অসম পশুধন আৰু হাহঁ-কুকুৰা নিগম খানাপাৰা, গুৱাহাটী-২২

  • Home
  • India
  • Gauhati
  • অসম পশুধন আৰু হাহঁ-কুকুৰা নিগম খানাপাৰা, গুৱাহাটী-২২

অসম পশুধন আৰু হাহঁ-কুকুৰা নিগম 
খানাপাৰা, গুৱাহাটী-২২ Assam Livestock and Poultry Corporation Ltd. is a Govt. of Assam undertaking organisation.

17/07/2026
ইংৰাজী ১৫ জুলাই, ২০২৬ তাৰিখে অসম পশুধন নিগম (ALPCO)-ৰ জুৰিপাৰ, পাঞ্জাবাৰীস্থিত প্ৰশিক্ষণ প্ৰেক্ষাগৃহত "বিজ্ঞানসন্মত হাঁহ...
16/07/2026

ইংৰাজী ১৫ জুলাই, ২০২৬ তাৰিখে অসম পশুধন নিগম (ALPCO)-ৰ জুৰিপাৰ, পাঞ্জাবাৰীস্থিত প্ৰশিক্ষণ প্ৰেক্ষাগৃহত "বিজ্ঞানসন্মত হাঁহ-কুকুৰা আৰু ছাগলী পালন" শীৰ্ষক দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ উদ্বোধন অনুষ্ঠিত হয়।
কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ মাননীয়া মন্ত্ৰী শ্ৰীমতী নীলিমা দেৱী ডাঙৰনীয়ে। উদ্বোধনী অনুষ্ঠানত অসম পশুধন নিগমৰ অধ্যক্ষ শ্ৰী মনোজ শইকীয়া, পৰিচালন সঞ্চালক শ্ৰী অনিল চন্দ্ৰ ডেউৰী, ACS, লগতে নিগমৰ বিষয়ববীয়া, কৰ্মচাৰীসকল আৰু বিশিষ্ট অতিথিসকল উপস্থিত থাকে।
এই প্ৰশিক্ষণ কাৰ্যসূচীত অসমৰ বিভিন্ন জিলাৰ পৰা আগতীয়া নিবন্ধন কৰা বহু সংখ্যক আগ্ৰহী পশুপালক, যুৱক-যুৱতী, পুৰুষ আৰু মহিলা অংশগ্ৰহণ কৰে।
Animal Husbandry and Veterinary Department, Assam

অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ, জুৰিপাৰ, পাঞ্জাবাৰী প্ৰেক্ষাগৃহত  অহা ইং ১৫ আৰু ১৬ জুলাই, ২০২৬ তাৰিখে দুদিনীয়া "বৈজ্ঞা...
09/07/2026

অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ, জুৰিপাৰ, পাঞ্জাবাৰী প্ৰেক্ষাগৃহত অহা ইং ১৫ আৰু ১৬ জুলাই, ২০২৬ তাৰিখে দুদিনীয়া "বৈজ্ঞানিক ভিত্তিত পশুপালন " শীৰ্ষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ১৫ জুলাই “বৈজ্ঞানিক ভিত্তিক হাঁহ-কুকুৰা পালন” আৰু ১৬ জুলাই “বৈজ্ঞানিক ভিত্তিক ছাগলী পালন” বিষয়ত বিশেষজ্ঞসকলে পালন পদ্ধতি, খাদ্য ব্যৱস্থাপনা, বাসস্থান, ৰোগ প্ৰতিৰোধ, স্বাস্থ্য পৰিচৰ্যা আদি বিষয়ত ব্যৱহাৰিক প্ৰশিক্ষণ আগবঢ়াব। আগ্ৰহী অংশগ্ৰহণকাৰীসকলে নিজৰ নাম আৰু যোগাযোগৰ তথ্য তলৰ WhatsApp নম্বৰ ৯৩৬৫২৮৬৩০৫/৯৯৫৪৩৮৭০৫৭/৮৮৭৬৫৬০০৭৮-লৈ প্ৰেৰণ কৰি নামভৰ্তি কৰিব পাৰিব।
Animal Husbandry and Veterinary Department, Assam

২৯ আৰু ৩০ জুন,২০২৬ তাৰিখে দুদিনীয়া বৈজ্ঞানিক ভিত্তিত গাহৰি পালন শীৰ্ষক অনলাইন প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গাহ...
25/06/2026

২৯ আৰু ৩০ জুন,২০২৬ তাৰিখে দুদিনীয়া বৈজ্ঞানিক ভিত্তিত গাহৰি পালন শীৰ্ষক অনলাইন প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গাহৰি পালনৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব। আপোনালোকে তলত দিয়া ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব 🙏

05/06/2026
ইং ১ জুন, ২০২৬ তাৰিখ সোমবাৰে, তেজপুৰৰ বাৰিকা চুবুৰীত অৱস্থিত অসম পশুধন আৰু হাঁহ-কুকুৰা নিগম (ALPCO)ৰ দ্বাৰা নিৰ্মিত আধুন...
03/06/2026

ইং ১ জুন, ২০২৬ তাৰিখ সোমবাৰে, তেজপুৰৰ বাৰিকা চুবুৰীত অৱস্থিত অসম পশুধন আৰু হাঁহ-কুকুৰা নিগম (ALPCO)ৰ দ্বাৰা নিৰ্মিত আধুনিক ছাগলী/ভেৰা কচাইখানাটিৰ শুভ উদ্বোধন কৰে তেজপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াই। অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমে “অসম হিল ফ্ৰেছ” নামৰ এক প্ৰতিষ্ঠানৰ জৰিয়তে এই কচাইখানাটিৰ আনুষ্ঠানিক মুকলি কৰে।

উদ্বোধনী অনুষ্ঠানত তেজপুৰ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বিশ্ব দেৱ ভট্টাচাৰ্য মহোদয়,তেজপুৰ পৌৰসভাৰ অধ্যক্ষ শ্ৰী ৰমেন তামুলী মহোদয়, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ মহা প্ৰবন্ধক ডাঃ পূৰ্ণানন্দ কোঁৱৰ, বিভাগ আৰু নিগমৰ অন্যান্য বিষয়াবৰ্গৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

এই আধুনিক কচাইখানা স্থাপনৰ ফলত তেজপুৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ জনসাধাৰণৰ বাবে স্বাস্থ্যসন্মত, নিৰাপদ আৰু উৎকৃষ্ট মানৰ ছাগলী/ভেৰাৰ মাংস সহজলভ্য হ'ব। একে সময়তে, স্থানীয় বজাৰত গুণগত মানসম্পন্ন মাংসৰ চাহিদা পূৰণ, খাদ্য সুৰক্ষা নিশ্চিতকৰণ আৰু পশুপালনভিত্তিক অৰ্থনৈতিক কাৰ্যকলাপৰ বিকাশত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।
Animal Husbandry and Veterinary Department, Assam

An educational exposure visit of the B.Sc.(Hons) Agricultural Science students from Assam down town University was succe...
25/05/2026

An educational exposure visit of the B.Sc.(Hons) Agricultural Science students from Assam down town University was successfully conducted at Assam Livestock and Poultry Corporation Ltd. (ALPCO), Khanapara on 21.05.2026 and 23.05.2026.

During the visit, the students had detailed discussions and practical exposure to various livestock production and processing activities. The students visited the hatchery unit, goat market and sheep and goat slaughter house of ALPCO, where they gained valuable knowledge regarding scientific management practices, hygienic handling, biosecurity measures, and modern operational procedures followed in the livestock and poultry sector.
The programme was conducted in the presence of faculty members including Dr. Chandalima Baruah, Dr Priti Bandana Konwar and Dr Munmi Borah accompanying faculties from Assam down town University.
From ALPCO, the students were guided by Dr. P. N. Konwar, Dr. Dibakar Baruah, and Dr. Tanmoy Medhi, who shared their practical experiences and technical expertise with the students.
Such exposure visits play a vital role in bridging theoretical knowledge with practical field learning and help students understand the real-time functioning of the animal husbandry and livestock industry. The interaction also encouraged students to develop greater interest and awareness regarding scientific livestock production and management practices.

ই‌ং  ৩০,৩১মে আৰু ১ জুন তাৰিখে অসম পশুধন আৰু হাহঁ-কুকুৰা নিগমৰ উদ্যোগত " বৈজ্ঞানিক ভিত্তিক ছাগলী পালন" শীৰ্ষক তিনিদিনীয়া...
24/05/2026

ই‌ং ৩০,৩১মে আৰু ১ জুন তাৰিখে অসম পশুধন আৰু হাহঁ-কুকুৰা নিগমৰ উদ্যোগত
" বৈজ্ঞানিক ভিত্তিক ছাগলী পালন" শীৰ্ষক তিনিদিনীয়া অনলাইন প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলে তলত দিয়া ফোন নম্বৰত ২৮.০৫.২৬ তাৰিখলৈ নামভৰ্তিৰ বাবে যোগাযোগ কৰিব পাৰিব। সময় প্ৰতি দিনে সন্ধীয়া ৭ বজাৰ পৰা ৮ বজালৈ ।
যোগাযোগ নম্বৰ - ৯৩৬৫২৮৬৩০৫, ৯৯৫৪৩৮৭০৫৭

ইং ১১/৩/২৬ তাৰিখে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ দ্বাৰা  ছয়মাইল জুৰিপাৰত  নিৰ্মিত এক বিক্ৰিকেন্দ্ৰ  আনুষ্ঠানিক ভাবে মু...
12/03/2026

ইং ১১/৩/২৬ তাৰিখে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ দ্বাৰা ছয়মাইল জুৰিপাৰত নিৰ্মিত এক বিক্ৰিকেন্দ্ৰ আনুষ্ঠানিক ভাবে মুকলি কৰে নিগমৰ অধ্যক্ষ শ্ৰী মনোজ শইকীয়াই ডাঙৰীয়াই।অসম পশুধন নিগমে লুইত গ্ৰীনছ নামৰ এক অনুষ্ঠানৰ জৰিয়তে এই বিক্ৰি কেন্দ্ৰটো মুকলি কৰে । এই অনুষ্ঠানত অসম পশুধন নিগমৰ পৰিচালন সঞ্চালক শ্ৰী অনিল চন্দ্ৰ দেউৰী, দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক শ্ৰীমতী পাঞ্চালী কাকতি,ৰাজ্যিক তথ্য আয়োগৰ সচিব শ্ৰী অতুল শৰ্মা,পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অতিৰিক্ত আয়ুক্ত ডাঃ গৰ্গমোহন দাস, পশুপালন বিভাগৰ যুটীয়া সচিব শ্ৰীমতী দিপালী দেৱী, অসম গৌৰৱ ড৹ পঙ্কজ লাল গগৈ লগতে নিগমৰ বিষয় ববিয়া সকল উপস্থিত থাকে ।
Animal Husbandry and Veterinary Department, Assam
Krishnendu Paul
Manoj Saikia মনোজ শইকীয়া
Following

Address

Gauhati

Alerts

Be the first to know and let us send you an email when অসম পশুধন আৰু হাহঁ-কুকুৰা নিগম খানাপাৰা, গুৱাহাটী-২২ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share