11/01/2023
আজি শিমলুটাপু ব্লক চৰ মছজিদৰ উন্নতি কল্পে আয়োজন কৰা এক বিৰাট ধৰ্মীয় সভাত অগনন ধৰ্মপ্ৰাণ লোকৰ লগতে মই নিজেও আমন্ত্ৰিত মুখ্য অতিথি হিচাপে উপস্থিত থাকো। মাননীয় মৌলানা ৰফিকুল ইছলাম চাহাবে সভাপতিত্ব কৰা উক্ত ধৰ্মীয় সভাৰ যোগেদি শিমুলটাপু ব্লক চৰ মছজিদৰ উন্নতি কল্পে সভা সমিতিক মই মোৰ তৰফৰ পৰা ৩০ হাজাৰ টকাৰ আৰ্থিক বৰঙনি আগবঢ়াও। অভ্যৰ্থনা সমিতিয়ে মোক মূখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে মই ধন্যবাদ জনাইছো আৰু মহান সৃষ্টি কৰ্তা পৰমেশ্বৰৰ ওচৰত উপস্থিত সকলো ধৰ্মপ্ৰাণ ৰাইজৰ লগতে গোটেই অসম বাসীৰ বাবে মংগল কামনা কৰাৰ লগতে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলো।
Himanta Biswa Sarma
Bhabesh kalita ভৱেশ কলিতা
Pramod Boro
Pijush Hazarika