02/10/2025
*গান্ধীৰ সত্য আৰু সমতা নে আৰ এছ এছ ৰ বিভেদকামী মনোভাৱ!*
*নতুন প্রজন্ময়ে কি আকোঁৱালি ল'ব?*
আজি ২ অক্টোবৰ। এফালে মহাত্মা গান্ধীৰ জন্মদিন, যিটো দিনত আমি তেওঁৰ অহিংসা, সত্য আৰু "সর্বধর্ম সমভাৱ"ৰ আদৰ্শক স্মৰণ কৰোঁ।
আনফালে, এইটোৱেই সেই বছৰ, য'ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-এ নিজৰ শতবৰ্ষত ভৰি দিছে-যিটো সংগঠনে এশ বছৰ ধৰি ভাৰতৰ বহুত্ববাদী আত্মাৰ বিপৰীতে এক সংকীর্ণ, বিভাজনকামী আৰু ঘৃণাৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাই আহিছে। আজিৰ দিনটোত এই দুটা আদৰ্শৰ মাজৰ পাৰ্থক্যক উপলব্ধি কৰাটো প্ৰতিজন ছাত্ৰ-ছাত্ৰী আৰু সচেতন নাগৰিকৰ কৰ্তব্য।
গান্ধীৰ ভাৰতক লৈ যি সপোন আছিল সেয়া হৈছে, ভিন্ন ধৰ্ম, ভাষা আৰু সংস্কৃতিৰ লোকে একেলগে থাকি এখন শক্তিশালী দেশ নিৰ্মাণ কৰা। তেওঁৰ আদৰ্শত "ঈশ্বৰ-আল্লাহ তেৰো নাম" ধ্বনিত হৈছিল। এই আদর্শই ভাৰতৰ স্বাধীনতা সংগ্রামক শক্তি দিছিল।
তাৰ বিপৰীতে, আৰ এছ এছ-ৰ শতবর্ষই আমাক মনত পেলাই দিয়ে সেই মতাদৰ্শৰ কথা, যি মতাদৰ্শই ভাৰতবৰ্ষৰ সংবিধানৰ পৰিৱৰ্তে মনুস্মৃতিক প্রাধান্যতা দিয়ে। যি মতাদর্শই বৈজ্ঞানিক চিন্তাৰ পৰিৱৰ্তে অন্ধবিশ্বাসক প্রশ্রয় দিয়ে আৰু যি মতাদর্শই "সর্বধর্ম সমভাৱ" ৰ ঠাইত এক ধৰ্মৰ শ্ৰেষ্ঠতা প্ৰতিষ্ঠা কৰিব বিচাৰে। তেওঁলোকৰ বাবে বহুত্ববাদ এক সমস্যা।
অসমৰ বাবে এই আদর্শগত সংঘাত আৰু বেছি গুৰুত্বপূর্ণ। এইখন মহাপুৰুষ শংকৰদেৱ আৰু আজান ফকীৰৰ সমন্বয়ৰ ভূমি। লুইতৰ পাৰত শ শ বছৰ ধৰি বিভিন্ন জনগোষ্ঠী, ভাষা আৰু ধৰ্মৰ লোকে একেলগে বসবাস কৰি এক সংমিশ্রিত সংস্কৃতি গঢ়ি তুলিছে। এই সমন্বয় আমাৰ শক্তি। কিন্তু বিগত বছৰবোৰত, আৰ এছ এছ আৰু বিজেপিৰ দৰে ৰাজনৈতিক শক্তিয়ে অসমৰ এই সামাজিক বান্ধোন দুর্বল কৰিবলৈ চেষ্টা চলাইছে। তেওঁলোকে আমাৰ মাজত ধৰ্ম আৰু ভাষাৰ নামত বিভেদৰ বীজ সিঁচিছে।
আজি যেতিয়া আমি কেম্পাছবোৰলৈ চাওঁ, আমি এক স্পষ্ট আদর্শগত সংঘাত প্ৰত্যক্ষ কৰিম। এফালে যদি চৰকাৰখনে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ জৰিয়তে শিক্ষাক ব্যৱসায়িক সামগ্ৰীলৈ ৰূপান্তৰিত কৰিছে, যাৰ ফলত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে। আনফালে, তেওঁলোকে ইতিহাস বিকৃত কৰি আৰু অবৈজ্ঞানিক চিন্তাধাৰা প্ৰচাৰ কৰি ছাত্ৰ সমাজৰ সমালোচনাত্মক মানসিকতাক (Critical Thinking) ধ্বংস কৰিব বিচাৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ দৰে ঘটনা, য'ত ছাত্ৰ-ছাত্ৰীৰ গণতান্ত্রিক কণ্ঠক দমন কৰিবলৈ চেষ্টা কৰা হয়, সেয়া এই কর্তৃত্ববাদী মানসিকতাৰেই প্ৰকাশ।
ভাৰতৰ ছাত্র ফেডাৰেচনে বিশ্বাস কৰে যে আমাৰ যুঁজ কেৱল শিক্ষাৰ অধিকাৰ বা কেম্পাছ গণতন্ত্ৰৰ বাবেই নহয়। আমাৰ যুঁজ ভাৰতৰ আত্মা ৰক্ষাৰ যুঁজ। আৰ এছ এছ-ৰ বিভাজনকামী ভাৰত খনৰ নহয়, আমি গান্ধীৰ সমন্বয়ৰ ভাৰতখনৰ পক্ষত থিয় দিছোঁ। আমি শংকৰদেৱ আৰু আজান ফকীৰৰ সমন্বয়ৰ অসমখনক পক্ষত থিয় দিছোঁ।
আজিৰ এই সময়ত, আমি সকলো ছাত্র-ছাত্রীক আহ্বান জনাওঁ-আহক, আমি ঘৃণাৰ বিপৰীতে একতা, অন্ধবিশ্বাসৰ বিপৰীতে বিজ্ঞান আৰু বিভাজনৰ বিপৰীতে গণতন্ত্ৰৰ পথ বাছি লওঁ। আমাৰ সংগ্ৰাম অধ্যয়ন আৰু শ্ৰেণীকোঠাৰ পৰা আৰম্ভ হৈ সমাজৰ প্ৰতিটো স্তৰলৈ আগুৱাই যাব লাগিব।
স্বাধীনতা, গণতন্ত্র, সমাজতন্ত্র জিন্দাবাদ!
ধন্যবাদ সহকাৰে,
দেৱান ইপ্টিকাৰ হুছেইন
সভাপতি
ৰাজদ্বীপ মহন্ত
সম্পাদক
এছ এফ আই, অসম ৰাজ্যিক কমিটি
#অসমছাত্ৰ #গান্ধীজয়ন্তী #ছাত্ৰএকতা #ছাত্ৰৰআওৱাজ