26/06/2026
আজি ইংৰাজী ২৬/০৬/২০২৬ (শুক্ৰবাৰ) তাৰিখে "আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস" উপলক্ষে নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ গোলাঘাট আৰু জিলা সমাজ কল্যাণ বিভাগ গোলাঘাটৰ সহযোগত নিচামুক্ত ভাৰত অভিযানৰ অধীনত বেজবৰুৱা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোলাঘাটৰ ক্ৰীড়া প্ৰেক্ষাগৃহ (Sports Complex) ত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত উপস্থিত থাকে গোলাঘাট জিলা সহকাৰী আয়ুক্ত, গোলাঘাট জিলা উপ আৰক্ষী অধীক্ষক, (আইন আৰু নিৰ্দেশনা বিভাগ) , গোলাঘাট জিলা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া,গোলাঘাট জিলা পৰিবহণ বিভাগৰ বিষয়া, শিশু উন্নয়ন প্ৰকল্প বিষয়া, গোলাঘাট জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ৰ বিষয়ববীয়া আৰু শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় গোলাঘাটৰ বিভাগীয় চিকিৎসক সকল আৰু গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মহোদয়ৰ লগতে অংগনবাড়ী কৰ্মচাৰী সকল।
Assam State Anti Drug and Prohibition Council
CMO Assam
Himanta Biswa Sarma
Jitu Borgohain জিতু বৰগোঁহাই