14/03/2026
ফাগুণে আনে ধূলীময় ভাৱনাৰ আকাশ
শাওনৰ সূণাৰু হালধীয়া...........
তোমাৰ........
বিৰিয়া দাঁতৰ ফাঁকেৰে ওলাই অহা
দুই উঠঁৰ হাঁহি
আজি মৰুময়.................!
এতিয়া পলাশ ,মদাৰ ,শিমলুৰ.....
হিয়াত ৰঙা ৰঙৰ বোল,
তলসৰা............
ডাল-পাতৰ বিষাদৰ উচুপনি
নিসংগতাৰ
উৰুঙা হিয়ালৈ..........
ফাগুণৰ পচোৱাজাক মাজত
ভাহি আহা..............................
কোনো গৰখীয়াৰ বাঁহিৰ মাতত যেন
বৰদৈচিলাজনিয়ে লৈ আহে.....
বিষাদৰ এজাক বৰষুণ ।
✒...............................
⤵⤵⤵⤵⤵⤵⤵⤵⤵⤵⤵⤵⤵⤵⤵
Ruhini Axom Gogoi