Sn Hzrka

Sn Hzrka hzrka sn Just for live and life I need some......?

এই চৰাই বিধ নোহোৱা হয় পৰিছে কোনোবাই অনুভব কৰে নে,,,,আমি যে এই চৰাই বিধ নেদেখা হৈছোঁ ইয়াৰ কাৰণ কি বাৰু,,,বুলি ভাৱে,,,
13/12/2018

এই চৰাই বিধ নোহোৱা হয় পৰিছে কোনোবাই অনুভব কৰে নে,,,,
আমি যে এই চৰাই বিধ নেদেখা হৈছোঁ ইয়াৰ কাৰণ কি বাৰু,,,বুলি ভাৱে,,,

05/12/2018

উৰিব মন যায়,,,
বহু দূৰলৈ উৰিব,,
দেশ বিদেশ ঘুৰিব
মন যায় কেতিয়াবা।।,,,,
পাখি যে নাই মোৰ,,
মই যে উৰণীয়া মনৰ,,
উৰণীয়া সপোন মোৰ,,,
উৰি যাব খোজোঁ বহু দূৰ।।,,,
মন উৰণীয়া উৰিব নোৱাৰে,,,
নাই তাৰ পাখি,,,
সি যে নহয় সেই উৰণীয়া মনৰ,,,
উৰণীয়া মন নহয় তাৰ,,,
নোৱাৰে উৰিব সি,,,
নাই তাৰ পাখি,,,
কিন্তু উৰিব এদিন মোৰ,,,
উৰণীয়া মনৰ,,
উৰণীয়া মন মোৰ সপোন।।,,,,,,,,
✍️ ভঙা দৰ্পণ,

27/11/2018

এজন ভাল বন্ধুৰ এটি প্ৰশ্ন,,,,,,,,,,,,,
" আছিল যেনেকুৱা
হৈছিল তেনেকুৱা,,,,,
হৈছিল জেনেকোৱা
হবি তেনেকুৱা,,,,
হবি যেনেকুৱা
হম তেনেকুৱা,,,,
হম জেনেকুৱা
হবি তেনেকুৱা।।
উত্তৰ বিচাৰি মই ভঙা দৰ্পণ ৰ প্ৰতিবিম্ব এটি মনে সজা আলোক চিত্ৰ,,,,,,

বিচ্ছেদ বিচাৰিছিলা তুমি,বিচ্ছেদেই তোমাৰ কাম্য আছিল ,অসহ্য যদিও যন্ত্ৰনাবোৰ সামৰিকাম্যবোৰ সপি দিচিলো তোমাৰ হাতত ৷যদিও বা ...
27/11/2018

বিচ্ছেদ বিচাৰিছিলা তুমি,
বিচ্ছেদেই তোমাৰ কাম্য আছিল ,
অসহ্য যদিও যন্ত্ৰনাবোৰ সামৰি
কাম্যবোৰ সপি দিচিলো তোমাৰ হাতত ৷
যদিও বা পাহৰিব কস্ট হৈছিল
প্ৰাত যৌৱনৰ সপোন,
ওজাগৰী নিশাৰ বাৰ্তালাপ,
আবেগৰ অংগিকাৰ,এই যে তুমি মই এক হৈ
এখন সপোনৰ ঘৰ সাজিম,
মাইনাই কান্দিব ওমলাবা তুমি,
আৰু অভিমান ভৰা মাতেৰে মই তোমাক কম," মোৰ বাবে কমি গ’ল নেকি তোমাৰ বুকুৰ মৰম "৷
আজিতো সকলোবোৰ পঞ্চতন্ত্ৰৰ সাধু,
প্ৰেমৰ প্ৰতি আজি মোৰ ভীষন বিতৃষ্ণা,
বিতৃষ্ণা মোৰ ওজাগৰী নিশাৰ সেই প্ৰেমালাপ,
বিতৃষ্ণা মোৰ আবেগভৰা সেই প্ৰতিশ্ৰুতি,
বিতৃষ্ণা মোৰ দুটি শব্দৰ সেই যতিল সন্ধি
যাৰ নাম প্ৰেম ৷
শীতৰ ওমলগা নিশাবোৰত আজি আৰু
সেই ৰুমান্তিক ৰুমান্তিক ভৰা অনুভববোৰ নাহে,
নাথাকে আৰু সেই প্ৰতিক্ষা,
মিছা প্ৰতিশ্ৰুতিৰে ভৰা সুৱদি মাতৰ ৷
আজি দেখুন প্ৰতিটো পলেই মোৰ অনুসোচনাত দগ্ধ,
দগ্ধ মোৰ সপোন
দগ্ধ মোৰ হৃদয়,
অনিচ্ছাকৃতেও সপি দিছো নিজক স্মৃতি নামৰ এক জলন্ত অনলত ৷
✍️ সোনমনি হাজৰিকা।

27/11/2018

hzrka sn

20/11/2018

শ্ৰদ্ধাৰ অসমবাসী ৰাইজ নমস্কাৰ
আহক আজি আমি আলোচনা কৰোঁ পাকঘৰত ৰন্ধা কৰ্মত আৰু পাকঘৰৰ মজিয়াত আহাৰ খোৱা আৰু আহাৰ সংৰক্ষিত কৰি ৰাখিব বাবে ব্যবহাৰ কৰা পাত্ৰ সমূহৰ ধাতু সমূহ গুণাগুণ জানোআহক,,,,,,,,,,,,,,
আমাৰ পাকঘৰ আৰু পাকঘৰৰ মজিয়াত ব্যবহাৰ কৰা পাত্ৰ সমূহৰ ধাতু সমূহৰ নিম্নতৰ ধাতুৰ পাত্ৰসমূহ,
১*মাটি , ২* কাঁচ, ৩* লো, ৪*তীখা , ৫*কাঁহ, ৬*তাম,৭*পিতল,৮* ৯*এলুমিনিয়াম আৰু উচ্চতৰ ধাতুৰ পাত্ৰ ৮*সোণ, ৯* ৰূপ,,,,,,,
এই ধাতুৰ পাত্ৰ সমূহৰ গুণ সমূহ এই লিখনীৰ দ্বাৰা আপোনালোকৰ অৱগত কৰিছোঁ,,,,,,,,,,,

১* মাটিৰ পাত্ৰ:-----------
মাটিৰ পাত্ৰত আহাৰ ৰন্ধা আৰু আহাৰ থোৱাৰ বাবে ব্যবহাৰ কৰাটো সকলোতকৈ উত্তম। মাটিৰ পাত্ৰত ৰন্ধা আহাৰ সম্পূৰ্ণ বিষ মুক্ত হোৱাৰ লগতে আহাৰৰ সোৱাদ বৃদ্ধি হয়। মাটিৰ পাত্ৰত আহাৰ ৰন্ধা আৰু খোৱাৰ ফলত সুস্বাস্থ্য পোৱা যায়।

২*কাঁচৰ পাত্ৰ (Glass):------
কাঁচৰ পাত্ৰত আহাৰ খোৱা আৰু আহাৰ থোৱাৰ বাবে ব্যবহাৰ কৰিলে শৰীৰৰ পক্ষে কোনো ধৰণৰ লাভও নাই আৰু কোনো ধৰণৰ ক্ষতিও নাই।

৩*লোহ পাত্ৰ (Iron):------------
লোহ পাত্ৰত ৰন্ধা আহাৰ গ্ৰহণ কৰিলে শৰীৰ শক্তশালী হয়, তেজত হিমগ্লোবিনৰ(Increase Hemoglobin) পৰিমাণ বৃদ্ধি কৰে, শৰীৰৰ ফূলা(Reduce Swelling) কম কৰে, জণ্ডিছ,(Jaundice) আৰুৰক্তহীনতা(Anemia) আদি ৰোগত বিভিন্ন প্ৰকাৰে সহায় কৰে। আহাৰ ৰান্ধি হোৱাৰ শেষ মূহুৰ্ততেই আহাৰ খিনি বেলেগ পাত্ৰত থব লাগে। কাৰণ লোহ পাত্ৰত থোৱা আহাৰ গ্ৰহণ কৰিলে মগজৰ আশয় শক্তি কম কৰে,(Decrease Mind Power)। লোহ পাত্ৰত গাখীৰ খালে শৰীৰৰ পক্ষে লাভজনক।

৪*তীখা পাত্ৰ(Steel):-----------------------
তীখাৰ পাত্ৰত আহাৰ ৰান্ধা আৰু তীখাৰ পাত্ৰত আহাৰ খোৱাৰ ফলত শৰীৰৰ পক্ষে কোনো লাভ ও নাই আৰু ক্ষতিও নাই।

৫*কাঁহৰ পাত্ৰ(Bronze):------------------
কাঁহৰ পাত্ৰত থোৱা আহাৰ আৰু কাঁহৰ পাত্ৰত আহাৰ খালে স্মৃতি শক্তি আৰু হজম শক্তি বৃদ্ধি হয়, তেজ বিশুদ্ধ আৰু ভুক লগা আদিৰ ক্ষেত্ৰত সহায় কৰে। কাঁহৰ পাত্ৰত ৰন্ধা টেঙা জাতীয় আহাৰ বা কাঁহৰ পাত্ৰত থৈ দিয়া টেঙা জাতীয় আহাৰ বিষৰ সমান আৰু ই শৰীৰৰ পক্ষে ক্ষতিকাৰক। সেই বাবে কেতিয়াও টেঙা জাতীয় আহাৰ কাঁহৰ পাত্ৰত ৰান্ধিব বা খাব নালাগে।

৬*তাম্ৰ পাত্ৰ (Copper):------------------
ভাত বনাবৰ কাৰণে তাম্ৰ ধাতুৰ পাত্ৰ উত্তম ধাতুৰ পাত্ৰ। আজিৰ বিজ্ঞানে প্ৰমাণ কৰিব পাৰিছে যে তাম্ৰ ধাতুৰ পাত্ৰত ৰন্ধা ভাতত কলাজেন,(Collagen) বৃদ্ধি হয়,,যি কলাজেণ ছালৰ (skin) বাবে প্ৰয়োজনীয়। কফ প্ৰকৃতিৰ মানুহৰ বাবে তাম্ৰ ধাতুৰ পাত্ৰ আহাৰ ৰান্ধি খোৱাৰ বাবে উত্তম।তাম্ৰ পাত্ৰত আহাৰ,পানী সংৰক্ষিত কৰি থোৱা আৰু তাম্ৰ পাত্ৰত আহাৰ,পানী খোৱাৰ ফলত শৰীৰৰ বীজাণু দুৰ(Detoxifying Body) হয়,তেজ বিশুদ্ধ (Blood Purified) হয়, যকৃত প্ৰক্ৰিয়া সৱল(Improve Liver Function) হয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। তাম্ৰ পাত্ৰত গাখীৰ খালে শৰীৰৰ পক্ষে ক্ষতিকাৰক।

৭*পিতল পাত্ৰ (Brass):-----------------------
পিতলৰ পাত্ৰত ৰন্ধা আহাৰ, পিতলৰ পাত্ৰত সংৰক্ষিত কৰা আহাৰ আৰু পিতলৰ পাত্ৰত আহাৰ খালে গাঁঠিৰ বিষৰ লগতে গেচ/ এচিদিতি (Gas/Acidity) কম কৰা,আৰু ওজন কমোৱা (Weight Loss),আদিৰ লগতে ঠাণ্ডা আৰু কফ পৰা প্ৰতিৰোধ কৰাত সহায় কৰে।

৮*এলুমিনিয়াম পাত্ৰ:------------
আজিৰ বিজ্ঞানে কিছুমান পৰীক্ষা দ্বাৰা প্ৰমাণ কৰিছে যে এলুমিনিয়াম ধাতুৰ পাত্ৰত পাকঘৰত আহাৰ ৰন্ধা আৰু পাকঘৰ মজিয়াত আহাৰ খোৱা আৰু সংৰক্ষণ কৰাৰ কৰ্মত ব্যবহাৰ কৰাৰ পৰা আঁতৰ থাকিব লাগে কাৰণ ই শৰীৰৰ বাবে ক্ষতি কাৰক। শৰীৰত বিভিন্ন ৰোগ সৃষ্টি কৰে।

৯*সোণৰ পাত্ৰ (Gold):-----------------
সোণ প্ৰাকৃতিক ভাৱে গৰম হোৱা এবিধ ধাতু। আয়ুৰ্বেদ চিকিৎসা বিজ্ঞান অনুসৰি সোণৰ পাত্ৰত আহাৰ থলে, আৰু সোণৰ পাত্ৰত আহাৰ খালে শৰীৰৰ বাহ্যিক আৰু আভ্যন্তৰীণ দুয়ো দিশত শক্তি পোৱা যায়, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়(increase immunity), বাহুবল বৃদ্ধি হয়,আৰু ত্ৰী দোষ সমান অৱস্থাত থকাত সহায় কৰে।

১০*ৰূপৰ পাত্ৰ (Silver):-----------
ৰূপ এবিধ ঠাণ্ডা প্ৰকৃতিৰ প্ৰতিজৈৱিক গুণ সম্পন্ন প্ৰাকৃতিক ধাতু।এই ধাতুৰ পাত্ৰত ৰন্ধা আহাৰ, এই ধাতুৰ পাত্ৰত থোৱা আহাৰ আৰু এই পাত্ৰত আহাৰ খালে শৰীৰৰ ৰক্ত চাপ(BP) নিয়ন্ত্ৰিত হয়, নিম্ন বাতুলতা(Lowers Anger), দৃষ্টি শক্তি বৃদ্ধি হয়,(Improve Eyesight) আৰু মগজৰ শক্তি বৃদ্ধি (Improve Brain Power) হয়।

ধন্যবাদ
✍️ সোনমনি হাজৰিকা
Ayurveda Panchakarma & Leach therapist.

18/11/2018

** পৰিচয়***
✍️ ভঙা দৰ্পণ
তুমি কোন,,,,?
কথাৰে নহয় পৰিচয়,,
কামৰ দ্বাৰা হয় পৰিচয়,,
কৰ্মই আমাৰ দিব পৰিচয়,,,
কৰ্মই ধৰ্ম বুলি আমাৰ গুৰু জনাই কয়,,,
গুৰুজনাই কি কয়,,,,,,?
কৰ্মই দিব লাগে আমাৰ পৰিচয়,,,।
কথাৰে নহয় পৰিচয়,,,
তোমাৰ ব্যবহাৰেই তোমাৰ পৰিচয়,,,
ব্যৱহাৰ ভাল কৰিবা বুলি,,,
আমাৰ মহৎ লোক জনে কয়,,,
মহৎ লোক জনে কি কয়,,,,?
তোমাৰ ব্যৱহাৰেই তোমাৰ পৰিচয়,,।
ব্যবহাৰ ভাল কৰা পাবা ভাল পৰিচয়,,
কৰ্ম কৰিলেই ধৰ্ম হয়,,,
ধৰ্ম হলেই পাবা তুমি তোমাৰ পৰিচয়,,,,
নামেৰে নহয় মোৰ পৰিচয়,,,
মোৰ কৰ্মই মোৰ ধৰ্ম,,,
ধৰ্মই মোৰ দিব পৰিচয়,,,
মোৰ ব্যৱহাৰেই মোৰ পৰিচয়,,,
মই নামৰে নিদিওঁ মোৰ পৰিচয়,,,
মোৰ সপোন ভাঙি পালি কি পৰিচয়,,,,?
আজি মই সুধু তুমি কোন,,,,,?
কি তোমাৰ পৰিচয়,,,,?
হয় মই মধ্যবিত্ত কৰ্ম কৰোঁ,,,,
কৰ্মই মোৰ পৰিচয়,,,
দুৰ্নীতি কৰি টকা ঘটি নিদিওঁ পৰিচয়,,,,
নালাগে কোটি টকাৰ অধিকাৰীৰ পৰিচয়,,, ।
মোক নালাগে দুৰ্নীতি টকাৰ পৰিচয়,,,,
কাম কৰোঁ মই কৰ্মই মোৰ পৰিচয়,,
কাম কৰিলেই পাও মোৰ পৰিচয়,,।
কি কাম কৰোঁ বুলি নিদিওঁ মই পৰিচয়,,,,,?
মোৰ কামৰ পৰা তোমাৰ নহয় কোনো ক্ষয়,,
মোৰ ব্যৱহাৰেই মোৰ পৰিচয়,,,।

নমস্কাৰ       অসম বাসী ৰাইজ আজি আমি  আলোচনাৰ কৰোঁ আহক,,,        পানী(H²0) আৰু পানীৰ কিছুমান নজনা কথা জানো আহক ,,,,,,,,,,...
18/11/2018

নমস্কাৰ
অসম বাসী ৰাইজ আজি আমি আলোচনাৰ কৰোঁ আহক,,,
পানী(H²0) আৰু পানীৰ কিছুমান নজনা কথা জানো আহক ,,,,,,,,,,

পানী(H²0):-

পানীয়েই প্ৰাণীৰ প্ৰাণ। পানীৰ অবিহনে কোনো প্ৰাণীয়েই
জীয়াই থকা অসম্ভৱ অৰ্থাৎ জীয়াই থাকিব নোৱাৰে। কিন্তু পানীয়েই প্ৰাণীৰ শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি কৰে,আৰু পানীয়েই প্ৰাণীৰ বাবে ঘাটকৰ ৰূপ লব পাৰে। পানী মানৱ শৰীৰৰ বাবেও অতি প্ৰয়োজনীয়, আৰু এই পানী কি দৰে খাব লাগে,কেনেদৰে খালে(পিয়া) শৰীৰৰ পক্ষে কোনো ধৰণৰ ৰোগ বা ক্ষতি নহয় তাৰ বিষয়ে আমাৰ আয়ুৰ্বেদ চিকিৎসা শাস্ত্ৰত উল্লেখ কৰি গৈছিল।
আয়ুৰ্বেদ শাস্ত্ৰতত্ব অনুসৰি পানী খোৱা নিয়ম সমূহ অসম বাসীৰ ৰাইজৰ আগত এই লিখনীৰ দ্বাৰা অৱগত কৰিছোঁ,,,,

পানীখোৱা নিয়ম সমূহ:-

আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি খাদ্য খোৱাৰ সময়ত পানী খোৱাটো বিহ খোৱাৰ লগত তুলনা কৰিছে।
কিয়নো,,,,,,?

খাদ্য হজম হবলৈ পেটত জঠৰঅগ্নিয়ে সহায় কৰে।এই অগ্নি পানীৰ স্পৰ্শ লৈ আহিলে অগ্নি নোহোৱা হয় অৰ্থাৎ পতন হয় যাৰ ফলত খাদ্য হজম হবলৈ অসুবিধা দিয়ে অৰ্থাৎ খাদ্য হজম নহয়। সেই হজম নোহোৱা খাদ্যক আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি "আমা" বুলি উল্লেখ কৰিছে। হজম যদি ভালদৰে নহয় তেন্তে পায়খনা ভালদৰে নহয়, পায়খনা ভালদৰে নহয় মানে হজম নোহোৱা খাদ্য খিনি(আমা) পেটত থাকি যায় তাৰ ফলত গেছ, এছিদিতি,(acidity) আলছাৰ,(ulcer) ইউৰিক(uric) এচিড,কোনষ্টিপাছন (constipation) আৰু পাইলচ হয়। মহৰ্ষি বাগৱতৰ চিকিৎসা নীতিৰ "অষ্টঙহৃদয়ম" নামৰ পুথিৰ অনুসৰি ভাতৰ লগত পানী খালে ১০৩ বিধ ৰোগ হয় বুলি উল্লেখ আছে। মহৰ্ষি বাগৱতৰ চিকিৎসা নীতিৰ "অষ্টঙহৃদয়ম"পুথিৰ অনুসৰি খাদ্য খোৱাৰ সময়ত ভালদৰে চোবাই খাব লাগে। ভালকৈ চোবাই খোৱাৰ ফলত মুখৰ পৰা ওলোৱা লালটি লগত খাদ্য মিহলি হৈ যায় আৰু যাৰ ফলত খাদ্য হজম হবলৈ সহায় কৰে।
@* খাদ্য খোৱাৰ 1 ঘণ্টা পাছত পানী খাব লাগে কাৰণ সেই সময়ত শৰীৰক খাদ্যৰ ৰস বনাবলৈ পানী লাগে । খাদ্য খোৱাৰ অতি কমেও ১ঘণ্টা বা ৪৫ মিনিট আগত পানী খাব পাৰে। খাদ্য খাওঁতে পানী খোৱাৰ পৰা পৰাপক্ষত চলিব লাগে, যদিহে খাদ্য খোৱাৰ সময়ত গলত লাগিলে বা অসুবিধা হয় তেতিয়া কম পৰিমাণে কুহুমিয়া গৰম পানী খাব পাৰে।
@* পানী সদায় গৰম পানী খাব লাগে। ঠাণ্ডা পানী খালে শৰীৰৰ বাবে হানি কাৰক সেই কথা আজিৰ বিজ্ঞানেও উল্লেখ কৰিছে। গতিকে ঠাণ্ডা পানী খোৱাটো নিষিদ্ধ ।
@* ৰাতি পুৱা সদায় প্ৰায় ৮০০মি: লি: পৰা ১লি: কুহুমিয়া গৰম পানী খাব লাগে। তেতিয়া গোটেই দিনটো শৰীৰৰ ভিতৰত গৰম নালাগে।
@*পানী সদায় আৰমত বহি লৈ ধীৰে স্থিৰে (লাহে লাহে) অলপ অলপ কৰি খাব লাগে।যদি পানী ঘুত ঘুত কৈ খাই, তেতিয়া পানীৰ গতি বেছি হোৱা বাবে পেটৰ নাৰীত
কষ্ট পায়। তাৰ ফলত এপেন্দিস্ক হোৱাৰ সম্ভাৱনা থাকে।
@* এজন সুস্থ মানুহে নিয়মিত সদায় ৩.৫লি: পৰা ৫লি: পানী খাব লাগে। যদি এইখিনি নাপায় , তেন্তে শৰীৰ গৰম হয় আৰু অগ্নিৰ লক্ষণ বোৰ দেখা দিয়ে ।।।
গৰম লগা গা জ্বলা পুৰা কৰা , পেচাব হালধীয়া হোৱা , খুজটি হোৱা ,খৰ ইত্যাদি,,,,
আয়ুৰ্বেদ শাস্ত্ৰতত্ব অনুসৰি ওপৰত উল্লেখ কৰা ধৰণে পানী খাব লাগে।
ধন্যবাদ
✍️সোনমনি হাজৰিকা,,,,
Panchakarma therapist & leach therapist,,,

Address

Gohpur
784172

Alerts

Be the first to know and let us send you an email when Sn Hzrka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Sn Hzrka:

Share