষ্ঠানক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে বিধায়কগৰাকীয়ে।

উল্লেখযোগ্য যে, এ আই ইউ ডি এফৰ সন্মানীয় সভাপতি তথা বিন্নাকান্দি সমষ্টিৰ মাননীয় বিধায়ক মৌলানা বদৰুদ্দিন আজমলে আৰম্ভণিৰ পৰাই স্বয়ং উজনি অসমত উপস্থিত থাকি বানপীড়িত ৰাইজৰ মাজত খাদ্য, অত্যাৱশ্যকীয় সামগ্ৰী আৰু আৰ্থিক সাহায্য বিতৰণ কৰি আহিছে। নিজৰ বক্তব্যত বিধায়ক মজিবুৰ ৰহমানে এই মানৱীয় পদক্ষেপৰ বাবে মৌলানা বদৰুদ্দিন আজমলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে।

Address

Friends Path, Hatigaon
Gauhati
781038

Website

Alerts

Be the first to know and let us send you an email when All India United Democratic Front - AIUDF posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to All India United Democratic Front - AIUDF:

Shortcuts

Share