17/08/2026
আজি গোলাঘাট জিলাৰ ধেমাজি কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত মধ্য পৰ্বতীয়াৰ গুৱাল গাঁৱত জিলা কৃষি বিভাগৰ উদ্যোগত বানত ক্ষতিগ্ৰস্ত কৃষকৰ মাজত উন্নত জাতৰ ধানৰ বীজ বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি আনুষ্ঠানিকভাৱে বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ড০ মৃদুল কুমাৰ দত্তই।শেষতীয়া বান পৰিস্থিতিৰ ফলত দেৰগাঁও মধ্য পৰ্বতীয়াৰ গুৱাল গাঁৱকে আদি কৰি অঞ্চলটো ভিন্ন ঠাইৰ খেতি মাটি ডুব যোৱাত কৃষক ৰাইজ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জিলা কৃষি বিভাগে কম দিনৰ ভিতৰত ফলপ্ৰসূ উৎপাদন দেখুৱাবলৈ সক্ষম হোৱা উন্নত জাতৰ চি আৰ ৩১০ জাতৰ ধানৰ বীজ বিতৰণ কৰে। উল্লেখ্য যে, কৃষি বিভাগে যোগান ধৰা এই বীজে বান বিধ্বস্ত কৃষকক কিছু পৰিমাণে সকাহ প্ৰদান কৰিব বুলি উল্লেখ কৰে দেৰগাঁও সমষ্টিৰ বিধায়কগৰাকী। তেখেতে কৃষক ৰাইজক বীজসমূহৰ উচিত ব্যৱহাৰৰ জৰিয়তে উৎপাদন বৃদ্ধিৰ বাবে প্ৰচেষ্টা হাতত ল’বলৈ অনুৰোধ জনায়। আনহাতে এই অনুষ্ঠানত উপস্থিত থাকি জিলা কৃষি বিষয়া ৰঞ্জন বৰুৱাই চি আৰ- ৩১০ জাতৰ ধান খেতিৰ পদ্ধতি সম্পৰ্কে লক্ষ্য ৰাখিবলগীয়া কাৰিকৰী দিশ সম্পৰ্কে কৃষক ৰাইজক অৱগত । কৃষি বিভাগৰ উদ্যোগত আৰম্ভ কৰা এই বীজ বিতৰণ কাৰ্যসূচীয় পৰৱৰ্তী সময়ত মধ্য পৰ্বতীয়া অঞ্চলৰ ভিন্ন গাঁৱত অব্যাহত থাকিব।
CMO Assam
MyGov Assam
Pijush Hazarika
Directorate of Information and Public Relations, Assam
DIPRO Golaghat
District Administration, Golaghat