10/07/2025
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭৭তম্ প্ৰতিষ্ঠা দিৱস উপলক্ষে অ.ভা.বি.প. গুৱাহাটী মহানগৰ তৰফৰ পৰা মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্প ক্ষেত্ৰত ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস পালন কৰা হয়। বিদ্যাৰ্থী পৰিষদে মহানগৰৰ চাৰি শতাধিক শিক্ষানুষ্ঠানৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাত উত্তীৰ্ণ শীৰ্ষ ৫ স্থানত থকা প্ৰায় ১২১৩ গৰাকী ছাত্ৰ-ছাত্ৰীক পদ্মশ্ৰী বিৰুবালা ৰাভা সন্মানৰে "কৃতি বিদ্যাৰ্থী বঁটা' প্ৰদান কৰা হয় । লগতে বিভিন্ন সামাজিক ক্ষেত্ৰত এক নিদৰ্শন ৰূপে থিয় দিয়া ৭ গৰাকী বিশিষ্ট যুৱ-ব্যক্তিত্ব ক্ৰমে যুৱ অভিনেতা কলম লোচন, যুৱ সাংবাদিক ডাবু নাৰায়ন কোঁৱৰ, যুৱ অভিনেতা বৈভবী গোস্বামী , কৌশিক ভৰদ্বাজ , যুৱ কণ্ঠ শিল্পী বিশ্ৰুত শইকীয়া, যুৱ উদ্যোগী জয়ত্ৰী শৰ্মা, যুৱ ইউটিউবাৰ হৰপাল শইকীয়াক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
উল্লেখ্য যে এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ প্ৰচাৰক শ্ৰী বশিষ্ঠ বুজৰবৰুৱা , অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া, বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সহ-সাংগঠনিক সম্পাদক শ্ৰী গোবিন্দ নায়ক, অ.ভা.বি.প অসম প্ৰদেশৰ ৰাজ্যিক সভানেত্ৰী ৰিতামনি বৈশ্য, সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগতে এই অনুষ্ঠানটোৰ উদযাপন সমিতিৰ সভাপতিৰ দায়িত্বত বিশিষ্ট সমাজসেৱক গণেশ তামূলী ডাঙৰীয়া, কাৰ্যকৰী সভাপতি হিচাপে জেষ্ঠ অধিবক্তা বিজন মহাজন ডাঙৰীয়া