বেজেৰা মণ্ডল ভাৰতীয় জনতা পাৰ্টী

  • Home
  • India
  • Gauhati
  • বেজেৰা মণ্ডল ভাৰতীয় জনতা পাৰ্টী

বেজেৰা মণ্ডল ভাৰতীয় জনতা পাৰ্টী BJP Bezera Mandal

৮০ সংখ্যক স্বাধীনতা দিৱস 🇮🇳আজি ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টি বেজেৰা মণ্ডল কাৰ্যালয় প্ৰাংগণ...
15/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱস 🇮🇳

আজি ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টি বেজেৰা মণ্ডল কাৰ্যালয় প্ৰাংগণত আমাৰ আটাইৰে প্ৰাণৰ ত্ৰিৰংগ পতাকাখন উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে বেজেৰা মণ্ডল বিজেপিৰ সন্মানীয় সভাপতি শ্ৰীযুত নয়নমণি বড়া ডাঙৰীয়াই।
#ভাৰত_মাতা_কি_জয়🇮🇳
#বন্দেমাতৰম🇮🇳

ত্ৰিৰংগা যাত্ৰা কেৱল এখন শোভাযাত্ৰা নহয়; ই দেশপ্ৰেম, ঐক্য আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ এক শক্তিশালী প্ৰতীক।দেশৰ প্ৰতি সন্মান, দ...
14/08/2026

ত্ৰিৰংগা যাত্ৰা কেৱল এখন শোভাযাত্ৰা নহয়; ই দেশপ্ৰেম, ঐক্য আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ এক শক্তিশালী প্ৰতীক।
দেশৰ প্ৰতি সন্মান, দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় ঐক্যৰ বাৰ্তা জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে আজি বেজেৰা মণ্ডল বিজেপিৰ উদ্যোগত বেজেৰা চ'কৰ পৰা এক ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰা হয়। জাতীয় পতাকা ত্ৰিৰংগা হাতত লৈ বিভিন্ন বয়সৰ লোক, মহিলা, যুৱসমাজ আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে এই যাত্ৰাত অংশগ্ৰহণ কৰে।

22/07/2026

NEET UG 26 পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ ছাত্ৰ ছাত্ৰীয়ে কি ক'লে যন্তৰ মন্তৰত হোৱা আন্দোলনৰ বিষয়ে। প্ৰকৃত ছাত্ৰ ছাত্ৰী অধ্যয়নত ব্যস্ত।
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh

🛑পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান ২০২৬ভাৰতীয় জনতা পাৰ্টি উত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত বেজেৰা মণ্ডল কাৰ্যাল...
05/07/2026

🛑পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান ২০২৬
ভাৰতীয় জনতা পাৰ্টি উত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত বেজেৰা মণ্ডল কাৰ্যালয়ত ৪ আৰু ৫ জুলাই তাৰিখে অনুষ্ঠিত হোৱা দুদিনীয়া মণ্ডল প্ৰশিক্ষণ বৰ্গ সফলতাৰে সমাপন হয়। ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাস, কাৰ্য্য পদ্ধতি, আদৰ্শ, সংগঠন তথা সামাজিক ৰাজনৈতিক মতাদৰ্শ ইত্যাদি বিভিন্ন বিষয়ত বিশিষ্ট সমল ব্যক্তিৰ দ্বাৰা কাৰ্যকৰ্তা বৃন্দক প্ৰশিক্ষণ প্ৰদান কৰা হয়।
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
Diganta Kalita
Bhaskar Kalita
Nayan Borah

ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক শ্ৰদ্ধাৰ ড০ শ্যামা প্ৰসাদ মুখাৰ্জী দেৱৰ পূৰ্ণতিথি উপলক্ষে "বলিদান দিৱস" পালন কৰা হয়। উক্ত অ...
23/06/2026

ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক শ্ৰদ্ধাৰ ড০ শ্যামা প্ৰসাদ মুখাৰ্জী দেৱৰ পূৰ্ণতিথি উপলক্ষে "বলিদান দিৱস" পালন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি বেজেৰা মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰীযুত নয়নমণি বড়া ডাঙৰীয়া, উপ-সভাপতি শ্ৰীৰুবুল চন্দ্ৰ দাস, শ্ৰীভূপেন দাস আৰু ধোপাতাৰী গাঁও পঞ্চায়তৰ সভাপতি শ্ৰীকুশল কলিতা ডাঙৰীয়া লগতে দলীয় কাৰ্যকৰ্তাবৃন্দ।

আই অসমীৰ সুযোগ্য সন্তান Himanta Biswa Sarma 🙏🙏🙏
21/06/2026

আই অসমীৰ সুযোগ্য সন্তান Himanta Biswa Sarma 🙏🙏🙏

আজি দ্বাদশ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস। পোনপ্ৰথমে সকলোকে আন্তৰ্জাতিক যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। সমগ্ৰ বিশ্...
21/06/2026

আজি দ্বাদশ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস। পোনপ্ৰথমে সকলোকে আন্তৰ্জাতিক যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। সমগ্ৰ বিশ্ব‌তে আজি পালন কৰা হৈছে যোগ দিৱস। সমগ্ৰ বিশ্বৰ সমান্তৰালকৈ ভাৰতীয় জনতা যুৱ মৰ্চা, বেজেৰা মণ্ডলৰ উদ্যোগত তথা ভাৰতীয় জনতা পাৰ্টি বেজেৰা মণ্ডল সমিতিৰ সহযোগত সহযোগত বেজেৰা মণ্ডল বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত ১২সংখ্যক আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচীত অনুষ্ঠিত কৰা হয়।

ভাৰতৰ মহান মনিষীসকলে যুগ ধৰ্ম পালন কৰিয়েই বিশ্বৰ বুকুত শান্তি প্ৰতিষ্ঠা কৰি আহিছে। যোগে মানৱীয় প্ৰমূল্যবোধৰ জ্ঞান দান কৰি আহিছে। বৰ্তমান সময়ত সুস্থ আৰু নিৰোগী জীৱনৰ মুলমন্ত্ৰ হৈছে নিয়মিত যোগভাস।শৰীৰ সুস্থ হৈ থাকিলে মন সুস্থ হৈ থাকে আৰু সুস্থ মন সৃষ্টি‌ৰ কঠীয়াতলি।যোগ হৈছে প্ৰণালীবদ্ধ জীৱনৰ আধাৰ ।যোগে মানসিক উৎকৰ্ষ সাধন কৰে।আৰোগ্য জীৱনৰ এক সংকল্প হৈছে যোগভাস।সুস্থ আৰু নিৰোগী জীৱণ‌ই হৈছে এখন সুস্থ সমাজৰ মূলমন্ত্ৰ।সেয়ে নিয়মিত যোগভ্যাস বৰ্তমান সময়ত অত্যন্ত জৰুৰী হৈ পৰিছে।

আজি ভাৰতীয় জনতা পাৰ্টি বেজেৰা মণ্ডল কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগ দিৱসৰ কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টি উত্তৰ কামৰূপ জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত ভাস্কৰজ্যোতি কলিতা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি বেজেৰা মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰীনয়নমণি বড়া ডাঙৰীয়া প্ৰমুখ্যে মণ্ডল বিজেপিৰ বিভিন্ন বিষয় ববীয়া তথা কাৰ্য্যকৰ্তা উপস্থিত থাকে।

Himanta Biswa Sarma
BJP Assam Pradesh

05/06/2026
আগষ্টৰ পৰা চেনি, চাউল, তেল সকলো লাভ কৰিব। অৰুণোদয় হিতাধিকাৰীয়েও পাব ধন! চৰকাৰৰ কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত।
05/06/2026

আগষ্টৰ পৰা চেনি, চাউল, তেল সকলো লাভ কৰিব। অৰুণোদয় হিতাধিকাৰীয়েও পাব ধন! চৰকাৰৰ কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত।

Address

Changsari
Gauhati
781101

Website

Alerts

Be the first to know and let us send you an email when বেজেৰা মণ্ডল ভাৰতীয় জনতা পাৰ্টী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share