Gohpur Municipal Board

Gohpur Municipal Board This page is about the Municipal Board of Gohpur. We try to keep you updated about the public servic

12/01/2026

গহপুৰ পৌৰ সভাৰ "বস্ত্ৰ বেংক"ৰ বস্ত্ৰ প্ৰায় শেষ হৈছে, কোনো ব্যক্তিয়ে দান কৰিব বিচাৰিলে গহপুৰ পৌৰ সভাৰ কাৰ্য্যালয়ত, কাৰ্য্যালয় খোলা সময়ত দান কৰিব পাৰিব।

ধন্যবাদ।

আজি ইং ২৯ ডিচেম্বৰ ২০২৫ তাৰিখে গহপুৰ পৌৰ সভাৰ অন্তৰ্গত ১ নং ৱাৰ্ডত স্বচ্ছ ভাৰত অভিযান ৰ অধীনত Material Recovery Facility...
29/12/2025

আজি ইং ২৯ ডিচেম্বৰ ২০২৫ তাৰিখে গহপুৰ পৌৰ সভাৰ অন্তৰ্গত ১ নং ৱাৰ্ডত স্বচ্ছ ভাৰত অভিযান ৰ অধীনত Material Recovery Facility (বৰ্জ্য সামগ্ৰী পুনৰুদ্ধাৰ কেন্দ্ৰ) টিৰ শিলান্যাস অনুষ্ঠানটি সম্পন্ন কৰা হয়। গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী উৎপল বৰা ডাঙৰীয়াই উক্ত শিলান্যাস অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে ।
অনুষ্ঠানটিত কেইবাগৰাকীও বিশিষ্ট সমাজকৰ্মী, গহপুৰ পৌৰ সভাৰ সভাপতি, কাৰ্যবাহী বিষয়া, ৱাৰ্ড কমিছনাৰ সকল, গহপুৰ পৌৰ সভাৰ বিষয়ববীয়া, কৰ্মচাৰী ও পৌৰ এলেকাৰ ৰাইজ উপস্হিত থাকে।

এই কেন্দ্ৰ টিত বর্জ্য সামগ্ৰীৰ পৰা পুনঃব্যৱহাৰযোগ্য সামগ্ৰী সমূহ বাছনি ও, পুনৰুদ্ধাৰ কৰি পুনঃব্যৱহাৰকাৰী প্ৰতিষ্ঠান আদিলৈ প্ৰেৰণ কৰা হব। ইয়াৰ জৰিয়তে জাৱৰ পেলোৱা স্থানতো বৰ্জ্য পদাৰ্থৰ পৰিমাণ হ্ৰাস হব লগতে পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰতো এক ইতিবাচক প্ৰভাৱ পৰিব।
Biswanath Administration
Chairman, Gohpur Municipal Board

29/11/2025

পথ সুৰক্ষা সম্পৰ্কে গহপুৰ পৌৰ সভাৰ সভাপতি শ্ৰী অতুল বৰাৰ ৰাইজলৈ আহ্বান

Biswanath Administration
Gohpur Co-District Administration
Chairman, Gohpur Municipal Board

Celebration of the 150th anniversary of "Vande Mataram" at the Office of Gohpur Municipal Board.7.11.2025
07/11/2025

Celebration of the 150th anniversary of "Vande Mataram" at the Office of Gohpur Municipal Board.
7.11.2025

19/10/2025

"Swachh Diwali Subh Diwali"

আজি পৰিৱেশ দিৱস উপলক্ষে গহপুৰ পৌৰ সভাৰ উদ্যোগত গহপুৰ নগৰত কেইটিমান গছ পুলি ৰুই চোৱা চিতাৰ দ্বায়িত্ব লোৱা হয় তথা  পূৰ্ব...
05/06/2025

আজি পৰিৱেশ দিৱস উপলক্ষে গহপুৰ পৌৰ সভাৰ উদ্যোগত গহপুৰ নগৰত কেইটিমান গছ পুলি ৰুই চোৱা চিতাৰ দ্বায়িত্ব লোৱা হয় তথা পূৰ্বতে বিভিন্ন ঠাইত ৰোপন কৰা পুলি সমূহৰ নিৰীক্ষণ কৰা হয়। উক্ত কাৰ্য্যসূচীত গহপুৰ সম জিলাৰ আয়ুক্ত, গহপুৰ আৰু হেলেম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দ্বয়, গহপুৰ পৌৰ সভাৰ সভাপতি, কাৰ্যবাহী বিষয়া, ৱাৰ্ড কমিছনাৰ সকল আৰু গহপুৰৰ বহু কেইজন বিশিষ্ট সমাজকৰ্মী উপস্হিত থাকে ।

গহপুৰ নগৰ সেউজীয়া কৰণৰ উদ্দেশ্যে ৰোপন কৰা পুলি সমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ গহপুৰ পৌৰ সভাৰ তৰফৰ পৰা ৰাইজক আহ্বান জনোৱা হয়।

তাৰিখঃ  ২৫/৫/২০২৫প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মিত ঘৰ সমূহৰ পৰ্য্যবেক্ষণ কৰি থকা অৱস্হাত গহপুৰ পৌৰ সভাৰ কাৰ্য্যবাহ...
26/05/2025

তাৰিখঃ ২৫/৫/২০২৫

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মিত ঘৰ সমূহৰ পৰ্য্যবেক্ষণ কৰি থকা অৱস্হাত গহপুৰ পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ(নগৰীয়া) নগৰ প্ৰকল্প বিষয়া আৰু ৮ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ ।

Gohpur Co-District Administration
Chairman, Gohpur Municipal Board

10/05/2025

গহপুৰ চহৰৰ ৰাজহুৱা কামবোৰৰ ক্ষেত্ৰত সচেতন ৰাইজৰ পৰ্য্যবেক্ষণ বা গঠনমূলক মন্তব্য নিশ্চয় আদৰণীয়, কিন্ত্ত কিছুসময় পূৰ্বে সামাজিক মাধ্যমৰ এক বাতৰিত উল্লেখিত চতিয়াচুকৰ সমীপত, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিৰ্মাণ হৈ থকা কাৰ্লভাৰ্টৰ কামটোৰ নিবিদা গহপুৰ পৌৰ সভাৰ অধীনত হোৱা নাই ।

✨📸 গহপুৰ পৌৰ সভাৰ ৰূপালী জয়ন্তী – গৌৰৱৰ এক অধ্যায়! 🏛️🎉২৫ বছৰৰ এই ঐতিহাসিক যাত্ৰাৰ অমূল্য মুহূর্তবোৰ একেলগে সাঁচি ৰাখোঁ… ...
26/03/2025

✨📸 গহপুৰ পৌৰ সভাৰ ৰূপালী জয়ন্তী – গৌৰৱৰ এক অধ্যায়! 🏛️🎉

২৫ বছৰৰ এই ঐতিহাসিক যাত্ৰাৰ অমূল্য মুহূর্তবোৰ একেলগে সাঁচি ৰাখোঁ… 🎊💫 উৎসৱ, ঐতিহ্য, আৰু একতাৰ অপূৰ্ব আৱেগ! 🤝💛 Swachh Bharat Mission - Urban Gohpur Co-District Administration CMO Assam Chairman, Gohpur Municipal Board Biswanath Administration Ministry of Housing and Urban Affairs

26/03/2025

✨ গহপুৰ পৌৰ সভাৰ ৰূপালী জয়ন্তীৰ স্মৃতিগাঁথা – আমাৰ বিশেষ ডকুমেণ্টাৰী ভিডিঅ' আপোনালোকৰ বাবে! 🎬📜 অভিজ্ঞতাৰ এক নতুন অধ্যায়, একেলগে উপভোগ কৰোঁ! 🎉 Gohpur Co-District Administration CMO Assam Chairman, Gohpur Municipal Board Assam State Urban Livelihoods Mission Society, Day-Nulm, Assam Swachh Bharat Mission - Urban Biswanath Administration

আজি ইং ২০ মাৰ্চ ২০২৫ তাৰিখে গহপুৰ ছোৱালী হাইস্কুলৰ সন্মুখত জনবন্ধু ৰাম শৰ্মা স্মৃতি শিশু উদ্যান খন শুভ উদ্বোধন কৰা হয়।উক...
21/03/2025

আজি ইং ২০ মাৰ্চ ২০২৫ তাৰিখে গহপুৰ ছোৱালী হাইস্কুলৰ সন্মুখত জনবন্ধু ৰাম শৰ্মা স্মৃতি শিশু উদ্যান খন শুভ উদ্বোধন কৰা হয়।
উক্ত অনুষ্ঠানত গহপুৰ পৌৰ সভাৰ সভাপতি, কাৰ্য্যবাহী বিষয়া, ৱাৰ্ড কমিছনাৰ সকল, বিশিষ্ট সমাজ কৰ্মী আৰু ৰাইজ উপস্থিত থাকে ।

19/03/2025

আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, অহা ২২ আৰু ২৩ মাৰ্চ ২০২৫ তাৰিখে গহপুৰ পৌৰ সভাৰ ৰূপালী জয়ন্তী সমাৰোহ উপলক্ষে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব💫✨✨✨

অহা ২২ মাৰ্চ তাৰিখে পুৱা ১০ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
ক শাখা: পঞ্চম শ্ৰেণীলৈকে
খ শাখা: ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে।
স্হান : গহপুৰ পৌৰ সভাৰ কাৰ্য্যালয়।

পুৱা ১১ বজাৰ পৰা গহপুৰ সম জিলা ভিত্তিত কুইজ প্ৰতিযোগিতা (দুজনীয়া দল) ।
ক শাখা : সপ্তম শ্ৰেণী লৈকে (লিখিত কুইজ)
খ শাখা: অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ।
স্হান: কনকলতা ভৱন।

আৰু পুৱা ১১ বজাৰ পৰা গহপুৰ পৌৰ সভাৰ এলেকাৰ দলৰ মাজত দিহানাম প্ৰতিযোগিতা হ'ব।
স্হান : গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ।

গতিকে, ইচ্ছুক প্ৰতিযোগী সকলক গহপুৰ পৌৰ সভাৰ কাৰ্য্যালয়লৈ আহি নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হ'ল।

Address

Police Station Road
Gohpur
784168

Website

Alerts

Be the first to know and let us send you an email when Gohpur Municipal Board posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Gohpur Municipal Board:

Share