District Administration, Golaghat

District Administration, Golaghat Official page of Golaghat District Administration

আজি ৰাইজৰ অভিযোগৰ ভিত্তিত ফৰকাটিং আৱকাৰী চক্ৰৰ এটা দলে বিজয়পুৰ আৰু মেৰাপানী অঞ্চলৰ বিভিন্ন স্থানত এক অভিযান চলায়। অভিয...
28/08/2026

আজি ৰাইজৰ অভিযোগৰ ভিত্তিত ফৰকাটিং আৱকাৰী চক্ৰৰ এটা দলে বিজয়পুৰ আৰু মেৰাপানী অঞ্চলৰ বিভিন্ন স্থানত এক অভিযান চলায়। অভিযানকালত ৫টা স্থানৰ পৰা ৪৫০ লিটাৰ পঁচা গোট, ৪টা মদ প্ৰস্তুত কৰা সঁজুলি, ৪০ লিটাৰ সুৰা, ২.৩৪ বাল্ক লিটাৰ বিলাতী সুৰা আৰু ৯.৪৫ বাল্ক লিটাৰ বিয়েৰ জব্দ কৰি থিতাতে বিনষ্ট কৰা হয়।
CMO Assam
Atul Bora অতুল বৰা
Directorate of Information and Public Relations, Assam
DIPRO Golaghat

ইণ্ডিয়া স্কিল প্ৰতিযোগিতা ২০২৬-২৭ ✨🎉📌 অনলাইন পঞ্জীয়ন অন্তিম তাৰিখ:👉 ১৫ ছেপ্টেম্বৰ ২০২৬🏆 প্ৰতিযোগিতাৰ পৰ্যায়সমূহ:🔹 ৰাজ...
28/08/2026

ইণ্ডিয়া স্কিল প্ৰতিযোগিতা ২০২৬-২৭ ✨🎉

📌 অনলাইন পঞ্জীয়ন অন্তিম তাৰিখ:
👉 ১৫ ছেপ্টেম্বৰ ২০২৬

🏆 প্ৰতিযোগিতাৰ পৰ্যায়সমূহ:
🔹 ৰাজ্যিক পৰ্যায় – নৱেম্বৰ ২০২৬ বা তাৰ পাছত

👥 কাক অংশগ্ৰহণৰ সুযোগ আছে?
✅ বয়স (০১.০১.২০০৬ তাৰিখত বা তাৰ পিছত জন্ম হোৱা সকল ব্যাক্তিগত দক্ষতাৰ বাবে আৰু ০১.০১.২০০৩ পাছত দলীয় প্ৰাৰ্থীত্বৰ বাবে
✅ কোনো পূৰ্ব-যোগ্যতা প্ৰয়োজন নহয় – কেৱল বয়সৰ মানদণ্ড!

🎯 ধৰণ: ব্যাক্তিগত দক্ষতা / দলীয় দক্ষতা

🎁 পুৰস্কাৰ আৰু স্বীকৃতি:
✨ সকলো অংশগ্ৰহণকাৰীক অংশগ্ৰহণ প্ৰমাণপত্র (ৰাজ্যিক পৰ্যায়)
✨ ৰাজ্যিক পৰ্যায়ৰ বিজয়ী আৰু দ্বিতীয় স্থানপ্ৰাপ্তক পদক আৰু প্ৰমাণপত্র প্ৰদান কৰা হ’ব

🚀 আপোনাৰ উৎসাহ আৰু প্ৰতিভা দেখুৱাওক বিশ্বৰ সৰ্ববৃহৎ মঞ্চত!
আপোনাৰ দক্ষতা, আপোনাৰ পৰিচয়। দক্ষতাৰ বৃহৎ প্রতিযোগিতাৰ বাবে আজিয়ে পঞ্জীয়ন কৰক আধাৰ কাৰ্ডৰ সৈতে
https://www.skillindiadigital.gov.in/account/register?returnUrl=%2Findia-skills-competition
CMO Assam
Directorate of Information and Public Relations, Assam
DIPRO Golaghat

28/08/2026
গোলাঘাট চহৰখনত শৃংখলাবদ্ধ আৰু নিয়ন্ত্ৰিত যাতায়ত ব্যৱস্থা তথা   নাগৰিকৰ সুবিধাৰ বাবে জিলা দণ্ডাধীশৰ তৰফৰ পৰা  কিছু বিশে...
26/08/2026

গোলাঘাট চহৰখনত শৃংখলাবদ্ধ আৰু নিয়ন্ত্ৰিত যাতায়ত ব্যৱস্থা তথা নাগৰিকৰ সুবিধাৰ বাবে জিলা দণ্ডাধীশৰ তৰফৰ পৰা কিছু বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে । এই মৰ্মে --

ক) গোলাঘাট পৌৰ সভাৰ নিয়ন্ত্ৰণাধীন এলেকা অথবা ইয়াৰ ৩ কিমি ব্যাসাৰ্দ্ধৰ অন্তৰ্ৱৰ্তী এলেকাত প্ৰচলিত ই ৰিক্সা আৰু ই ভি অটোলৈ আগন্তুক ২৮ আগষ্টৰ পৰা ৩ ছেপ্তেম্বৰৰ সময়সীমাৰ ভিতৰত গোলাঘাট পৌৰ সভাৰ কৰ্তৃত্বাধীন বাহন তালিকাকৰণ তথা পঞ্জীয়নৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ।

খ) সম্পূৰ্ণ বিনামূলীয়া এই পঞ্জীয়ন প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাৰ স্থান - সমন্বয় ক্ষেত্ৰ, গোলাঘাট
সময়: ৰাতিপুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈ

গ) এই প্ৰক্ৰিয়াত গৰাকী তথা চালকৰ চৰকাৰী পৰিচয় নথি, ঠিকনাৰ প্ৰমাণ পত্ৰ, আধাৰ কাৰ্ড, যোগাযোগৰ বাবে ফোন নং, চালকৰ ড্ৰাইভিং লাইচেন্স আদি নথিসমূহৰ প্ৰতিলিপি দাখিল কৰিব লাগিব।
CMO Assam
Directorate of Information and Public Relations, Assam
DIPRO Golaghat

গোলাঘাট জিলাৰ জ্যেষ্ঠ স্বাধীনতা সংগ্ৰামী, ১০৫ বছৰীয়া পুণাৰাম চুটিয়া ডাঙৰীয়াৰ বিয়োগত গোলাঘাট জিলা প্ৰশাসনে গভীৰ শোক প্রক...
25/08/2026

গোলাঘাট জিলাৰ জ্যেষ্ঠ স্বাধীনতা সংগ্ৰামী, ১০৫ বছৰীয়া পুণাৰাম চুটিয়া ডাঙৰীয়াৰ বিয়োগত গোলাঘাট জিলা প্ৰশাসনে গভীৰ শোক প্রকাশ কৰিছে।

​জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা আয়ুক্ত শ্ৰী বিশ্বজিৎ ফুকনে পবিত্ৰ আত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি সম্পূর্ণ ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ শেষ কৃত্য সম্পন্ন কৰা হয়। অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী বিভাষ দাস আৰু গোলাঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শ্ৰীমতী বিলিভিয়া চৌধুৰী উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

​অসমৰ স্বাধীনতা আন্দোলনলৈ তেখেতে আগবঢ়োৱা অতুলনীয় অৱদান অনবদ্য হৈ ৰ’ব। দেৱাঙ্গত আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰা হৈছে।
CMO Assam
Directorate of Information and Public Relations, Assam
DIPRO Golaghat

*গুৰুত্বপূৰ্ণ জাননী*​কচুপথাৰৰ স্বৰ্গীয় জুস্মিতা বৰাৰ মৃত্যুৰ ঘটনা সম্পৰ্কত তদন্তৰ বাবে এক ৰাজহুৱা শুনানীৰ আয়োজন কৰা হৈ...
25/08/2026

*গুৰুত্বপূৰ্ণ জাননী*

​কচুপথাৰৰ স্বৰ্গীয় জুস্মিতা বৰাৰ মৃত্যুৰ ঘটনা সম্পৰ্কত তদন্তৰ বাবে এক ৰাজহুৱা শুনানীৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত তথ্য বা বক্তব্য আগবঢ়াব বিচৰা সকলো ব্যক্তিক এই শুনানীত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।

- ​স্থান: কাৰ্যবাহী দণ্ডাধীশৰ কাৰ্যালয় (কোঠা নং C12, ৩য় মহলা, জিলা আয়ুক্তৰ কাৰ্যালয়, গোলাঘাট)

- ​তাৰিখ: ২৬/০৮/২০২৬ ৰ পৰা ২৯/০৮/২০২৬ লৈ

- ​সময়: পুৱা ১১:০০ বজাৰ পৰা আবেলি ২:০০ বজালৈ
CMO Assam
Directorate of Information and Public Relations, Assam
DIPRO Golaghat

গোলাঘাট চহৰখনত শৃংখলাবদ্ধ আৰু নিয়ন্ত্ৰিত যাতায়ত ব্যৱস্থা তথা   নাগৰিকৰ সুবিধাৰ বাবে জিলা দণ্ডাধীশৰ তৰফৰ পৰা  কিছু বিশে...
24/08/2026

গোলাঘাট চহৰখনত শৃংখলাবদ্ধ আৰু নিয়ন্ত্ৰিত যাতায়ত ব্যৱস্থা তথা নাগৰিকৰ সুবিধাৰ বাবে জিলা দণ্ডাধীশৰ তৰফৰ পৰা কিছু বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে । এই মৰ্মে --
ক) গোলাঘাট পৌৰ সভাৰ নিয়ন্ত্ৰণাধীন এলেকা অথবা ইয়াৰ ৩ কিমি ব্যাসাৰ্দ্ধৰ অন্তৰ্ৱৰ্তী এলেকাত প্ৰচলিত ই ৰিক্সা আৰু ই ভি অটোলৈ আগন্তুক ২৮ আগষ্টৰ পৰা ৩ ছেপ্তেম্বৰৰ সময়সীমাৰ ভিতৰত গোলাঘাট পৌৰ সভাৰ কৰ্তৃত্বাধীন বাহন তালিকাকৰণ তথা পঞ্জীয়নৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ।

খ) সম্পূৰ্ণ বিনামূলীয়া এই পঞ্জীয়ন প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাৰ স্থান -
১) গোলাঘাট পৌৰ সভা
অথবা
২) জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়
গ) এই প্ৰক্ৰিয়াত গৰাকী তথা চালকৰ চৰকাৰী পৰিচয় নথি, ঠিকনাৰ প্ৰমাণ পত্ৰ, আধাৰ কাৰ্ড, যোগাযোগৰ বাবে ফোন নং, চালকৰ ড্ৰাইভিং লাইচেন্স আদি নথিসমূহৰ প্ৰতিলিপি দাখিল কৰিব লাগিব।

জনস্বাৰ্থ সম্বলিত এই আদেশৰ বিশদ প্ৰতিলিপি ইয়াৰ জৰিয়তে প্ৰকাশ কৰা হ'ল
CMO Assam
Directorate of Information and Public Relations, Assam

20/08/2026

আপোনাৰ সজাগতাই আপোনাৰ ভৱিষ্যত সুৰক্ষিত কৰিব।

লোকপিয়ল ২০২৭ৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকা আৰু গৃহ পিয়লৰ তথ্য সংগ্ৰহ প্ৰক্ৰিয়াত গণনাকাৰীসকলক শুদ্ধ তথ্য প্ৰদানেৰে সহযোগিতা আগবঢ়াই দেশৰ উন্নয়নৰ যাত্ৰাত সহযাত্ৰী হও আহক।

20/08/2026

Census 2027
Our Census, Our Development

Everyone will be counted.

Cooperate with enumerators by providing accurate household information

20/08/2026

লোকপিয়ল ২০২৭

আমাৰ লোকপিয়ল, আমাৰ বিকাশ

আপোনাৰ বাসগৃহৰ শুদ্ধ তথ্য প্ৰদান কৰি লোকপিয়ল ২০২৭ৰ অংশীদাৰ হওক

Address

Office Of The District Commissioner, Court Road
Golaghat
785621

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+913774280222

Alerts

Be the first to know and let us send you an email when District Administration, Golaghat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to District Administration, Golaghat:

Shortcuts

Share