CEMO MAC

CEMO MAC মিচিং স্বায়ত্বশাসিত পৰিষদ মুখ্য কাৰ্য্যবাহী সদস্য কাৰ্য্যালয় 9395985050

আজি ইংৰাজী ০৬/০৮/২০২৬ তাৰিখে গোগামুখ চেতিয়া গাঁৱস্থিত RLRC প্ৰেক্ষাগৃহত মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আৰু Compiti...
06/09/2026

আজি ইংৰাজী ০৬/০৮/২০২৬ তাৰিখে গোগামুখ চেতিয়া গাঁৱস্থিত RLRC প্ৰেক্ষাগৃহত মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আৰু Compition Care ৰ সহযোগত পৰিষদীয় এলেকাৰ ৩য় বেট্‌চৰ APSC-UPSC Sponsorship Coaching Programme ৰ Pre-Screening Test Seminar অনুষ্ঠিত কৰা হয়।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক বহু গুৰুত্বপূৰ্ণ তথা বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই মিচিং স্বায়ত্বশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াই।

Seminar ত সমল ব্যক্তি হিচাপে উপস্থিত থাকে সন্মানীয় ACS বিষয়া পাৰ্থপ্ৰতিম নেওগ ডাঙৰীয়া, Compition Careৰ সন্মানীয় Founder তথা CEO অংশুমান গগৈ ডাঙৰীয়া।

উপস্থিত থাকে সন্মানীয় MD ৰাজ পল্লৱ গগৈ ডাঙৰীয়া, সন্মানীয় প্ৰশিক্ষকদ্বয় মানস নৰহ ডাঙৰীয়া, আশীষ ঘোষ ডাঙৰীয়া, পৰিষদৰ সন্মানীয় কাৰ্য্যবাহী সদস্যদ্বয় অনিল পায়েং ডাঙৰীয়া, বিজু পেগু ডাঙৰীয়া, সন্মানীয়া কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰা ডাঙৰীয়ানী, সন্মানীয় সাধাৰণ সদস্য ক্ৰমে - ৰাজু পেগু ডাঙৰীয়া, মুকুল পেগু ডাঙৰীয়া, নিলকান্ত দলে ডাঙৰীয়া, দিলীপ পেগু ডাঙৰীয়া, সন্মানীয়া সাধাৰণ সদস্যা নিভা পেগু মিলি ডাঙৰীয়ানী, RLRC ৰ সঞ্চালক চত্ৰ মেদক ডাঙৰীয়া, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু ছাত্ৰ-ছাত্ৰী সকল।

#মুখ্য_কাৰ্যবাহী_সদস্য_কাৰ্য্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।

আজি ইংৰাজী ০৫/০৮/২০২৬ তাৰিখে "শিক্ষক দিৱস" উপলক্ষে শ্বহীদ অঞ্জনা কাপ সমিতি আৰু মিংমাং আঞ্চলিক TMPKৰ উদ্যোগত আৰু মিচিং স্...
05/09/2026

আজি ইংৰাজী ০৫/০৮/২০২৬ তাৰিখে "শিক্ষক দিৱস" উপলক্ষে শ্বহীদ অঞ্জনা কাপ সমিতি আৰু মিংমাং আঞ্চলিক TMPKৰ উদ্যোগত আৰু মিচিং স্বায়ত্বশাসিত পৰিষদৰ সহযোগত মিংমাংস্থিত কঠালগুৰি খেলপথাৰত "শ্বহীদ অঞ্জনা কাপ ২০২৬"ৰ চুড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

উক্ত চূড়ান্ত প্ৰতিযোগিতাত ১-০ গ’লৰ ব্যৱধানত গা-ডাঙৰচুক দলক পৰাজিত কৰি গেৰমে এফ চি দলে "অঞ্জনা কাপ ২০২৬"ৰ বিজয়ৰ খিতাপ অৰ্জন কৰে।
শ্ৰেষ্ঠ খেলুৱৈ ট্ৰফী গেৰমে এফ চি ৰ ভৱেশ পেগু, শ্ৰেষ্ঠ গ’লৰক্ষক ট্ৰফী বসন্ত টাইদ, শ্ৰেষ্ঠ স্কোৰ ট্ৰফী ৰাহুল পাতিৰে লাভ কৰে।

আনহাতে, শ্বহীদ অঞ্জনা কাপৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা ভলীবল প্ৰতিযোগিতাত চেম্পিয়ন ট্ৰফী লাভ কৰে কে ভি চি চি দলে আৰু ৰানাৰ্ছ আপ ট্ৰফী লাভ কৰে মহৰিকেম্প ভলীবল ক্লাপে।

কাবাডী প্ৰতিযোগিতাত চেম্পিয়ন ট্ৰফী লাভ কৰে নামৰূপ দলে আৰু ৰানাৰ্ছ আপ ট্ৰফী লাভ কৰে গোগামুখ দলে।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি প্ৰতিযোগিতাৰ কিক্-অফ কৰে জোনাই বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ভূৱন পেগু ডাঙৰীয়া আৰু পৰিষদৰ মাননীয় অধ্যক্ষ সুনীল কুমাৰ পেগু ডাঙৰীয়াই।

উপস্থিত থাকে সন্মানীয় সাধাৰণ সদস্য ক্ৰমে- ৰাজু পেগু ডাঙৰীয়া, নিলকান্ত দলে ডাঙৰীয়া, দিলীপ পেগু ডাঙৰীয়া, মুকুল পেগু ডাঙৰীয়া, লাৱণ্য মিলি ডাঙৰীয়ানী, TMPKৰ সন্মানীয় উপ-সভাপতি টুনিৰাম পাংগিং ডাঙৰীয়া, TMMKৰ সন্মানীয়া সম্পাদিকা শৰ্মিলা পায়েং ডাঙৰীয়ানী, শ্বহীদ অঞ্জনা পেগুৰ পৰিয়ালবৰ্গ, শ্বহীদ অঞ্জনা কাপৰ পদক আৰু বিভিন্ন সামগ্ৰীৰ দাতাসকল, গণশক্তি, মিচিং জাতীয় সংগঠন MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

#মুখ্য_কাৰ্যবাহী_সদস্য_কাৰ্য্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।

অসমৰ যশস্বী শিক্ষাবিদ, সমাজ সংস্কাৰক, বিদূষী মহিলা, বহুকেইখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষা, ডি. লিট উপাধি প্ৰাপ্ত, ...
05/09/2026

অসমৰ যশস্বী শিক্ষাবিদ, সমাজ সংস্কাৰক, বিদূষী মহিলা, বহুকেইখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষা, ডি. লিট উপাধি প্ৰাপ্ত, মিচিং বাঃনৗ কৗবাঙৰ সভানেত্ৰী পদ্মশ্ৰী ইন্দিৰা মিৰি দেৱীৰ পৱিত্ৰ প্ৰয়াণতিথিত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

এডিনবার্গ বিশ্ববিদ্যালয় আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰা বৰেণ্যা নাৰী গৰাকীয়ে জীৱনযোৰা সাধনা আৰু গভীৰ অধ্যৱসায়েৰে উত্তৰ-পূৰ্বাঞ্চলৰ শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰখনলৈ আগবঢ়াই থৈ যোৱা অমূল্য অৱদানসমূহ যুগ-যুগান্তৰলৈ স্মৰণীয় হৈ থাকিব।
তেওঁৰ আদৰ্শ তথা বৰ্ণময় জীৱন পৰিক্ৰমা, কৰ্ম আৰু সৃষ্টিৰাজিয়ে নৱ-প্ৰজন্মক প্ৰতিপল অনুপ্ৰেৰণা যোগাব।

ধন্যবাদ।।

#মুখ্য_কাৰ্য্যবাহী_সদস্য_কাৰ্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।

দেশৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি, দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি, মহান শিক্ষাবিদ, ৰাজনীতিবিদ তথা দাৰ্শনিক ভাৰত ৰত্ন ড° সৰ্বেপল্লী ...
05/09/2026

দেশৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি, দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি, মহান শিক্ষাবিদ, ৰাজনীতিবিদ তথা দাৰ্শনিক ভাৰত ৰত্ন ড° সৰ্বেপল্লী ৰাধাকৃষ্ণন দেৱৰ পৱিত্ৰ জন্ম বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ।

যশস্বী শিক্ষাবিদ গৰাকীৰ জন্মদিনটোৰ প্ৰতি সন্মান জনাই আজি ভাৰতবৰ্ষত উদযাপন কৰা "শিক্ষক দিৱস" উপলক্ষে জ্ঞানৰ পোহৰেৰে সমাজ আলোকিত কৰা শিক্ষকবৃন্দলৈ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
লগতে প্ৰতিগৰাকী শিক্ষাগুৰুৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

স্বনামধন্য ব্যক্তিগৰাকীয়ে দেশৰ সৰ্বাংগীন উন্নয়ন তথা শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰখনলৈ আগবঢ়াই থৈ যোৱা অমূল্য অৱদানসমূহ যুগ-যুগান্তৰলৈ স্মৰণীয় হৈ থাকিব।
তেওঁৰ আদৰ্শ তথা কৰ্ম আৰু সৃষ্টিৰাজীয়ে নৱ-প্ৰজন্মক প্ৰতিপল অনুপ্ৰাণিত কৰিব।

ধন্যবাদ।

#মুখ্য_কাৰ্যবাহী_সদস্য_কাৰ্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।

"কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ।শঙ্খ, চক্ৰ, গদা,পদ্ম কৰত তোমাৰ"।পৰমব্ৰহ্মৰ পূৰ্ণ অৱতাৰ তথা ত্ৰিভুৱনৰ পালনকৰ্তা, ত্ৰাণকৰ্তা...
04/09/2026

"কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ।
শঙ্খ, চক্ৰ, গদা,পদ্ম কৰত তোমাৰ"।

পৰমব্ৰহ্মৰ পূৰ্ণ অৱতাৰ তথা ত্ৰিভুৱনৰ পালনকৰ্তা, ত্ৰাণকৰ্তা, পৰম আৰাধ্য দেৱ ভগৱান শ্ৰীকৃষ্ণৰ পৱিত্ৰ জন্মতিথিত প্ৰভুৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা জনাইছোঁ।

লগতে সমূহ ভক্তপ্ৰাণ ৰাইজলৈ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ।

প্ৰভু ঈশ্বৰে পৃথিৱীৰ সকলো অপায়-অমঙ্গল, অসূয়া-অপ্ৰীতি, হিংসা-বিভেদ, ৰোগ-ব্যাধি নাশ কৰি সুখ-শান্তি আৰু সমৃদ্ধি প্ৰদান কৰক তাৰে কামনা কৰিলোঁ।

ধন্যবাদ।।

#মুখ্য_কাৰ্য্যবাহী_সদস্য_কাৰ্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনৰ কিংবদন্তি, এচিয়ান গেমছত স্বৰ্ণ পদক আৰু 'অৰ্জুন বঁটা' বিজয়ী প্ৰথমজন অসমীয়া শ্ৰী ভোগেশ্বৰ বৰুৱা...
03/09/2026

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনৰ কিংবদন্তি, এচিয়ান গেমছত স্বৰ্ণ পদক আৰু 'অৰ্জুন বঁটা' বিজয়ী প্ৰথমজন অসমীয়া শ্ৰী ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ পৱিত্ৰ ওপজা দিনটোৰ সন্মানাৰ্থে ৰাজ্যত উদযাপন 'অভিৰুচি ক্ৰীড়া দিৱস'।

তাৰে অংশ স্বৰূপে আজি সন্ধান গ্ৰুপৰ উদ্যোগত গোগামুখ মহাবিদ্যালয়ৰ খেলপথাৰত অসম ভিত্তিত প্ৰাইজমানি দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

উক্ত প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াই।

অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ সন্মানীয় সাধাৰণ সদস্য ৰাজু পেগু ডাঙৰীয়া, গোগামুখ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ড° দিলিপ কুমাৰ ঝা ডাঙৰীয়া, সন্ধান গ্ৰুপৰ সন্মানীয় সভাপতি কৈলান গগৈ ডাঙৰীয়া আৰু অন্যান্য বিষয়ববীয়া সকল, গোগামুখ অঞ্চলৰ বিশিষ্ট ক্ৰীড়া সংগঠক, সমাজ কৰ্মীৰ লগতে অন্যান্য দল সংগঠনৰ বিষয়ববীয়া।

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনৰ কিংবদন্তি তথা বিশিষ্ট ক্ৰীড়াবিদ, এচিয়ান গেমছত স্বৰ্ণ পদক আৰু 'অৰ্জুন বঁটা' বিজয়ী প্ৰথমজন অসমীয...
03/09/2026

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনৰ কিংবদন্তি তথা বিশিষ্ট ক্ৰীড়াবিদ, এচিয়ান গেমছত স্বৰ্ণ পদক আৰু 'অৰ্জুন বঁটা' বিজয়ী প্ৰথমজন অসমীয়া শ্ৰী ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ পৱিত্ৰ ওপজা দিনত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

লগতে পৰম পিতা পৰমেশ্বৰৰ ওচৰত বৰুৱা ডাঙৰীয়াৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ৷

খ্যাতনামা ক্ৰীড়াবিদ গৰাকীৰ সন্মানাৰ্থে তেওঁৰ ওপজা দিনত পালন কৰা 'অভিৰুচি ক্ৰীড়া দিৱস তথা ৰাজ্যিক ক্ৰীড়া দিৱস' উপলক্ষে আটাইলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

অসমৰ উঠি অহা প্ৰতিটো প্ৰজন্মৰ বাবে যুগ যুগান্তৰলৈ তেওঁ অনুপ্ৰেৰণা উৎস হৈ থাকিব।

ধন্যবাদ।।

#মুখ্য_কাৰ্য্যবাহী_সদস্য_কাৰ্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ শিক্ষা বিভাগৰ অভিলাষী আঁচনি আগম মিগাং টাবুৰাম টাইদ শিক্ষাজ্যোতি আঁচনি আৰু শিক্ষা সাৰথি আঁচনি...
02/09/2026

মিচিং স্বায়ত্বশাসিত পৰিষদৰ শিক্ষা বিভাগৰ অভিলাষী আঁচনি আগম মিগাং টাবুৰাম টাইদ শিক্ষাজ্যোতি আঁচনি আৰু শিক্ষা সাৰথি আঁচনিৰ অধীনত ২৬ নং বুৰুলী পৰিষদীয় সমষ্টিৰ পৰা ২০২৬ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক আৰু ক্ৰীড়া বিভাগত ৰাষ্ট্ৰীয়/ৰাজ্যিক/জিলা পৰ্য্যায়ত পদক প্ৰাপ্ত খেলুৱৈ সকলক এককালীন আৰ্থিক সাহাৰ্য্য বিতৰণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ মাননীয় সাধাৰণ সদস্য ৰাজু চিন্তে ডাঙৰীয়া।

উপস্থিত থাকে সন্মানীয় সমাজ হিতৈষী কমিচন মিলি ডাঙৰীয়া, চিলনী গাঁও পঞ্চায়তৰ সন্মানীয় প্ৰাক্তন সভাপতি দেনেশ্বৰ পাৱ ডাঙৰীয়া, MMKৰ সন্মানীয় কেন্দ্ৰীয় সদস্য পদেশ্বৰ মিলি ডাঙৰীয়া, MAKৰ সন্মানীয় কেন্দ্ৰীয় সদস্য বীৰেণ সিং মিলি ডাঙৰীয়া, পশ্চিম মুঢ়াদল গাওঁ পঞ্চায়তৰ সন্মানীয় সভাপতি অজিত পায়েং ডাঙৰীয়া, জীয়াভৰলী মহিলা সমিতিৰ সন্মানীয়া সভানেত্ৰী গুণেশ্বৰী মিলি ডাঙৰীয়ানী, ৰঙাজান গাঁও পঞ্চায়তৰ সন্মানীয় আঞ্চলিক সদস্য দেবেন মিলি ডাঙৰীয়া, গাম সকল, বিশিষ্ট সমাজকৰ্মী, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া, ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকল আৰু স্থানীয় ৰাইজ।

উল্লেখ্য যে, জীৱন জীৱিকা অভিযানৰ অধীনত ২০২৬ বৰ্ষৰ প্ৰশিক্ষণ প্ৰাপ্ত প্ৰশিক্ষাৰ্থী সকলক উক্ত অনুষ্ঠানত আনুষ্ঠানিকভাৱে প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়।

#মুখ্য_কাৰ্যবাহী_সদস্য_কাৰ্য্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ শিক্ষা বিভাগৰ অভিলাষী আঁচনি আগম মিগাং টাবুৰাম টাইদ শিক্ষাজ্যোতি আঁচনি আৰু শিক্ষা সাৰথি আঁচনি...
01/09/2026

মিচিং স্বায়ত্বশাসিত পৰিষদৰ শিক্ষা বিভাগৰ অভিলাষী আঁচনি আগম মিগাং টাবুৰাম টাইদ শিক্ষাজ্যোতি আঁচনি আৰু শিক্ষা সাৰথি আঁচনিৰ অধীনত ২৩ নং লোহিত পৰিষদীয় সমষ্টিৰ পৰা ২০২৬ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক আৰু ক্ৰীড়া বিভাগত ৰাষ্ট্ৰীয়/ৰাজ্যিক/জিলা পৰ্য্যায়ত পদক প্ৰাপ্ত খেলুৱৈ সকলক এককালীন আৰ্থিক সাহাৰ্য্য বিতৰণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ মাননীয় সাধাৰণ সদস্য মুকুল পেগু ডাঙৰীয়া।

উপস্থিত থাকে TMPK মাজুলী জিলা সমিতিৰ সন্মানীয় প্ৰাক্তন সভাপতি হৰেন নৰহ ডাঙৰীয়া, নামনি সোৱণশিৰি মিচিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অৱসৰপ্ৰাপ্ত শিক্ষক সঞ্জীৱ পায়েং ডাঙৰীয়া, ২২নং কাকৰিকটা প্ৰাথমিক বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক সুনজ্যোতি পামেগাম ডাঙৰীয়া, শ্ৰী শ্ৰী পিতাম্বৰদেৱ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যাপক যদু কলিতা ডাঙৰীয়া, TMPKৰ সন্মানীয় কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক বিনোদ দলে ডাঙৰীয়া, TMMKৰ সন্মানীয়া কেন্দ্ৰীয় সহ-সম্পাদিকা দীপ্তি পাদুন দলে ডাঙৰীয়ানী, MMKৰ সন্মানীয় জিলা সম্পাদক নৱ দলে ডাঙৰীয়া, সন্মানীয় জিলা শিক্ষা সম্পাদক সঞ্জীৱ চিৰাং ডাঙৰীয়া, সন্মানীয় উপ-সভাপতি গোবিন্দ পেগু ডাঙৰীয়া, গাম সকল, বিশিষ্ট সমাজকৰ্মী, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া, ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকল আৰু স্থানীয় ৰাইজ।

উল্লেখ্য যে, জীৱন জীৱিকা অভিযানৰ অধীনত ২০২৬ বৰ্ষৰ প্ৰশিক্ষণ প্ৰাপ্ত প্ৰশিক্ষাৰ্থী সকলক উক্ত অনুষ্ঠানত আনুষ্ঠানিকভাৱে প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়।

#মুখ্য_কাৰ্যবাহী_সদস্য_কাৰ্য্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ শিক্ষা বিভাগৰ অভিলাষী আঁচনি আগম মিগাং টাবুৰাম টাইদ শিক্ষাজ্যোতি আঁচনি আৰু শিক্ষা সাৰথি আঁচনি...
01/09/2026

মিচিং স্বায়ত্বশাসিত পৰিষদৰ শিক্ষা বিভাগৰ অভিলাষী আঁচনি আগম মিগাং টাবুৰাম টাইদ শিক্ষাজ্যোতি আঁচনি আৰু শিক্ষা সাৰথি আঁচনিৰ অধীনত ২১ নং বৰনৈ পৰিষদীয় সমষ্টিৰ পৰা ২০২৬ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক আৰু ক্ৰীড়া বিভাগত ৰাষ্ট্ৰীয়/ৰাজ্যিক/জিলা পৰ্য্যায়ত পদক প্ৰাপ্ত খেলুৱৈ সকলক এককালীন আৰ্থিক সাহাৰ্য্য বিতৰণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ মাননীয় অধ্যক্ষ সুনীল কুমাৰ পেগু ডাঙৰীয়া।

নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ঢকুৱাখনা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ যোগানন্দ সূত ডাঙৰীয়া।

উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ নিৰঞ্জন পেগু ডাঙৰীয়া, সমাজ কৰ্মী স্বৰূপ কোঁৱৰ ডাঙৰীয়া, খেৰকটা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ললিত পেগু ডাঙৰীয়া, ঢকুৱাখনা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক প্ৰবীণ দলে ডাঙৰীয়া, হাৰ্হি মহাবিদ্যালয়ৰ সন্মানীয় প্ৰবক্তা পদ্মনাথ দলে ডাঙৰীয়া, অৱসৰপ্ৰাপ্ত সন্মানীয় শিক্ষক হৰিপ্ৰসাদ লাগাছু ডাঙৰীয়া, সমাজ কৰ্মী বিজয় পেগু ডাঙৰীয়া, সন্মানীয় জিলা পৰিষদ সদস্য প্ৰণৱ পেগু ডাঙৰীয়া, সন্মানীয় আঞ্চলিক সদস্য অমৃত দলে ডাঙৰীয়া, বিজয় পেগু ডাঙৰীয়া, গাওঁ পঞ্চায়তৰ সন্মানীয় সভাপতি টুনিৰাম দলে ডাঙৰীয়া, ভৱানী পেগু দলে ডাঙৰীয়ানী, কেকুঁৰি বিল্লাম হাইস্কুলৰ সন্মানীয় প্ৰধান শিক্ষক গুণাধৰ দলে ডাঙৰীয়া, যোগীসূতি কনেং হাইস্কুলৰ সন্মানীয় প্ৰধান শিক্ষক সুনীল দলে ডাঙৰীয়া, অৱসৰপ্ৰাপ্ত সন্মানীয় প্ৰধান শিক্ষক কিৰণ পেগু ডাঙৰীয়া, ভোমাজাৰণি হাইস্কুলৰ সন্মানীয় শিক্ষক ললিত কুটুম ডাঙৰীয়া, সৰ্বোদয় হাইস্কুলৰ সন্মানীয় শিক্ষক লেখন লাগাছু ডাঙৰীয়া, গাম সকল, বিশিষ্ট সমাজকৰ্মী, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া, ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকল আৰু স্থানীয় ৰাইজ।

উল্লেখ্য যে, জীৱন জীৱিকা অভিযানৰ অধীনত ২০২৬ বৰ্ষত প্ৰশিক্ষণ প্ৰাপ্ত প্ৰশিক্ষাৰ্থী সকলক উক্ত অনুষ্ঠানত আনুষ্ঠানিকভাৱে প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়।

#মুখ্য_কাৰ্যবাহী_সদস্য_কাৰ্য্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।

Address

Gogamukh

Alerts

Be the first to know and let us send you an email when CEMO MAC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share