Shree Samih Bora

Shree Samih Bora A person whose life and behavior are the focus of intense public interest and scrutiny.

আজি অসমৰ ভুমিপুত্ৰ মিচিং জনজাতিৰ কৃষিভৃতিক উৎসৱ আলি-আয়ে-লৃগাং। মিছিং জনগোষ্ঠীৰ সমূহ ভাই -ভনীলৈ এই আলি-আয়ে-লৃগাং উৎসৱৰ ...
18/02/2026

আজি অসমৰ ভুমিপুত্ৰ মিচিং জনজাতিৰ কৃষিভৃতিক উৎসৱ আলি-আয়ে-লৃগাং। মিছিং জনগোষ্ঠীৰ সমূহ ভাই -ভনীলৈ এই আলি-আয়ে-লৃগাং উৎসৱৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्।उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्॥মহাদেৱৰ আশীৰ্বাদে আমাৰ সমাজত শান...
15/02/2026

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्॥

মহাদেৱৰ আশীৰ্বাদে আমাৰ সমাজত শান্তি, ঐক্য আৰু উন্নতিৰ পোহৰ সদায় জ্বলাই ৰাখক।
এই পৱিত্ৰ শিৱৰাত্ৰীৰ শুভক্ষণত সকলো ৰাইজলৈ জনালোঁ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।

সকলোৰে জীৱন সুখ, সমৃদ্ধি আৰু সফলতাৰে ভৰি উঠক — এইয়াই কামনা।

আজি বীৰ চিলাৰায় দিৱস ।অদম্য পৰাক্ৰমী,সাহসী আৰু বীৰত্বৰে দেশপ্ৰেমৰ নিৰ্দশন দাঙি ধৰা কোঁচ সাম্ৰাজ্যৰ প্ৰধান সেনাপতি  মহান...
01/02/2026

আজি বীৰ চিলাৰায় দিৱস ।

অদম্য পৰাক্ৰমী,সাহসী আৰু বীৰত্বৰে দেশপ্ৰেমৰ নিৰ্দশন দাঙি ধৰা কোঁচ সাম্ৰাজ্যৰ প্ৰধান সেনাপতি মহান বীৰযোদ্ধা বীৰ চিলাৰায়ক আজি জন্ম জয়ন্তী ‘চিলাৰায় দিৱস'ত শ্ৰদ্ধাৰে স্মৰণ কৰি জনালো সশ্ৰদ্ধ প্ৰণিপাত।

টাই আহোমসকলৰ পৱিত্ৰ 'মে-ডাম্-মে-ফী' উপলক্ষে সমগ্ৰ অসমবাসীক শুভেচ্ছা জনাইছোঁ ।                                   এই পৱিত্...
31/01/2026

টাই আহোমসকলৰ পৱিত্ৰ 'মে-ডাম্-মে-ফী' উপলক্ষে সমগ্ৰ অসমবাসীক শুভেচ্ছা জনাইছোঁ ।
এই পৱিত্ৰ উৎসৱে সমাজৰ অসূয়া অমংগলসমূহ আঁতৰাই ৰাজ্যখনত অটুট ৰাখক শান্তি, সম্প্ৰীতি আৰু প্ৰগতিৰ পৰিৱেশ।

“জোনধনে জোনালীতে তৰাৱতীক চাইহাতীপটি চিকিমিকি নাচি নাচি যায়৷" অসমৰ সুকণ্ঠী গায়িকা,পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰয়াত দ...
30/01/2026

“জোনধনে জোনালীতে তৰাৱতীক চাই
হাতীপটি চিকিমিকি নাচি নাচি যায়৷"

অসমৰ সুকণ্ঠী গায়িকা,পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰয়াত দিপালী বৰঠাকুৰ বাইদেউক তেখেতৰ জন্মদিনটোত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছো৷

ইতিহাসৰ পাতৰ পৰা জীৱন্ত হৈ উঠা এক মহান নায়কৰ গৌৰৱময় কাহিনী।    আজি সন্ধিয়া গোলাঘাট বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়...
29/01/2026

ইতিহাসৰ পাতৰ পৰা জীৱন্ত হৈ উঠা এক মহান নায়কৰ গৌৰৱময় কাহিনী।
আজি সন্ধিয়া গোলাঘাট বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নব নিৰ্মিত খেলপথাৰত প্ৰজ্ঞাৰ প্ৰযোজনাত মঞ্চস্থ হোৱা “মহানায়ক মহাৰাজ পৃথু” নাটকখন উপভোগ কৰিলোঁ। নাটকৰ প্ৰতিটো দৃশ্য, সংলাপ আৰু অভিনয়ে হৃদয় স্পৰ্শ কৰাৰ লগতে মহাৰাজ পৃথুৰ বীৰত্ব, ন্যায়বোধ আৰু দেশপ্ৰেমৰ আদৰ্শক গভীৰভাৱে অনুভৱ কৰালে কৰালে।
এনেধৰণৰ ঐতিহাসিক নাট্য প্ৰদৰ্শনীৰ জৰিয়তে আমাৰ সংস্কৃতি আৰু গৌৰৱময় ইতিহাস নতুন প্ৰজন্মৰ মাজত জীৱন্ত ৰূপত সংৰক্ষণ হৈ থাকে।
এনে এক সুন্দৰ আৰু প্ৰেৰণাদায়ক অনুষ্ঠান সফলভাৱে আয়োজন কৰাৰ বাবে সকলো আয়োজক, শিল্পী আৰু সহযোগীসকলক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনালোঁ।

বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, গণতান্ত্ৰিক প্ৰমূল্যবোধ, স্বকীয়তা, সমতা, একতা আৰু অখণ্ডতাৰ প্ৰতীক...
26/01/2026

বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, গণতান্ত্ৰিক প্ৰমূল্যবোধ, স্বকীয়তা, সমতা, একতা আৰু অখণ্ডতাৰ প্ৰতীকস্বৰূপ গণৰাজ্য দিৱস উপলক্ষে প্ৰতিজন দেশবাসীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।


দেৱী সৰ্বভূতেষু বিদ্যাৰূপেন সংস্থিতা। নমস্তেসৈ নমস্তেসৈ নমস্তেসৈ নমো নমঃ।।                       বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱ...
23/01/2026

দেৱী সৰ্বভূতেষু বিদ্যাৰূপেন সংস্থিতা।
নমস্তেসৈ নমস্তেসৈ নমস্তেসৈ নমো নমঃ।।
বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা উপলক্ষে সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। বাগদেৱীৰ আশীষেৰে প্ৰজ্ঞাৱান হৈ উঠক সকলোৰে জীৱন।

বেঙেনাখোৱা গাঁও পঞ্চায়ত আয়োজক সমিতিৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া হিন্দু সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ...
21/01/2026

বেঙেনাখোৱা গাঁও পঞ্চায়ত আয়োজক সমিতিৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া হিন্দু সন্মিলনত অংশগ্ৰহণ কৰিবলৈ সকলো ধৰ্মপ্ৰাণ, সচেতন আৰু সংস্কৃতিপ্ৰেমী নাগৰিকলৈ আন্তৰিক আহ্বান জনোৱা হৈছে।

আজি শিল্পী দিৱসৰ পবিত্ৰ দিনটোত মহান শিল্পী ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ।
17/01/2026

আজি শিল্পী দিৱসৰ পবিত্ৰ দিনটোত মহান শিল্পী ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ।

সদৌটিলৈ হেঁপাহৰ ভোগালী বিহু তথা মাঘ বিহুৰ ওলগ আৰু প্ৰীতি ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰতিজন অসমীয়াৰ হৃদয়ত থাকিব মাথো ...
14/01/2026

সদৌটিলৈ হেঁপাহৰ ভোগালী বিহু তথা মাঘ বিহুৰ ওলগ আৰু প্ৰীতি ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰতিজন অসমীয়াৰ হৃদয়ত থাকিব মাথো প্ৰেম-প্ৰীতি,অহিংসা,ন্যায়, সততা, ন -সূচনাৰে এক প্ৰীতিৰ সমন্বয়ৰ এনাজৰীৰে উজ্জ্বলি উঠক সকলোৰে জীৱন ।

আজি উৰুকাৰ এই পবিত্ৰ ক্ষণত সদৌটিলৈকে বাপতি-সাহন ভোগালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ । লগে-ভাগে এসাঁজ খোৱ...
13/01/2026

আজি উৰুকাৰ এই পবিত্ৰ ক্ষণত সদৌটিলৈকে বাপতি-সাহন ভোগালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ । লগে-ভাগে এসাঁজ খোৱাৰ সাতামপুৰুষীয়া পৰম্পৰা অটুট ৰাখি উলহ মালহেৰে পাৰ হওঁক ভোগালীৰ উৰুকা ।।

Address

Golaghat
785621

Telephone

+919577210185

Website

Alerts

Be the first to know and let us send you an email when Shree Samih Bora posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Shree Samih Bora:

Share

Category