Office of the Co-District Commissioner, Sarupathar

Office of the Co-District Commissioner, Sarupathar Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Office of the Co-District Commissioner, Sarupathar, Government Organization, S. D. O Civil Office, Golaghat.

সৰুপথাৰ সমজিলাত ৮০ সংখ্যক স্বাধীনতা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন​সৰুপথাৰ, ১৫ আগষ্ট, ২০২৬: সমগ্ৰ দেশৰ লগতে সমান্তৰালভ...
15/08/2026

সৰুপথাৰ সমজিলাত ৮০ সংখ্যক স্বাধীনতা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন

​সৰুপথাৰ, ১৫ আগষ্ট, ২০২৬: সমগ্ৰ দেশৰ লগতে সমান্তৰালভাৱে সৰুপথাৰ সমজিলাতো আজি উলহ-মালহেৰে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। সমজিলাখনৰ কেন্দ্ৰীয় কাৰ্যসূচী সৰুপথাৰৰ সেৱাগুৰি খেলপথাৰত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত সৰুপথাৰ সমজিলাৰ সমজিলা আয়ুক্ত শ্ৰীযুতা মিতালী লহকৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকি আনুষ্ঠানিকভাৱে জাতীয় পতাকা উত্তোলন কৰে আৰু কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

​উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী বিশ্বজিৎ ফুকন, সৰুপথাৰ সমজিলা প্ৰশাসনৰ বিষয়া সকল, সৰুপথাৰ আৰু বৰপথাৰ পৌৰসভাৰ পৌৰপতিদ্বয়, সমজিলা আৰক্ষী অধীক্ষক শ্ৰী দিপেন পাটৰ, স্বহীদ কুশল কোঁৱৰৰ পৰিয়ালবৰ্গৰ লগতে ৬১ গৰাকী স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালবৰ্গ উপস্থিত থাকে। এইসকল সন্মানীয় ব্যক্তিৰ উপস্থিতিয়ে দিৱসটিৰ মৰ্যাদা আৰু অধিক বৃদ্ধি কৰে।

​মুখ্য অতিথিগৰাকীয়ে তেখেতৰ বক্তব্যত ৰাজ্য চৰকাৰে সৰুপথাৰ সমজিলাৰ জনসাধাৰণৰ কল্যাণ তথা সামগ্ৰিক বিকাশৰ বাবে হাতত লোৱা বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ এক খতিয়ান দাঙি ধৰে আৰু ৰাইজলৈ স্বাধনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত স্থানীয় সাংস্কৃতিক দলসমূহে প্ৰদৰ্শন কৰা মনোৰম পৰম্পৰাগত আৰু দেশভক্তিমূলক নৃত্য-গীতে উপস্থিত ৰাইজক বিশেষভাৱে আপ্লুত কৰে।

​প্ৰায় চাৰি হাজাৰ ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণেৰে সৰুপথাৰবাসীৰ দেশপ্ৰেম আৰু সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰা এই কাৰ্যসূচীৰ সফল সামৰণি পৰে। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সমজিলা প্ৰশাসনৰ উদ্যোগত সমজিলা প্ৰশাসন একাদশ আৰু সাংবাদিক একাদশৰ মাজত এখনি প্ৰীতি ফুটবল খেল অনুষ্ঠিত কৰা হয়।

স্বাধীনতা দিৱস উদযাপন উপলক্ষে সমগ্ৰ দেশৰ লগতে সৰুপথাৰ সমজিলাতো ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ অধীনত এক সুশংখলিত ‘ত্ৰিৰংগা চ...
12/08/2026

স্বাধীনতা দিৱস উদযাপন উপলক্ষে সমগ্ৰ দেশৰ লগতে সৰুপথাৰ সমজিলাতো ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ অধীনত এক সুশংখলিত ‘ত্ৰিৰংগা চাইকেল ৰেলী’ অনুষ্ঠিত হয়।

সমজিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই সজাগতামূলক সমদলত সহকাৰী আয়ুক্ত, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী, প্ৰতিনিধি আৰু সচেতন নাগৰিকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

সমগ্ৰ অসমৰ লগতে আজি সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বিভিন্ন সুলভ মূল্যৰ দোকানত ৰেহাই মূল্যৰ মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচীৰ...
11/08/2026

সমগ্ৰ অসমৰ লগতে আজি সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বিভিন্ন সুলভ মূল্যৰ দোকানত ৰেহাই মূল্যৰ মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচীৰ পুনৰ শুভাৰম্ভ কৰা হয়। চুঙাজান জিপিএছএছ (GPSS)-ৰ অধীনস্থ অনিমা বৰা আৰু দীপ্তি ফুকনৰ সুলভ মূল্যৰ দোকানত অনুষ্ঠিত কাৰ্যসূচীত সৰুপথাৰ সমষ্টিৰ মাণনীয় বিধায়ক বিশ্বজিৎ ফুকন আৰু গাঁও পঞ্চায়তৰ সদস্যসকল উপস্থিত থাকে।

আজি সৰুপথাৰ সমজিলাৰ বৰবিল আৰু বৰবালি অঞ্চলত সমজিলা আয়ুক্ত মিতালী লহকৰ উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়।  পৰিদৰ্শনকালত ত...
07/08/2026

আজি সৰুপথাৰ সমজিলাৰ বৰবিল আৰু বৰবালি অঞ্চলত সমজিলা আয়ুক্ত মিতালী লহকৰ উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়। পৰিদৰ্শনকালত তেওঁ প্ৰভাৱিত ৰাইজৰ সৈতে মত বিনিময় কৰে আৰু সমজিলা প্ৰশাসনৰ তৰফৰ পৰা জৰুৰী সাহাৰ্য আৰু প্ৰয়োজনীয় সাহায্য প্ৰদানৰ নিৰ্দেশনা দিয়ে।

আজি সৰুপথাৰ সমজিলাৰ আমগুৰি বচাপথাৰৰ বান সাহাৰ্য শিবিৰত সমজিলা আয়ুক্ত মিতালী লহকৰ উপস্থিত হৈ শিবিৰবাসীৰ অৱস্থাৰ বুজ লয়। ...
07/08/2026

আজি সৰুপথাৰ সমজিলাৰ আমগুৰি বচাপথাৰৰ বান সাহাৰ্য শিবিৰত সমজিলা আয়ুক্ত মিতালী লহকৰ উপস্থিত হৈ শিবিৰবাসীৰ অৱস্থাৰ বুজ লয়। সমজিলা আয়ুক্ত গৰাকীয়ে চিকিৎসা আৰু খাদ্য যোগান সুচাৰুৰূপে চলাই নিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।

সৰুপথাৰ সমজিলাত জৰুৰীকালীন সময়ত উদ্ধাৰ কাৰ্যৰ বাবে ৰাইজক এইটো নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল - 8812060734
05/08/2026

সৰুপথাৰ সমজিলাত জৰুৰীকালীন সময়ত উদ্ধাৰ কাৰ্যৰ বাবে ৰাইজক এইটো নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল - 8812060734

সৰুপথাৰ সমজিলা প্ৰশাসনৰ জৰুৰী সতৰ্কবাণী!

​সম্ভাব্য বানপানীৰ প্ৰতি লক্ষ্য ৰাখি নৈ-পৰীয়া ৰাইজক সজাগ আৰু সতৰ্ক হ’বলৈ আহ্বান জনোৱা হৈছে। সুৰক্ষিত থাকক আৰু সম জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাসমূহ পালন কৰক।

​📞 জৰুৰীকালীন সাহায্যৰ বাবে যোগাযোগ কৰক: ০৩৭৭৪-২৪৬৪০৫ / 8812060734

চাৰিফালে কৃষিভূমি থকা সৰুপথাৰৰ ইকৰাণীত এটা কালভাৰ্ট আৱদ্ধ হৈ কৃষিভূমিত পানী জমা হোৱা সন্দৰ্ভত স্থানীয় ৰাইজৰ অভিযোগ লাভ ক...
05/08/2026

চাৰিফালে কৃষিভূমি থকা সৰুপথাৰৰ ইকৰাণীত এটা কালভাৰ্ট আৱদ্ধ হৈ কৃষিভূমিত পানী জমা হোৱা সন্দৰ্ভত স্থানীয় ৰাইজৰ অভিযোগ লাভ কৰাৰ পাছত, আজি সৰুপথাৰ সম-জিলা প্ৰশাসনে তৎপৰতাৰে উক্ত নলাটো পৰিষ্কাৰ কৰি পানীৰ স্বাভাবিক প্ৰবাহ পুনৰাই তোলে। এই পৰিষ্কাৰ অভিযানৰ সময়ত সৰুপথাৰৰ সম-জিলা আয়ুক্ত মিতালী লহকৰ আৰু সহকাৰী আয়ুক্ত নিজে উপস্থিত থাকে।

আজি সৰুপথাৰ সমজিলা প্ৰশাসনৰ উদ্যোগত সমজিলা আয়ুক্ত মিতালী লহকৰ, চক্ৰ বিষয়া আৰু সহকাৰী আয়ুক্ত গৰাকীয়ে সৰুপথাৰ সম জিলা ...
31/07/2026

আজি সৰুপথাৰ সমজিলা প্ৰশাসনৰ উদ্যোগত সমজিলা আয়ুক্ত মিতালী লহকৰ, চক্ৰ বিষয়া আৰু সহকাৰী আয়ুক্ত গৰাকীয়ে সৰুপথাৰ সম জিলা অন্তৰ্গত গড়গাঁও গাঁৱত উপস্থিত হৈ অঞ্চলটোৰ জলস্তৰৰ বুজ লয় আৰু সম্ভাব্য বান পৰিস্থিতিৰ অগ্ৰগতি পৰ্যালোচনা কৰে।

​জলস্তৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ সমজিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো ধৰণৰ প্ৰস্তুতি আৰু নিৰীক্ষণ অব্যাহত ৰখা হৈছে।

সৰুপথাৰ সমজিলাত জৰুৰীকালীন সময়ত উদ্ধাৰ কাৰ্য্যৰ বাবে ৰাইজক এইটো নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হল - 8812060734

সৰুপথাৰ সমজিলাৰ ৰেলৱে লাইনৰ কাষৰীয়া অঞ্চলসমূহত কৃত্ৰিম বান, পানীৰ স্বাভাৱিক প্ৰবাহত বাধা আৰু পথ অৱৰোধৰ দৰে সমস্যাসমূহৰ ...
30/07/2026

সৰুপথাৰ সমজিলাৰ ৰেলৱে লাইনৰ কাষৰীয়া অঞ্চলসমূহত কৃত্ৰিম বান, পানীৰ স্বাভাৱিক প্ৰবাহত বাধা আৰু পথ অৱৰোধৰ দৰে সমস্যাসমূহৰ প্ৰত্যক্ষ বুজ লয় সৰুপথাৰ সমজিলা আয়ুক্ত মিতালী লহকৰে।

সৰুপথাৰ আৰু বৰপথাৰ পৌৰসভাৰ পৌৰপতিদ্বয়, উত্তৰ-পূব সীমান্ত ৰেলৱে , লোকনিৰ্মাণ বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গৰ উপস্থিতিত এই সন্দৰ্ভত বিষদ আলোচনা অনুষ্ঠিত হয়।

নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণ আৰু দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ গেট মুকলি কৰি দিয়াৰ ফলত বৃদ্ধি পোৱা জলস্তৰৰ বুজ ল...
24/07/2026

নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণ আৰু দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ গেট মুকলি কৰি দিয়াৰ ফলত বৃদ্ধি পোৱা জলস্তৰৰ বুজ ল’বলৈ সৰুপথাৰ সমজিলাৰ বৰবালী অঞ্চলত উপস্থিত হয় সমজিলা আয়ুক্ত মিতালী লহকৰ। পৰিদৰ্শনকালত সীমান্ত দণ্ডাধীশ আৰু সহকাৰী আয়ুক্তও উপস্থিত থাকে। ইয়াৰ সমান্তৰালকৈ নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হয়।

সৰুপথাৰ সমজিলাত জৰুৰীকালীন সময়ত উদ্ধাৰ কাৰ্য্যৰ বাবে ৰাইজক এইটো নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হল - 8812060734

Address

S. D. O Civil Office
Golaghat
785601

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9:30am - 5pm
Saturday 9:30am - 5pm

Telephone

+913774277009

Website

Alerts

Be the first to know and let us send you an email when Office of the Co-District Commissioner, Sarupathar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Office of the Co-District Commissioner, Sarupathar:

Shortcuts

Share