23/08/2026
Himanta Biswa Sarma Conrad K Sangma
শ্বিলঙত শেহতীয়াভাৱে পৰ্যটকৰ ওপৰত সংঘটিত হোৱা হিং**সাত্মক ঘটনাক মই তীব্ৰ ভাষাত গৰিহণা জনাইছো। ভ্ৰমণৰ বাবে অহা নিৰীহ পৰ্যটকক মা**ৰপিট কৰাৰ উপৰি সৰু সৰু ল’ৰা-ছোৱালীৰ মুখত কাঁচৰ টুকুৰা সোমাই যোৱাৰ দৰে বৰ্বৰ ঘটনা কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে। এনে কাৰ্যই কেৱল মানৱতাক লজ্জিত কৰাই নহয়, সমগ্ৰ অঞ্চলটোৰ বাবে এক ক'লা অধ্যায়ৰ সৃষ্টি কৰে।
চৰকাৰৰ নীতি বা কাৰ্যসূচীৰ প্ৰতি যদি কাৰোবাৰ অসন্তুষ্টি বা দাবী থাকে, তেন্তে চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আৰু শান্তিপূর্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। কিন্তু নিজৰ দাবী উত্থাপনৰ নামত নিৰীহ পৰ্যটক আৰু সাধাৰণ ৰাইজক লক্ষ্য কৰি লোৱাটো কোনোপধ্যেই যুক্তিযুক্ত হ’ব নোৱাৰে।
আমাৰ চালক ড্ৰাইভাৰ সন্থাই পৰ্যটক আৰু চালকসকলৰ সুৰক্ষাৰ স্বাৰ্থত গ্ৰহণ কৰা পদক্ষেপক মই সম্পূৰ্ণ সমৰ্থন জনাওঁ। একে সময়তে, মই অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী দুয়োকে অনুৰোধ জনাওঁ যাতে তেওঁলোকে এই সংবেদনশীল বিষয়টোত তৎক্ষণাত হস্তক্ষেপ কৰে।
= দুয়োখন ৰাজ্যৰ চৰকাৰে মিলি আন্তঃৰাজ্যিক সমন্বয় বৃদ্ধি কৰি এই সমস্যাৰ এক স্থায়ী আৰু সুনিৰ্দিষ্ট সমাধান উলিয়াব লাগে।
= পথত যাতায়াত কৰা ড্ৰাইভাৰসকলৰ লগতে বাহিৰৰ পৰা অহা প্ৰতিজন পৰ্যটকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰিব লাগে।
= হিংসাত লিপ্ত থকা দুষ্কৃতিকাৰীসকলক চিনাক্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
আমি কোনো ধৰণৰ হিংসা বা সংঘাত নিবিচাৰোঁ; আমি কেৱল শান্তি, নিৰাপত্তা আৰু এক সুস্থ স্থায়ী সমাধান বিচাৰোঁ।
CMO Assam