Abdul Hai

Abdul Hai Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Abdul Hai, Social service, Moylapathar Bazar, Matia Road, Baladmari, Goalpara.

১৪ নং গোৱালপাৰা পূৱ সমষ্টিৰ পৰিবৰ্তন আৰু সেৱাৰ বাবে উৎসৰ্গিত এজন জনসেৱক।
General Secretary & Spokesperson, AIUDF | Advocate for Minority Rights, Education & Social Justice | Working for an Inclusive Assam | Goalpara, Assam 🇮🇳
400030405934

03/09/2026

১৯৫৫ চনত আৱণ্টিত ভূতনাথ শ্মশানৰ মাটি PRF-ৰ অন্তৰ্ভুক্ত কৰাৰ যুক্তি ক'ত?"
​গোৱালপাৰাত অনুষ্ঠিত নাগৰিক অভিৱৰ্তনত প্ৰশাসনিক সিদ্ধান্তক লৈ পোনপটীয়া প্ৰশ্ন উত্থাপন জ্যেষ্ঠ অধিবক্তা জীতেন দাসৰ।

03/09/2026
গোৱালপাৰা নাগৰিক অধিকাৰ সুৰক্ষা সমিতিৰ তৰফৰ পৰা স্মাৰক পত্ৰ প্ৰদান।সদ্য ঘোষিত ৰাক্ষসীনী অঞ্চলৰ ৫২০ বিঘা ভূমি বিদ্যুৎ প্ৰ...
03/09/2026

গোৱালপাৰা নাগৰিক অধিকাৰ সুৰক্ষা সমিতিৰ তৰফৰ পৰা স্মাৰক পত্ৰ প্ৰদান।
সদ্য ঘোষিত ৰাক্ষসীনী অঞ্চলৰ ৫২০ বিঘা ভূমি বিদ্যুৎ প্ৰকল্প আৰু ২০০০ বিঘা ভূমি উদ্যোগৰ বাবে হস্তান্তৰ কৰাৰ লগতে জনবসতিপূৰ্ণ অঞ্চল বন বিভাগে সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত কৰিলে প্ৰায় ৫০ হাজাৰ লোক গৃহহীন আৰু ভূমিহীন হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে।
এই গুৰুতৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আজি গোৱালপাৰা জিলা আয়ুক্ত মহোদয়ক যোৱাকালি অনুষ্ঠিত হৈ যোৱা নাগৰিক অভিৱৰ্তনে গ্ৰহণ কৰা প্ৰস্তাৱৰ প্ৰতিলিপি সংলগ্ন কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।
স্মাৰক পত্ৰযোগে সংৰক্ষিত বনাঞ্চল আৰু প্ৰস্তাৱিত উদ্যোগিক ক্ষেত্ৰৰ মেপৰ পৰা জনবসতিপূৰ্ণ অঞ্চল কৰ্তন কৰাৰ লগতে স্থানীয় ৰাইজৰ ন্যায্য অধিকাৰ আৰু ভূমি সুৰক্ষাৰ দাবী জনোৱা হয়। লগতে এই জটিল সমস্যাৰ স্থায়ী আৰু সুচল সমাধানৰ বাবে প্ৰশাসনৰ সৈতে বিশদ আলোচনা কৰা হয়।

ইন্না লিল্লাহে ৱা ইন্না ইলাইহে ৰাজিউন।ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰদ্ধাৰ মোবাৰক আলী পাঠান চাহাবৰ ইন্তেকালৰ বাতৰিয়ে আ...
03/09/2026

ইন্না লিল্লাহে ৱা ইন্না ইলাইহে ৰাজিউন।
ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰদ্ধাৰ মোবাৰক আলী পাঠান চাহাবৰ ইন্তেকালৰ বাতৰিয়ে আমাক গভীৰভাৱে মৰ্মাহত আৰু ব্যথিত কৰি তুলিলে।
২০০৬ চনৰ পৰা ২০১১ চনলৈ AIUDF দলৰ বিধায়ক হিচাপে তেখেতে ধিং সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। এগৰাকী দক্ষ জনপ্ৰতিনিধি হিচাপে নিজৰ সততা, নিষ্ঠা আৰু নিস্বাৰ্থ জনসেৱাৰ জৰিয়তে তেখেতে অঞ্চলটোৰ ৰাইজৰ অন্তৰত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ বিয়োগ সমগ্ৰ অঞ্চলটোৰ বাবে এক অপূৰণীয় ক্ষতি।
মহান আল্লাহ তায়ালাই প্ৰয়াত মোবাৰক আলী পাঠান চাহাবৰ সকলো ভুল-ত্ৰুটি মাফ কৰি জান্নাতুল ফিৰদাউছ নছীব কৰক। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা আত্মীয়-স্বজনক এই গভীৰ শোক সহ্য কৰিব পৰাকৈ ধৈৰ্য্য (ছবৰ) দান কৰক— তাৰেই আন্তৰিক প্ৰাৰ্থনা জনালোঁ।
আমীন।

03/09/2026

গোৱালপাৰা জিলাৰ ঘন জনবসতিপূৰ্ণ অঞ্চলসমূহক সংৰক্ষিত বনাঞ্চল তথা উদ্যোগিক ক্ষেত্ৰৰ আওতাৰ পৰা বাহিৰত ৰখাৰ এক বলিষ্ঠ দাবীত চহৰৰ নটসূৰ্য ফণী শৰ্মা ভৱনত এক বিশাল নাগৰিক অভিৱৰ্তন অনুষ্ঠিত হয়।
​এই অভিৱৰ্তনৰ মূল উদ্দেশ্যসমূহ হৈছেঃ
▪️​স্থানীয় ভূমিপুত্ৰ আৰু দীৰ্ঘদিন ধৰি বসবাস কৰি অহা নাগৰিকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা।
▪️​সংৰক্ষিত বনাঞ্চল বা উদ্যোগীকৰণৰ নামত ঘন বসতিপূৰ্ণ এলেকাবাসী যাতে উচ্ছেদ বা ভূমিহীন হোৱাৰ আশংকাত ভুগিবলগীয়া নহয়, তাৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা।
▪️​জনস্বাৰ্থ আৰু প্ৰকৃতি সুৰক্ষাৰ মাজত এক যুক্তিসংগত সমন্বয় ৰক্ষা কৰি স্থানীয় ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা।
​ৰাইজৰ অস্তিত্ব আৰু অধিকাৰ ৰক্ষাৰ এই যুঁজত সকলোৰে সক্ৰিয় সহযোগিতা আৰু ঐক্যবদ্ধ সঁহাৰি কামনা কৰা হ’ল।

আজি বগলাজান গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৰহা বিধানসভা সমষ্টিৰ চাপৰমুখ জিলা পৰিষদৰ এলেকাধীন ...
31/08/2026

আজি বগলাজান গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৰহা বিধানসভা সমষ্টিৰ চাপৰমুখ জিলা পৰিষদৰ এলেকাধীন পঞ্চায়তসমূহক সামৰি এক সাংগঠনিক সভা অনুষ্ঠিত হয়। আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক লক্ষ্য কৰি অনুষ্ঠিত এই সভাতে চাপৰমুখ জিলা পৰিষদ পৰ্যায়ৰ এ আই ইউ ডি এফ (AIUDF) দলৰ নিৰ্বাচনী কমিটী আনুষ্ঠানিকভাৱে গঠন কৰা হয়।
​উক্ত সভাত এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত চম্পক কলিতা ডাঙৰীয়া আৰু ৰহা সমষ্টিৰ বিগত বিধানসভা নিৰ্বাচনৰ এ আই ইউ ডি এফৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত মুকুট দাস ডাঙৰীয়াৰ সৈতে ময়ো উপস্থিত থাকোঁ।

আজি ৰাজা আলি ক্ৰীড়া প্ৰকল্পৰ প্ৰেক্ষাগৃহত নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৰহা বিধানসভা সমষ্টিৰ মাধৱপাৰা জিলা পৰিষদৰ এলেকা...
27/08/2026

আজি ৰাজা আলি ক্ৰীড়া প্ৰকল্পৰ প্ৰেক্ষাগৃহত নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৰহা বিধানসভা সমষ্টিৰ মাধৱপাৰা জিলা পৰিষদৰ এলেকাধীন পাঁচখন পঞ্চায়তক সামৰি এক সাংগঠনিক সভা অনুষ্ঠিত হয়। আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক লক্ষ্য কৰি অনুষ্ঠিত এই সভাতে মাধৱপাৰা জিলা পৰিষদ পৰ্যায়ৰ এ আই ইউ ডি এফ (AIUDF) দলৰ নিৰ্বাচনী কমিটী আনুষ্ঠানিকভাৱে গঠন কৰা হয়।
​উক্ত সভাত এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকদ্বয় শ্ৰীযুত চম্পক কলিতা ডাঙৰীয়া আৰু শ্ৰীযুত নূপুৰ বৰ্ধন ডাঙৰীয়াৰ লগতে ৰহা সমষ্টিৰ বিগত বিধানসভা নিৰ্বাচনৰ এ আই ইউ ডি এফৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত মুকুট দাস ডাঙৰীয়াৰ সৈতে ময়ো উপস্থিত থাকোঁ।

শোকবাৰ্তাঃ​ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন।​অত্যন্ত দুখ আৰু গধুৰ হৃদয়েৰে জনাব লগা হৈছে যে বিশিষ্ট সমাজসেৱক, আলি...
26/08/2026

শোকবাৰ্তাঃ
​ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন।

​অত্যন্ত দুখ আৰু গধুৰ হৃদয়েৰে জনাব লগা হৈছে যে বিশিষ্ট সমাজসেৱক, আলিমে দ্বীন হাফিজ ছৰহাব আলী ডাঙৰীয়া আৰু আমাৰ মাজত নাই। দীৰ্ঘদিন ধৰি অসুস্থ হৈ চিকিৎসাধীন হৈ থকাৰ পিছত তেখেতে ইহলীলা সম্বৰণ কৰে। তেখেতৰ এই বিয়োগত আমি এ আই ইউ ডি এফ পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰিলোঁ।

​তেখেত এজন অতি সৰল, অমায়িক আৰু হৃদয়বান ব্যক্তি আছিল। সদায় হাঁহিমুখে সৰু-ডাঙৰ সকলোৰে সৈতে মৰম-সাদৰে মত-বিনিময় কৰি তেখেতে সকলোৰে হৃদয় জয় কৰিছিল। গোৱালপাৰা আজাদ নগৰৰ ত্বাকৱিয়াতুল ইমান মাদ্ৰাছা প্ৰতিষ্ঠা হোৱাৰ সময়ৰ পৰাই তেখেতে মাদ্ৰাছাখনৰ সৈতে জড়িত হৈ অতি নিষ্ঠা আৰু আন্তৰিকতাৰে সেৱা আগবঢ়াই আহিছিল।

​তেখেতৰ এই আকস্মিক বিয়োগ সমগ্ৰ অঞ্চলটোৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ সৎ কৰ্ম আৰু সুমধুৰ স্মৃতি সদায় আমাৰ মাজত জীয়াই থাকিব।

​মহান আল্লাহে তেখেতৰ সকলো ভুল-ত্ৰুটি ক্ষমা কৰি জান্নাতুল ফিৰদাউছত উচ্চ স্থান দান কৰক আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক এই গভীৰ শোক সহ্য কৰাৰ শক্তি (সবৰ) প্ৰদান কৰক। আমিন।

Address

Moylapathar Bazar, Matia Road, Baladmari
Goalpara
783121

Telephone

+919854342131

Website

Alerts

Be the first to know and let us send you an email when Abdul Hai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Abdul Hai:

Shortcuts

Share

Category