07/08/2026
প্ৰেছ বিজ্ঞপ্তি
তাৰিখ: ৭ আগষ্ট, ২০২৬
বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীয়ে কৰা বক্তব্য নিজৰ ব্যৰ্থতা লুকুৱাৰ আন এক প্ৰয়াস: ডিৱাইএফআই
তুলুঙা কথাৰ সলনি বান সমস্যা সমাধানৰ বাবে কেন্দ্ৰক হেঁচা দিয়ক মুখ্যমন্ত্ৰীয়ে
ধমকিত নহয়, ৰাইজে স্বেচ্ছাই বানসাহায্য প্ৰদান কৰিছে
শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে যে বানপানীৰ বাবে সাহায্য সংগ্ৰহ কৰাৰ কোনো প্ৰয়োজন নাই, কিয়নো বাকচ বা ‘কিউ আৰ কোড’ লৈ দোকান-পোহাৰ বা সাধাৰণ ৰাইজৰ পৰা “বলপূৰ্বকভাৱে” বান সাহায্য সংগ্ৰহ কৰা কাৰ্যই অসমৰ বদনাম আনে। মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়া চৰকাৰৰ ব্যৰ্থতা লুকুৱাবলৈ কৰা আন এক প্ৰয়াসৰ বাহিৰে একো নহয় বুলি ডিৱাইএফআই অসম ৰাজ্যিক কমিটিয়ে মত প্ৰকাশ কৰিছে। যিখিনি সময়ত হিমন্ত বিশ্ব চৰকাৰে সাধাৰণ মানুহৰ মৃত্যুত উপলুঙাসূচক মন্তব্য দিয়াহে পৰিলক্ষিত হৈছিল- কৈছিল বানত নহয়, বান পানী চাবলৈ গৈহে মানুহৰ মৃত্যু হৈছে। শিৱসাগৰ, চৰাইদেউ, আৰু যোৰহাট জিলাত সংঘটিত প্ৰলয়ংকাৰী বানত বিধ্বস্ত লোকসকলৰ সহায়াৰ্থে সাধাৰণ ৰাইজ, শিল্পী সমাজ, ছ’চিয়েল মিডিয়া ইন্ফ্লুৱেন্সাৰ আদি বিভিন্ন অংশৰ সাহায্য পুঁজিত কেনেদৰে ৰাইজে মুক্তহস্তে দান কৰিছে আৰু ই কেনেদৰে ক্ষতিগ্ৰস্ত লোকসকলক কিছু পৰিমাণে হ’লেও সকাহ প্ৰদান কৰিছে, সকলো তাৰ সাক্ষী। বিপদত এনেদৰে সহায়ৰ হাত আগবঢ়োৱা লোকসকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ ওপৰত পুলিচ লগাই দিম বুলি কৰা মন্তব্যটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসংবেদনশীলতাৰ পৰিচায়ক বুলি ডিৱাইএফআই অসম ৰাজ্যিক কমিটিয়ে কয়। উল্লেখযোগ্য যে অসম চৰকাৰে বানত মৃত্যুবৰণ কৰা লোকৰ পৰিয়াললৈ ঘোষণা কৰা ৯ লাখ টকাৰ ৪ লাখ টকাহে এন.ডি.আৰ.এফ., অৰ্থাৎ চৰকাৰী পুঁজি, আৰু বাকী ৫ লাখ টকাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ’ব, যি হৈছে ৰাইজে নিজহাতে দান দিয়া পুঁজি। কিন্তু যোৱাটো সময়ত দেখা গৈছে মুখ্যমন্ত্ৰীৰ এই সাহায্য পুঁজিৰ পৰাই তিনি লাখ টকাকৈ ইংলে পথাৰৰ উচ্ছেদিত কৃষকৰ পৰিয়ালক ভূমি ক্ষতিপূৰণ হিচাপে নহয়, বৰঞ্চ সাহায্য হিচাপেহে প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ স্বচ্ছতাক লৈ এনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈ আছে আৰু এনে প্ৰশ্নৰ উত্তৰ প্ৰদান নকৰি, বা হিচাপ-নিকাচ ৰাজহুৱা নকৰি, দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত মানুহৰ কাষত থিয় দিয়া লোকক ওলোটাই নিৰুৎসাহিত কৰি, ভাবুকি প্ৰদান কৰাটো অতিশয় গৰিহণাযোগ্য। ডাবল ইঞ্জিন চৰকাৰ চলি আছে বুলি গৰ্বত মত্ত হৈ থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সময়তে তুলুঙা মন্তব্য আগবঢ়াইছে যে তেওঁৰ হেনো কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুদান গ্ৰহণ কৰিবলৈ লাজ লাগে। ডিৱাইএফআই-এ কয় যে খোদ মুখ্যমন্ত্ৰীৰে এনে মনোভাৱৰ ফলশ্ৰুতিত অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে অসমলৈ বৈষম্যমূলক দৃষ্টিৰে চোৱাহে পৰিলক্ষিত হয়, কিয়নো উৰিষ্যা, মহাৰাষ্ট্ৰ, গুজৰাটক দুৰ্যোগ মোৰাবিলা কৰাৰ বাবে ৫০০ কোটি দিয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে অসমলৈ ৩৭৯ কোটি টকাহে অনুদান হিচাপে আগবঢ়াইছে। ডিৱাইএফআই অসম ৰাজ্যিক কমিটিয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰলৈ স্পষ্ট দাবী জনাইছে এনেধৰণৰ তুলুঙা, অসংবেদনশীল, অবিবেচকী মন্তব্য প্ৰদান কৰাৰ পৰিৱৰ্তে যাতে চৰকাৰে চুবুৰীয়া ৰাজ্যৰ সৈতে আলোচনা কৰি বানপানী সমস্যাৰ স্থায়ী সমাধানৰ বাবে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰক দাবী জনোৱা, অসমলৈ বৈ অহা নদীসমূহ নিয়ন্ত্ৰণ কৰা, অবৈধ খনন বন্ধ কৰা, নদী বান্ধৰ প্ৰভাৱ অধ্যয়ন নকৰা পৰ্যন্ত বান্ধ নিৰ্মাণৰ কাম বন্ধ ৰখা আদিৰ প্ৰতি মনোনিৱেশ কৰা উচিত। ইয়াৰোপৰি ডিৱাইএফআই-এ দাবী জনাইছে যে বান ক্ষতিগ্ৰস্ত লোকলৈ আগবঢ়োৱা অনুদানৰ পৰিমাণ বঢ়োৱাৰ বাবে হিমন্ত বিশ্ব চৰকাৰে গুৰুত্ব আৰোপ কৰা উচিত।
ধন্যবাদ সহ-
নিৰংকুশ নাথ, ৰাজ্যিক সম্পাদক
ৰিতু ৰঞ্জন দাস, সভাপতি
ডি ৱাই এফ আই- অসম ৰাজ্যিক কমিটি